বিশেষ বাৰ্তা, ২৭ মাৰ্চঃ ৰাজ্যৰ গাঁও পঞ্চায়তসমূহৰ কাৰ্যকাল অন্ত পৰাৰ পিছত ইয়াৰ পূৰ্ন সুযোগ গ্ৰহন কৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীয়ে আঁচনিৰ নামত লুটপাত চলাই অহাৰ অভিযোগে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে নলবাৰী জিলাত। জিলাখনত একাংশ বিডিঅ’ আৰু পঞ্চায়ত সচিব-পঞ্চায়ত কৰ্মচাৰীয়ে ৰাজত্ব চলোৱাৰ অভিযোগ উঠিছে। উল্লেখ্যযে, ৰাজ্যৰ গাওঁ পঞ্চায়তৰ কাৰ্যকাল উকলি যোৱাৰ পিছত সৰ্বেসৰ্বা হৈ পৰিছে একাংশ বিডিঅ’, পঞ্চায়ত সচিব,পঞ্চায়ত কৰ্মী। ইতিমধ্যে পঞ্চায়তৰ কাৰ্যকাল উকলি যোৱাত বিগত পঞ্চায়তৰ কাৰ্যকালত আবন্টিত পঞ্চায়ত পৰ্যায়ৰ বিভিন্ন আঁচনি ৰূপায়নৰ নামত জমা থকা লক্ষ লক্ষ টকা যিকোনো প্ৰকাৰে উলিয়াই নিয়াৰ পাং পাতিছে এচাম খণ্ড উন্নয়ন বিষয়া, পঞ্চায়ত সচিব আৰু আঁচনিৰ দায়িত্বত থকা অভিযন্তাই। অভিযোগ অনুসৰি জিলাখনৰ মুঠ ৬৫খন গাঁও পঞ্চায়তৰ গৰিষ্ঠ সংখ্যক গাঁও পঞ্চায়ততে শেহতীয়া ভাৱে পঞ্চদশ বিত্তীয় আয়োগৰ দ্বিতীয় কিস্তিৰ ধনৰ আঁচনি আৰু ‘আনটাইড ফাণ্ড’ৰ ধনৰ আঁচনিত ব্যাপক অনিয়ম, দুৰ্নীতি সংঘটিত হৈছে। প্ৰাপ্ত তথ্য মতে ২০২৩-২৪ বৰ্ষৰ আইটাইড ফাণ্ডৰ দ্বিতীয় কিস্তিৰ ধনেৰে বিভিন্ন গাঁও পঞ্চায়ত এলেকাৰ ভিতৰুৱা কেঁচা পথত চেইণ্ড গ্ৰেভেল আঁচনি আবণ্টন দেখুওৱা চৰকাৰী লক্ষ লক্ষ টকা শৰাধ কৰা হৈছে।অভিযোগ অনুসৰি নলবাৰী জিলাৰ বিশেষকৈ নলবাৰী আৰু ধৰ্মপুৰ (নতুন সমষ্টি টিহু) সমষ্টিৰ বহু কেইখন গাঁও পঞ্চায়তত সম্প্ৰতি আনটাইড আঁচনি, পঞ্চদশ বিত্তীয় আয়োগৰ ধনৰ আঁচনি ৰূপায়ণত অনিয়ম হোৱাৰ পিছতো স্থানীয় বিধায়কে বিশেষ নজৰ নিদিয়া বুলি সচেতন নাগৰিকৰ মাজত চৰ্চা হৈছে।ইয়াক লৈ পঞ্চায়তে পঞ্চায়তে প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে। শেহতীয়া অভিযোগ অনুসৰি জিলাখনৰ পূৱ নলবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত একাংশ গাঁও পঞ্চায়ত এলেকাত আনটাইড ফাণ্ড আৰু পঞ্চদশ বিত্তীয় আয়োগৰ ধনেৰে ধাৰ্য কৰা আঁচনিত পয়মালৰ সৃষ্টি হয়।তথ্য মতে বিভিন্ন মন্দিৰ, নামঘৰ তথা ৰাজহুৱা স্থানত পঞ্চদশ বিত্তীয় আয়োগ আবণ্টিন ধনেৰে জাৱৰ ব্যৱস্থাপনাৰে ‘ডাষ্টবিন’ নিৰ্মাণ আঁচনি ৰূপায়ন কৰা হয় যদিও নিৰ্মাণ কাৰ্যত বহু অনিয়ম সংঘটিত হয়। জানিব পৰা মতে পঞ্চদশ বিত্তীয় আয়োগৰ ২০২২-২৩ বৰ্ষৰ (১ম কিস্তি) প্ৰতিটো মিনি এম চি এফ( Mini M C F) ডাষ্টবিন নিৰ্মাণৰ নামত ৩২,৫০০ টকা আৰু ডাঙৰটোত লক্ষাধিক টকা ধাৰ্য কৰা হয়।কিন্তু এই ডাষ্টবিন অতি পালমৰা ধৰণে নিৰ্মাণ কৰাক লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। অকল এখন দুখন পঞ্চায়ত এলেকাত নহয়, বহু পঞ্চায়ত এলেকাত নিৰ্মাণ কৰা এনে ডাষ্টবিন এতিয়া বিড়ম্বনা হৈ পৰিছে।অতি নিম্নমানৰ হোৱা এনে ডাষ্টবিন এতিয়ালৈকে পঞ্চায়ত সমূহত ব্যৱহাৰ নোহোৱাকৈ পৰি আছে। চৰম ভেঁকো-ভাওনাত পৰিনত এনে আঁচনি সমূহৰ তদন্তৰ বাবে জনাইছে সচেতন ৰাইজে।
প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন