নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীয়ে দিল্লীত খেলিলে ষ্ট্ৰীট ক্ৰিকেট, লগত কপিল দেৱ
নিউজ ডেস্ক, ১৯ মাৰ্চঃ বৰ্তমান ভাৰত ভ্ৰমণত আছে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্টোফাৰ লাক্সন৷ আজি দিল্লীত শিশুৰ সৈতে ষ্ট্ৰীট ক্ৰিকেট খেলে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইটাৰ উইকেট বনাই বাটত সীমাৰেখা অংকন কৰি তেওঁলোকেও সাধাৰণ মানুহৰ দৰেই খেল উপভোগ কৰিছিল। তেওঁৰ প্ৰতিদ্বন্দ্বীসকলৰ ভিতৰত আছিল নিউজিলেণ্ডৰ প্ৰবীণ ৰছ টেইলৰ আৰু স্পিনাৰ আজাজ পেটেল আৰু তেওঁৰ দলত খেলি থকা ভাৰতীয় বিশ্বকাপ বিজয়ী অধিনায়ক কপিল দেৱে তেওঁক সহায় কৰিছিল।
ইয়াৰ পূৰ্বে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্টোফাৰ লাক্সনে দিল্লীত প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু ৰাষ্ট্রপতি দ্ৰৌপদী মুর্মুকো সাক্ষাৎ কৰিছিল৷ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ৰাকাবগঞ্জ চাহাবলৈ গৈছিল, য’ত তেওঁক সন্মান জনোৱা হৈছিল। ৰছ টেইলৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো সাক্ষাৎ কৰে, যাৰ ফটো তেওঁ নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত শ্বেয়াৰ কৰে। দিল্লীৰ ৰাজপথত সকলোৱে ষ্ট্ৰীট ক্ৰিকেট খেলি থকা দেখা গ’ল নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীয়ে নিজৰ ছ’চিয়েল মিডিয়াত ইয়াৰ ফটো শ্বেয়াৰ কৰিলে; এই সময়তে যেতিয়া নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীয়ে ইজাজ পেটেলৰ কেচ ধৰিলে, তেতিয়া উইকেটৰ পিছফালে থিয় হৈ থকা কপিল দেৱেও অতি সুখী আৰু আচৰিত হৈ পৰে। ইজাজ আৰু ৰছ টেইলৰেও তেওঁৰ কেচৰ প্ৰশংসা কৰে।
প্ৰধানমন্ত্ৰী ক্রিষ্টোফাৰ লাক্সনে নিজৰ ছ’চিয়েল মিডিয়াত ফটোখন শ্বেয়াৰ কৰি লিখিছে, “ক্রিকেটৰ প্রতি আমাৰ শ্বেয়াৰ কৰা প্রেমতকৈ বেছি একোৱেই নিউজিলেণ্ড আৰু ভাৰতক একত্ৰিত নকৰে৷”