নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰৱর্তী অলিম্পিকত ক্রিকেট খেলিব ৬খন দেশে

🔹 সুদীর্ঘ ১২৮ বছৰৰ পিছত পুনৰ অলিম্পিকলৈ ঘূৰি আহিছে ক্রিকেট

নিউজ ডেস্ক, ১১ এপ্রিল : সুদীর্ঘ ১২৮ বছৰৰ পিছত পুনৰ অলিম্পিকলৈ ঘূৰি আহিছে ক্রিকেট৷ বুধবাৰে নিশা পৰৱর্তী অলিম্পিকত অংশগ্রহণ কৰিবলগীয়া দেশৰ সংখ্যা নির্ণয় কৰা হয়৷ আন্তর্জাতিক অলিম্পিক কমিটীয়ে ৬খন দেশে ক্রিকেটৰ স্বর্ণ পদকৰ বাবে প্রতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰিছে৷ কিন্তু ফুটবলত অংশগ্রহণ কৰা দেশৰ সংখ্যা কমি আহিছে৷ এতিয়ালৈকে ১৬খন দেশে পুৰুষৰ ফুটবল খেলিছিল৷ পৰৱর্তী অলিম্পিকত ১২টালৈ হ্রাস পাহছে৷ আনহাতে, মহিলা ফুটবলত অংশগ্রহণ কৰা দেশৰ সংখ্যা বৃদ্ধি পাইছে৷ এতিয়াৰে পৰা ১৬খন দেশে অংশগ্রহণ কৰিব৷ উল্লেখ্য যে ১৯০০ চনৰ অলিম্পিকত ক্রিকেট অন্তর্ভুক্ত হৈছিল৷ উক্ত অলিম্পিকত মাত্র এখন মেচহে খেলা হৈছিল৷ দীর্ঘদিন ধৰি আইচিচিয়ে ক্রিকেটক অলিম্পিকত অন্তর্ভুক্ত কৰাৰ চেষ্টা চলাই আহিছিল আৰু অৱশেষত সফল হয়৷ ৬টা দলে টি–২০ ফর্মেটত খেলিব৷ পুৰুষৰ লগতে মহিলা শাখাতো ৬টা দলে অংশগ্রহণ কৰিব৷ অৱশ্যে ক্রিকেট ইভেণ্টলৈ অর্হতা কেনেদৰে লাভ কৰিব সেয়া এতিয়াও ঘোষণা কৰা হোৱা নাই৷ আইচিচিৰ অধীনত ১২খন সম্পূর্ণ সদস্য দেশ আছে৷ ইয়াৰ উপৰি সহযোগী সদস্য হিচাপে ৯০খনতকৈও অধিক দেশ আছে, যিয়ে মূলতঃ টি–২০ খেলে৷ আমেৰিকাই পোনপটীয়াকৈ আয়োজক হিচাপে যোগ্যতা অর্জন কৰিছে৷ বাকী দেশসমূহে যোগ্যতা অর্জন কৰিব লাগিব৷ পৰৱর্তী অলিম্পিকত কেইবাটাও নতুন ইভেণ্ট সংযোজন কৰা হৈছে৷ আর্চাৰীৰ লগতে টেবুল টেনিছ, গল্ফ, জিমনাষ্টিক, নৌকা চালনা, উপকূলীয় বিচ স্প্রিণ্ট আৰু এথলেটিকছ আদি অন্তর্ভুক্ত কৰা হৈছে৷

You might also like