ইউক্রেইনৰ বিৰুদ্ধে চীনা যোদ্ধাক ব্যৱহাৰ পুটিনৰ
🔹 কিয়েভৰ চাঞ্চল্যকৰ দাবী : বন্দী চীনা নাগৰিকৰ ছবি মুকলি ৰাষ্ট্রপতি জেলেনস্কীৰ
নিউজ ডেস্ক, ১১ এপ্রিল : নামত চর্তসাপেক্ষে যুদ্ধবিৰতিত সন্মতি জনাইছে ৰাছিয়া আৰু ইউক্রেইনে৷ কিন্তু যুদ্ধৰ অৱসান ঘটোৱাৰ কোনো পদক্ষেপ গ্রহণ কৰা নাই৷ যুদ্ধক্ষেত্রত উভয়পক্ষৰ বোমা–ক্ষেপণাস্ত্র নিক্ষেপ অব্যাহত আছে৷ এই যুদ্ধত চলি আছে অবাধ ৰক্তক্ষৰণ৷ সঘনে ঢলি পৰিছে নিৰস্ত্র জনতাৰ প্রাণ৷ যুদ্ধক্ষেত্রত ৰুছ বাহিনীক উত্তৰ কোৰিয়াৰ সেনাই সহায় কৰা বুলি দীর্ঘদিন ধৰি বিভিন্ন মহলে দাবী কৰি আহিছিল৷ বিশেষকৈ ইউৰোপ–আমেৰিকাই এই যুদ্ধত ৰাছিয়াক উত্তৰ কোৰিয়াই সহায় কৰা বুলি দাবী কৰিছিল৷ কিন্তু এইবাৰ যুদ্ধক্ষেত্রত চীনৰ নাগৰিকসকলক মোতায়েন কৰা বুলি দাবী কৰিছে ইউক্রেইনৰ ৰাষ্ট্রপতি জেলেনস্কীয়ে৷ ৰুছ ৰাষ্ট্রপতি পুটিনে যুদ্ধত চীনা তৰুণক ব্যৱহাৰ কৰা বুলি অভিযোগ কৰিছে ইউক্রেইনৰ ৰাষ্ট্রপতিগৰাকীয়ে৷ যুদ্ধবিৰতিক লৈ যিমানেই চর্চা চলি নাথাকক কিয়, ইউক্রেইনত প্রতিদিনে আক্রমণ তীব্রতৰ কৰিছে ৰুছ বাহিনীয়ে৷ যোৱা শুকুৰবাৰে ৰাছিয়াৰ বেলিষ্টিক ক্ষেপণাস্ত্রত ইউক্রেইনত প্রাণ হেৰুৱায় ওঠৰগৰাকী নিৰীহ লোকে৷ নিহত লোকসকলৰ ভিতৰত ৯টা শিশুও আছিল৷ ইয়াৰ পিছতে ইউক্রেইনৰ ৰাষ্ট্রপতি জেলেনস্কীয়ে দাবী কৰে যে যুদ্ধ বন্ধ কৰাৰ বাবে ৰাছিয়াৰ প্রতিটো প্রতিশ্রুতি ইতিমধ্যে এই আক্রমণৰ লগে লগে শেষ হৈ গৈছে৷ জেলেনস্কীয়ে তথ্য দিয়ে যে যুদ্ধক্ষেত্রত ৰাছিয়াই ১৫৫জন চীনা নাগৰিকক ব্যৱহাৰ কৰিছে৷ ইতিমধ্যে ডনেৎস্কত ইউক্রেইনী সেনাই দুজন চীনা নাগৰিকক গ্রেপ্তাৰ কৰা বুলি দাবী কৰিছে জেলেনস্কীয়ে৷ অকল সেয়াই নহয়, এই বন্দী চীনা যোদ্ধাৰ আলোকচিত্রও মুকলি কৰি দিছে ইউক্রেইনৰ ৰাষ্ট্রপতিগৰাকীয়ে৷ ইফালে, ৰাছিয়াত আটক হৈ থকা ইউক্রেইনী বন্দীসকলৰ বিনিময়ত চীনা নাগৰিক দুগৰাকীক ইউক্রেইনে মুক্তি দিব বুলি ঘোষণা কৰিছে ৰাষ্ট্রপতিগৰাকীয়ে৷ অৱশ্যে এই ঘটনা সন্দর্ভত ৰাছিয়াৰ তৰফৰ পৰা কোনোধৰণৰ প্রতিক্রিয়া প্রকাশ কৰা হোৱা নাই৷ চীনে এই বিষয়টোক গুৰুত্বসহকাৰে ল’ব বুলি ঘোষণা কৰিছে৷