IPLত ৰিয়ান পৰাগে গঢ়িলে অনাকাংক্ষিত অভিলেখ, ছিজনত দুৰ্বল আৰম্ভণি ৰাজস্থান ৰয়েলছৰ
নিউজ ডেস্ক, ২৭ মাৰ্চঃ ৰাজস্থান ৰয়েলছৰ বাবে ছিজনৰ আৰম্ভণি ভাল নাছিল। দলটোৱে প্ৰথমখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। ইয়াৰ পিছত কলকাতা নাইট ৰাইডাৰ্ছে তেওঁলোকক পৰাস্ত কৰে। একে সময়তে এই পৰাজয়ৰ পিছত ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগৰ নামত এক লজ্জাজনক অভিলেখ পঞ্জীয়ন হৈছে। দৰাচলতে আই পি এলৰ ইতিহাসত ৰিয়ান পৰাগ ৰাজস্থান ৰয়েলছৰ প্ৰথম অধিনায়ক, যাৰ অধিনায়কত্বত দলটোৱে প্ৰথম দুখন মেচত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছে।
ৰিয়ান পৰাগৰ নামে লজ্জাজনক অভিলেখ পালে। এতিয়ালৈকে ৰাজস্থান ৰয়েলছৰ দুয়োখন মেচতে অধিনায়কৰ ভূমিকা পালন কৰি আহিছে ৰিয়ান পৰাগে। আচলতে ৰাজস্থান ৰয়েলছৰ নিয়মীয়া অধিনায়ক সঞ্জু চেমছনে ইমপেক্ট প্লেয়াৰ হিচাপে খেলি আছে। সেয়েহে সঞ্জু চেমচনৰ অনুপস্থিতিত ৰিয়ান পৰাগে অধিনায়কত্ব কৰিছে। অৱশ্যে অধিনায়ক হিচাপে ৰিয়ান পৰাগৰ আৰম্ভণি ভাল নাছিল। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে ৪৪ ৰানত পৰাজয়ৰ সন্মুখীন হৈছিল ৰাজস্থান ৰয়েলছ। ইয়াৰ পিছতে কলকাতা নাইট ৰাইডাৰ্ছে ৰাজস্থান ৰয়েলছক ৮ উইকেটত পৰাস্ত কৰে। এইদৰে ৰিয়ান পৰাগৰ অধিনায়কত্বত ৰাজস্থান ৰয়েলছ প্ৰথম দুখন মেচত পৰাজয়ৰ সন্মুখীন হৈছে।