অন্তৰীক্ষ অভিমুখে বায়ুসেনাৰ গ্রুপ কেপ্টেইন শুভাংশু শুক্লা, মহাকাশ যাত্রাত নতুন ইতিহাস ৰচাৰ দিশে ভাৰত
আন্তর্জাতিক মহাকাশ ষ্টেচনৰ যাত্রী হিচাপে আনুষ্ঠানিকভাৱে নাম ঘোষণা কেন্দ্রৰ
নিউজ ডেস্ক, ১৯ এপ্রিল : মহাকাশ গৱেষণাত নতুন ইতিহাস ৰচাৰ দিশে আগবাঢ়িছে ভাৰত৷ ৰাকেশ শর্মাৰ চাৰিটা দশকৰ পাছত অহা মে’ মাহত অন্তৰীক্ষ অভিমুখে যাত্রা কৰিব ভাৰতীয় নভোচৰ তথা বায়ুসেনাৰ গ্রুপ কেপ্ঢেইন শুভাংশু শুক্লা৷ এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে মহাকাশ বিভাগৰ দায়িত্বত থকা কেন্দ্রীয়মন্ত্রী জিতেন্দ্র সিঙে৷ শুকুৰবাৰে মহাকাশ বিভাগ আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ কাম–কাজ পর্যালোচনাৰ অন্তত কেন্দ্রীয়মন্ত্রী সিঙে এই সন্দর্ভত কয়– ‘আন্তর্জাতিক মহাকাশ অভিযানত ভাৰতৰ এজন নভোচৰ জড়িত হৈ আছে৷ অহা মাহতেই তেওঁ আন্তর্জাতিক মহাকাশ ষ্টেচনৰ যাত্রী হিচাপে ৰাওনা হ’ব৷ মহাকাশত ভাৰতৰ স্বপ্ণ সফল কৰিবলৈ ইতিমধ্যে গগনযানৰ প্রস্তুতি আৰম্ভ হৈছে৷ তাৰ অংশ হিচাপে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই বায়ুসেনাৰ গ্রুপ কেপ্ঢেইন ৪০ বছৰীয়া শুভাংশু শুক্লাক নির্বাচন কৰিছে প্রাৰম্ভিক আখৰাৰ বাবে৷ শুভাংশু শুক্লাৰ যাত্রাই দেশৰ মহাকাশ গৱেষণাৰ এক নতুন অধ্যায়ৰ সূচনা কৰিব৷’ সকলো ঠিকে ঠাকে থাকিলে অহা মে’ মাহত আমেৰিকাৰ ফ্ল’ৰিদাস্থিত কেনেডি স্পেছ চেণ্টাৰৰ পৰা এলন মাক্সৰ সংস্থা স্পেছ এক্সৰ ড্রেগন কেপচুলেৰে শুভাংশু শুক্লাসহ চাৰি মহাকাশচাৰী৷ মহাকাশযানৰ পাইলট হিচাপে শুভাংশু শুক্লাৰ এই অভিযানত ভূমিকা হ’ব অত্যন্ত গুৰুত্বপূর্ণ৷ সংবাদ প্রতিষ্ঠানৰ বাতৰি অনুসৰি এই অভিযানটোক নামকৰণ কৰা হৈছে ‘অক্সিয়ম–৪’ হিচাপে৷ শুভাংশু শুক্লাই বিগত ৮ মাহ ধৰি মার্কিন মহাকাশ গৱেষণা সংস্থা নাছা আৰু এটা বেচৰকাৰী সংস্থা অক্সিয়ম স্পেছৰ অধীনত প্রশিক্ষণ গ্রহণ কৰি আছে৷ এই প্রশিক্ষণৰ নামত ভাৰতৰ ব্যয় হৈছে ৬০ মিলিয়ন ডলাৰতকৈও অধিক ধন৷ অভিযানটোৰ নেতৃত্বত থাকিব নাছাৰ প্রাক্তন নভোচৰ পেগি হুইটচন৷ নাছাৰ পৰা অৱসৰ গ্রহণ কৰাৰ পাছত তেওঁ সম্প্রতি বেচৰকাৰী সংস্থা অক্সিয়ম স্পেছৰ অধীনত কাম কৰি আছে৷ পেগি হুইটচনৰ উপৰি শুভাংশু শুক্লাৰ আন দুজন সহযাত্রী হিচাপে থাকিব পোলেণ্ডৰ শ্লাউজছ উজনানস্কি আৰু হাংগেৰিৰ টিব’ৰ কাপু৷ ৰাকেশ শর্মাৰ মহাকাশ যাত্রাৰ চাৰিদশকৰ পাছত শুভাংশু শুক্লাৰ এই অভিযানে দেশৰ মহাকাশ গৱেষণাত নতুন ইতিহাস ৰচনা কৰিব বুলি অত্যন্ত আশাবাদী ভাৰতীয় মহাকাশ গৱেষণা সংস্থা৷ উল্লেখ্য যে ১৯৮৫ চনৰ ১০ আগষ্টত লক্ষ্ণৌত জন্ম হৈছিল শুভাংশু শুক্লাৰ৷ তিনি ভাই–ভণীৰ ভিতৰত তেওঁ কনিষ্ঠ৷ ২০০৫ চনত নেচনেল ডিফেন্স একাডমীৰ পৰা স্নাতক ডিগ্রী লাভ কৰি তেওঁ পৰিয়ালৰ একমাত্র সদস্য হিচাপে বায়ু সেনাত যোগদান কৰে৷ শুভাংশু শুক্লাৰ দুহেজাৰ ঘণ্টাতকৈয়ো অধিক ঊৰণৰ অভিজ্ঞতা আছে৷ এএন–৩২, জাগুৱাৰ, হক, মিগ–২১, ছু–৩০সহ বিভিন্ন ধৰণৰ অত্যাধুনিক যুদ্ধ বিমান চলোৱাৰো অভিজ্ঞতা আছে৷ ২০২১ চনত ৰাছিয়াত তেওঁ মহাকাশযান চলোৱাৰ প্রশিক্ষণ গ্রহণ কৰিছিল৷ দেশলৈ উভতি আহি বেংগালুৰুস্থিত মহাকাশযান প্রশিক্ষণ কেন্দ্রত শুধাংশু শুক্লাই যোগদান কৰে৷ ২০২৪ চনত বায়ুসেনাৰ গ্রুপ কেপ্ঢেইন পদত অধিষ্ঠিত হোৱা শুধাংশু শুক্লাৰ নাম একেটা বর্ষৰ আগষ্ট মাহত ‘অক্সিয়ম–৪’ৰ মহাকাশচাৰী হিচাপে ঘোষণা কৰিছিল ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই৷