নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিক’ডিং জীৱন : পুৰণি পাপ নতুন অজুহাত

ড০ পাৰ্থসাৰথি মহন্ত

এটা মতানৈক্য হ’ল, আমাৰ সিদ্ধান্তত প্রশ্নবোধক চিন লগাই দিয়া হ’ল, লগে লগে আমি অতীত খুঁচৰিবলৈ আৰম্ভ কৰি দিওঁ৷ নিজৰ নহয়, আমাক বিৰোধিতা কৰাজনৰ৷ তেওঁলোকৰ ভুল–ত্রুটি খান্দি উলিয়াই আমাৰ বর্তমানৰ আচৰণক আমি গ্রহণযোগ্য কৰিবলৈ যত্ন কৰোঁ৷ কিন্তু আমি কিয় এনে কৰোঁ? কিয় এই প্রৱণতা?

এই আচৰণ যাদৃচ্ছিক নহয়৷ ইয়াৰ মানসিক শিপা গভীৰ আৰু আমাৰ আৱেগিক প্রতিৰক্ষা ব্যৱস্থাৰ সৈতে জড়িত৷ এই মানসিকতা বুজিবলৈ এক পদ্ধতিগত অন্বেষণৰ প্রয়োজন৷

আমাৰ আত্ম–চিত্তক সুৰক্ষা দিয়াৰ প্রয়োজনীয়তা৷ সঠিক হোৱাৰ প্রয়োজনীয়তা৷ আমি এজন ভাল মানুহৰ দৰে অনুভৱ কৰিব খোজোঁ, বেছিভাগ মানুহেই ভুল কৰিলেও বিশ্বাস কৰিব বিচাৰে যে তেওঁলোকে যুক্তিসংগতভাৱেই কাম কৰিছিল৷ গতিকে যেতিয়া আমি সমালোচনাৰ সন্মুখীন হওঁ বা আমাৰ কার্যৰ বাবে অপৰাধবোধ অনুভৱ কৰোঁ, তেতিয়া আমি অস্বস্তি পাওঁ৷ সেই অস্বস্তি আমাৰ আত্ম–ভাবমূর্তিৰ প্রতি ভাবুকি হৈ পৰে৷ এই অস্বত্বিকৰ অনুভৱৰ পৰা আমি ৰক্ষা পাবলৈ চেষ্টা কৰোঁ৷ সৎ চিন্তাৰে নহয়, আনৰ দোষ খুঁচৰি৷ আমি ভাবোঁ–আনে যদি আগতে ভুল কৰি থৈছে, মোৰতো ইমান ভুল নহয়৷ বন্ধু এজনৰ জন্মদিন আপুনি পাহৰি গ’ল৷ আপুনি কিন্তু তেওঁক ছ’ৰী নকয়৷ আপুনি কয়, তুমিও এবাৰ পাহৰি গৈছিলা৷ অর্থাৎ আমি এক নৈতিক ভাৰসাম্য সৃষ্টি কৰিবলৈ চেষ্টা কৰোঁ৷ আমি কোনো যুক্তি নাচাওঁ, আমি মাত্র নিজৰ প্রতি ইতিবাচক দৃষ্টিভংগী বজাই ৰাখিবলৈ চাওঁ৷

দায়িত্বৰ পৰা সৰা৷ ‘হয়, ভুল কৰিলোঁ’, বুলি কোৱাটো বৰ সহজ নহয়৷ তাৰ পিছত আনে কি মন্তব্য কৰিব আমি ভয় খাওঁ৷ ভৱিষ্যতে আমি সুযোগ হেৰুৱাব পাৰোঁ, আমি প্রত্যাখিত হ’ব পাৰোঁ, আমি নিয়ন্ত্রণ হেৰুৱাব পাৰোঁ, আমি ভয় খাওঁ৷ গতিকে দায়িত্ব মূৰ পাতি লোৱাৰ পৰিৱর্তে আমি আনৰ দোষ বিচাৰোঁ আৰু বর্তমানত নাপালে অতীতলৈ আঙুলিয়াই দিওঁ৷ ‘মই কি কৰিলোঁ কোৱাৰ আগতে আপুনি কি কৰি থৈছে মনত পেলাওক’৷ এয়া এনে এটা প্রতিৰক্ষা ব্যৱস্থা যি আমাক হয়তো সাময়িকভাৱে অস্বস্তিৰ পৰা ৰক্ষা কৰে৷

নৈতিক ন্যায্যতা৷ মিছা ন্যায়বোধৰ সৃষ্টি কৰা৷ বেয়া কাম কৰিলোঁ বুলি আমি কেতিয়াও স্বীকাৰ কৰিব নোখোজোঁ৷ গতিকে আমি নিজকে কওঁ যে এটা কাৰণ আছিল৷ অন্যত নাপালে, আনজনৰ অতীতৰ আচৰণত আমি সেই কাৰণটো বিচাৰি পাওঁ৷ আমি এনে এক কাহিনী সৃষ্টি কৰোঁ যি আমাৰ কার্যক প্রাকৃতিক প্রতিক্রিয়া হিচাপে ন্যায্যতা প্রদান কৰে৷ অর্থাৎ অতীতক আমি অজুহাত হিচাপে দেখুৱাবলৈ ব্যৱহাৰ কৰোঁ৷ আৱেগিক হিচাপ–নিকাচ৷ কোনে কাক কিমান আঘাত কৰিলে আমি হিচাপ ৰাখি থওঁ৷ এখন গোপন যুদ্ধ৷ বহুতে নিজৰ সম্পর্কত এক গণনা কৰি থাকে– আৱেগিক গণনা৷ আঘাত অনুভৱ কৰিলেই মানসিকভাৱে লিপিবদ্ধ কৰি থয়৷ নতুন সংঘাতৰ সৃষ্টি হ’লেই সেই পুৰণি অভিলেখবোৰ পুনৰ উত্থাপন হয়৷ সমস্যাটো সমাধানৰ বাবে নহয়, এইটো প্রমাণ কৰিবলৈ যে আগতে আনজনে এটা ভুল কৰি থৈছে৷ অসংলগ্ণ হ’লেও অতীতৰ কথা এটা তাৰিখে–সময়ে মনত পেলাই আমি অকাট্য যুক্তি হিচাপে দাঙি ধৰোঁ নিজৰ বর্তমানৰ ভুলটো ঢ়াকি ৰাখিবলৈ বা ন্যায্য প্রতিপন্ন কৰিবলৈ৷

আমি যি চাব বিচাৰোঁ সেয়াই দেখো৷ নিশ্চিতকৰণ পক্ষপাতিত্ব৷ মানুহৰ মগজুৱে ইতিমধ্যে বিশ্বাস কৰি থকা কথাখিনি সমর্থন কৰাৰ প্রমাণ বিচাৰি থাকে৷ আমাৰ যদি কাৰোবাৰ ওপৰত খং উঠে, তেন্তে আমাৰ মনটোৱে সেই আৱেগক সমর্থন কৰা স্মৃতিবোৰ টানি আনিবলৈ আৰম্ভ কৰে৷ অৱচেতন মনত চলি থকা আমাৰ এই কামবোৰে আমাৰ আচৰণ যুক্তিসংগত বুলি নিজকে পতিয়ন নিয়াবলৈ সহায় কৰে৷ সহকর্মী এজনৰ সৈতে খকা–খুন্দা লাগিলে আপুনি তেওঁ কৰা প্রতিটো সৰু–ডাঙৰ ভুল মনত পেলাবলৈ আৰম্ভ কৰে৷ এই স্মৃতিবোৰ ব্যৱহাৰ কৰি আপুনি আপোনাৰ বিশ্বাসক শক্তিশালী কৰি তুলিব খোজে যে তেওঁলোকহে সমস্যা, আপুনি নহয়৷

দুর্বলতা উদঙাই দিয়াৰ ভয়৷ ভুল স্বীকাৰ কৰিলে আনে সেয়া আমাৰ দুর্বলতা বুলি ভাবিব পাৰে৷ গতিকে ভুল স্বীকাৰ কৰাতকৈ আমি আনৰ অতীতক কৱচ হিচাপে ব্যৱহাৰ কৰোঁ৷ আনৰ অতীতৰ ভুলবোৰ আঙুলিয়াই দিয়াটো আমাৰ বাবে হৈ পৰে এক আৱেগিক কৱচ৷ নিজক বর্তমান ৰক্ষা কৰিবলৈ আমি আনৰ অতীত খান্দো৷

কাৰোবাৰ অতীত খন্দাটোৱে আমাক ক্ষণিকৰ বাবে ন্যায্যতা অনুভৱ কৰাব পাৰে যদিও ইয়াৰ প্রতিজ্বলনো হয়৷ এজন ব্যক্তিয়ে অতীতৰ কথা টনাৰ লগে লগে আনজন প্রতিৰক্ষামূলক হৈ পৰে আৰু প্রকৃত সমস্যাটো সমাধান নোহোৱাকৈয়ে থাকি যায়৷ বিশ্বাস ক্রমাৎ কমি আহে আৰু কথা–বতৰাবোৰ আদালতৰ বিতর্কত পৰিণত হয়৷

এই প্রৱণতা আমি এৰিব লাগিব৷ এই অভ্যাস আমি নাইকিয়া কৰিব লাগিব৷ বেছিভাগ প্রতিৰক্ষা ব্যৱস্থাৰ দৰেই এই অভ্যাসটোও যিহেতু ভয় বা নিৰাপত্তাহীনতাৰ পৰাই আহে, ইয়াক ভংগ কৰাৰ প্রথম পদক্ষেপ হ’ল সজাগতা৷ কথাটো আচলতে একেবাৰে সহজ৷ কথা কোৱাৰ আগতে থমকি ৰওক আৰু চিন্তা কৰক৷ নিজকে এবাৰ সুধি চাওকচোন এই কথাটো আপুনি সমাধানৰ বাবে আনিছে নে দোষ দিবলৈ যোৱা বছৰ কি হৈছিল বাদ দিয়ক, এতিয়া কি হৈ আছে সেইটো লক্ষ্য কৰক৷ সহানুভূতি৷ কেৱল নিজৰ দৃষ্টিকোণৰ পৰাই নহয়, আনৰ দৃষ্টিকোণৰ পৰাও পৰিস্থিতিটো চাওক৷ আৱেগিক গণনা কৰা এৰি দিয়ক৷ ক্ষমা মানে অতীতৰ যন্ত্রণাক সঁচাকৈয়ে মুক্ত কৰা– ভৱিষ্যতে ব্যৱহাৰৰ বাবে সংৰক্ষণ কৰা নহয়৷

অপৰাধবোৰৰ পৰা, লাজৰ পৰা, ভুল অনুভৱ কৰাৰ পৰা নিজকে ৰক্ষা কৰিবলৈ কাৰোবাৰ অতীত খুঁচৰি আমি যেতিয়া বর্তমানৰ আচৰণক ন্যায্যতা প্রদান কৰিবলৈ যত্ন কৰোঁ, আমি প্রায় কিন্তু আমাৰ চৌপাশৰ মানুহক আঘাত দিওঁ আৰু ধৰি ৰাখিব খোজা সম্পর্কবোৰ ক্ষতিগ্রস্ত কৰোঁ৷ আমি সেয়েহে অজুহাত বিচৰা বন্ধ কৰিব লাগিব৷ কোন বেছি ত্রুটিপূর্ণ সেয়া প্রমাণ কৰাতকৈ বুজাবুজি বৃদ্ধি কৰাহে অধিক গুৰুত্বপূর্ণ৷ অতীত সলাব নোৱাৰোঁ, কিন্তু বর্তমানত আমি কেনেকৈ সঁহাৰি দিম সেয়া ঠিক কৰিব পাৰোঁ৷

You might also like