নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেণ্ডুলকাৰক পিছ পেলালে ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰ অধিনায়কে

নিউজ ডেস্ক, ২০ এপ্রিল : আইপিএলত এক অনন্য অভিলেখ গঢ়িলে ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰ অধিনায়ক ৰজত পাটিদাৰে৷ মাত্র ৩০টা ইনিংছত এহেজাৰ ৰান সম্পূর্ণ কৰি মুম্বাই ইণ্ডিয়ানছৰ প্রাক্তন তাৰকা খেলুৱৈ শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰে পাটিদাৰে৷ শুকুৰবাৰে বেংগালুৰুত পঞ্জাব কিংছৰ বিপক্ষে খেলা বর্ষাবিঘ্ণিত মেচখনত পাটিদাৰে এই অভিলেখটো গঢ়ে৷ মেচখনত ১৮টা বলত ২৩ ৰান সংগ্রহ কৰা পাটিদাৰে আইপিএলত এহেজাৰ ৰান সম্পূর্ণ কৰে৷ ইয়াৰ লগে লগে পাটিদাৰে তেণ্ডুলকাৰৰ লগতে চেন্নাই ছুপাৰ কিংছৰ ৰুতুৰাজ গাইকোৱাডৰো অভিলেখটো ভংগ কৰে৷ তেণ্ডুলকাৰ আৰু গাইকোৱাডে ৩১টা ইনিংছত এহেজাৰ ৰান পূর্ণ কৰিছিল৷ ইফালে, আইপিএলত দ্রুতগতিত এহেজাৰ ৰান সম্পূর্ণ কৰা ৰজত পাটিদাৰ হ’ল দ্বিতীয়গৰাকী ভাৰতীয় খেলুৱৈ৷ পাটিদাৰৰ পূর্বে গুজৰাট টাইটানছৰ সাই সুদর্শনে মাত্র ২৫টা ইনিংছত এহেজাৰ ৰান সম্পূর্ণ কৰিছিল৷ উল্লেখ্য যে মেচখনত পাটিদাৰে অভিলেখ গঢ়িলেও পৰাজয়ৰ পৰা দলটোক উদ্ধাৰ কৰিব নোৱাৰিলে৷ ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৱে পঞ্জাব কিংছৰ হাতত ৫ উইকেটত পৰাস্ত হয়৷

You might also like