নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ বিঘাই বিঘাই মাটিত মাকৈ খেতিৰে কৰ্মসংস্থাপনৰ পথ মুকলি কৰি এক বহুতোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ধুবুৰীৰ কাচাৰীহাট গাওঁ পঞ্চায়তৰ অন্তৰ্গত শৌলমাৰী প্ৰথম খণ্ডৰ চাৰিজনকৈ কৃষকে। কৃষি বিভাগৰ পৰা কোনো ধৰণৰ ইতিবাচক সহাৰি নাপালেও থমকি ৰোৱা নাই তেওঁলোক। নিজৰ গাঁঠিৰ ধনেৰে শৌলমাৰী প্ৰথম খণ্ড গাওঁত কৃষি মাকৈৰ খেতি কৰি সাফল্য লাভি এতিয়া মুখত সাফল্যৰ হাঁহি গাঁওখনৰ নিৰঞ্জন অধিকাৰী, সন্তোষ কুমাৰ ৰায়, আলী শ্বেখ আৰু তৰুণা কান্ত নামৰ কৃষক কেইগৰাকীৰ। অসমৰ পৰাই কেবল নহয়; পশ্চিমবংগৰ কোচবিহাৰৰ পৰা কেজি প্ৰতি ৭০০/৮০০ টকাকৈ বীজ ক্ৰয় কৰি প্ৰায় ৪০ বিঘা মাটিত মাকৈ খেতি কৰিছিল তেওঁলোক। তেওঁলোকৰ মতে ধান অথবা সৰিয়হ খেতিতকৈ অধিক লাভদায়ক হ’ল মাকৈৰ খেতি। প্ৰতি বিঘাত ২ কেজি ৫০০ গ্ৰামকৈ মাকৈৰ বীজ ৰোপন কৰি বিঘাই নুন্যতম ১০ ৰ পৰা ১১ কুইণ্টল তথা সৰ্বাধিক ১৫ৰ পৰা ১৭ কুইণ্টলপৰ্যন্ত মাকৈ উৎপাদন কৰিব পাৰি বুলিও সদৰি কৰিছে কৃষক কেই গৰাকীয়ে। পূৰঠ হোৱাৰ পিছত পাইকাৰে প্ৰতি কুইন্টল মাকৈৰ দৰ ১৫০০ৰ পৰা ২২০০ টকাত ক্ৰয় কৰে বুলিও জনাইছে তেওঁলোক। অৱশ্যে মাকৈৰ পাইকাৰী দৰ বজাৰ মূল্যতকৈ বহু কম বুলি আক্ষেপ আছে তেওঁলোকৰ। পিছে মাকৈ খেতিৰে সফলতা লভি ধুবুৰীৰ গ্ৰামাঞ্চলৰ কৃষিজীৱি ৰাইজৰ বাবে নতুন এক সম্ভাৱনাৰ পথ মোকলাই বহুতোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে শৌলমাৰীৰ সেই কৃষক চাৰিগৰাকী। অৱশ্যে মাকৈ খেতিৰ সম্ভাবনাময় এই ক্ষেত্ৰখনক আগুৱাই নিয়াৰ বাবে প্ৰয়োজন আছে চৰকাৰী পৃষ্ঠপোষকতাৰ, মধ্যভোগীৰ ঠাইত মাকৈ জাতীয় সামগ্ৰীৰে বিভিন্ন ধৰণৰ খাদ্য-দ্ৰব্য উৎপাদনৰ সৈতে জড়িত বহু জাতিক কোম্পানীবোৰৰ সৈতে প্ৰত্যক্ষ যোগাযোগ গঢ়ি তোলাৰ।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী