বর্ষাপাৰাত আজি ৰাজস্থান ৰয়েলছৰ সন্মুখত নাইট ৰাইডার্ছ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ মাৰ্চঃ চলিত আইপিএলত আৰম্ভণি সুখকৰ নাছিল ৰাজস্থান ৰয়েলছৰ লগতে ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডার্ছৰ৷ প্রতিযোগিতাখনৰ নিজৰ প্রথমখন মেচতে পৰাজয়ৰ সন্মুখীন হয় দুয়োটা দল৷ সেয়েহে আজি গুৱাহাটীৰ বর্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত হ’বলগীয়া আইপিএলৰ মেচখন দুয়োটা দলৰ বাবে গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে৷ ৰাজস্থাল ৰয়েলছৰ প্রথম তিনিখন মেচত অধিনায়কৰ দায়িত্ব লাভ কৰা অসম সন্তান ৰিয়ান পৰাগৰ বাবে আজিৰ মেচখন বিশেষ গুৰুত্বপূর্ণ হিচাপে বিবেচিত হ’ব৷ অধিনায়ক হিচাপে ঘৰৰ মাটিত প্রথমখন মেচ খেলিব ৰিয়ানে৷ ঘৰুৱা দর্শকৰ সমর্থন লাভ কৰি কাইলৈৰ মেচখনত কলকাতা নাইট ৰাইডার্ছক পৰাস্ত কৰাত বিশেষ অসুবিধা নহ’ব ৰাজস্থান বাহিনীৰ বাবে৷ অৱশ্যে কলকাতাক সহজভাৱে ল’ব বিচৰা নাই ৰিয়ান বাহিনীয়ে৷ ডিফেণ্ডিং চেম্পিয়ন দলটোত কেইবাগৰাকীও তাৰকা খেলুৱৈ আছে, যিয়ে যিকোনো সময়তে খেলৰ গতি সলনি কৰিব দিব পাৰে৷ গতিকে, মেচখনত বিশেষ ৰণনীতি তৈয়াৰ কৰি নামিব ৰাজস্থান ৰয়েলছ৷ প্রতিযোগিতাখনত প্রত্যাৱর্তন কৰাৰ বাবে কাইলৈৰ মেচখনত জয়লাভ কৰাটো দুয়োটা দলৰ প্রধান লক্ষ্য যদিও ঘৰুৱা দল হিচাপে ৰাজস্থান ৰয়েলছক মেচখনত ফেভাৰিট হিচাপে আখ্যা দিয়া হৈছে৷ আইপিএলৰ ইতিহাসত এতিয়ালৈকে দুয়োটা দলে ৩০বাৰ মুখামুখি হৈছে আৰু ১৪বাৰকৈ দুয়োটা দলে জয়ৰ মুখ দেখিছে৷ ফলাফলবিহীনভাৱে দুখন মেচ সমাপ্ত হয়৷ ইফালে, ২০২২ চনৰ পৰা কলকাতা নাইট ৰাইডার্ছৰ হাতত পৰাজয়ৰ মুখ দেখা নাই ৰাজস্থান ৰয়েলছে৷ গতিকে, মেচখনতো কেকেআৰৰ বিপক্ষে জয়ৰ ধাৰা অব্যাহত ৰখাৰ লক্ষ্য লৈছে ৰিয়ানবাহিনীয়ে৷ যশস্বী জয়ছোৱাল আৰু সঞ্জু ছেমছনে আক্রমণাত্মক আৰম্ভণি দিব পাৰিব বুলি আশাবাদী ৰাজস্থান ৰয়েলছ৷ ইফালে, শিৱম ডুবে, বৈভৱ সূর্যবংশী, ছিমৰন হেটমায়েৰ, ধ্রুৱ জুৰেল আৰু নীতিশ ৰাণাৰ দৰে খেলুৱৈ দলটোত আছে৷ ইফালে, বলিঙত আছে জ’ফ্রা আর্চাৰ, মহীষ তীক্ষ্ণনা, তুষাৰ দেশপাণ্ডে আৰু ৱানিন্দু হাছাৰাংগা৷ গতিকে, মেচখন অধিক ৰোমাঞ্চকৰ হোৱাৰ সম্ভাৱনাই অধিক৷
খেলৰ সময়ঃ নিশা ৭.৩০ বজা৷