আইচিচি মহিলা এদিনীয়া বিশ্বকাপ ক্রিকেটত ভাৰত ভ্রমণ নকৰাৰ সিদ্ধান্ত পাকিস্তানৰ
নিউজ ডেস্ক, ২১ এপ্ৰিলঃ পাকিস্তান মহিলা ক্রিকেট দলটোৱে চলিত বর্ষৰ শেষৰফালে অনুষ্ঠিত হ’বলগীয়া আইচিচি মহিলা এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ বাবে ভাৰত ভ্রমণ নকৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ এই কথা নিশ্চিত কৰিছে পাকিস্তান ক্রিকেট ব’ৰ্ডৰ অধ্যক্ষ মহছিন নাকভিয়ে৷ চলিত বর্ষৰ আৰম্ভণিতে হাইব্রিড মডেল চুক্তি গ্রহণ কৰাৰ পিছত পাকিস্তানে নিজৰ মেচসমূহ নিৰপেক্ষ স্থানত খেলাটো নিশ্চিত কৰিছিল৷ পিচিবিৰ অধ্যক্ষগৰাকীয়ে সদৰী কৰা অনুসৰি, যিহেতু এই ইভেণ্টৰ বাবে ভাৰত আয়োজকৰ দায়িত্বত আছে, সেয়েহে তেওঁলোকে নিৰপেক্ষ স্থানৰ সিদ্ধান্ত গ্রহণ কৰিব৷ যাৰ বাবে পাকিস্তান মহিলা ক্রিকেট দলটোৱে উক্ত স্থানলৈ গৈ নিজৰ মেচসমূহ খেলিব৷ সংবাদ প্রতিষ্ঠানৰ আগত নাকভিয়ে কয় যে চুক্তি অনুযায়ী সকলো হ’ব৷ ভাৰতে সিদ্ধান্ত ল’ব যে মেচখন ক’ত হ’ব, কাৰণ তেওঁলোকেই আয়োজক দল৷ তেওঁলোকে য’তেই সিদ্ধান্ত ল’ব, তাতেই আমাৰ দলটোৱে গৈ খেলিব৷ কিন্তু পাকিস্তানৰ দলটোৱে ভাৰতলৈ যাত্রা নকৰে৷ যিহেতু চুক্তি আছে, গতিকে ইয়াক মানি চলিব লাগিব৷ দুয়োখন ৰাষ্ট্রৰ মাজত ৰাজনৈতিক সম্পর্কত মতানৈক্য থকাৰ বাবে ২০০৮ চনৰ এছিয়া কাপৰ পৰাই পাকিস্তান ভ্রমণৰ পৰা বিৰত আছে ভাৰত৷ তাৰ পিছত প্রথমবাৰৰ বাবে ২০১২–১৩ চনত ভাৰতত সীমিত অভাৰৰ দ্বি–পাক্ষিক শৃংখলা খেলিছিল দুয়োটা চিৰবৈৰী দলে৷ ইয়াৰ পিছত ভাৰত আৰু পাকিস্তানে মূলতঃ আইচিচি টুর্ণামেণ্ট আৰু এছিয়া কাপতহে মুখামুখি হৈছে৷ বিগত ফেব্রুৱাৰী মাহত পাকিস্তানে চেম্পিয়নছ ট্ৰফীৰ আয়োজন কৰিছিল যদিও দুয়োখন দেশৰ ৰাজনৈতিক পৰিস্থিতিৰ বাবে ভাৰতে পাকিস্তানত খেলিবলৈ অস্বীকাৰ কৰিছিল৷ অৱশেষত আইচিচিয়ে চেম্পিয়নছ ট্ৰফী ২০২৫ হাইব্রিড মডেলত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছিল৷ ইয়াৰোপৰি ভাৰত বা পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া ২০২৪–২৭ ছিজনত আইচিচিৰ সকলো ইভেণ্টৰ বাবে হাইব্রিড মডেল গ্রহণ কৰা হ’ব বুলি নিশ্চিত কৰা হৈছিল৷ ২৬ ছেপ্টেম্বৰৰ পৰা ২ নৱেম্বৰলৈ চলিবলগীয়া এই প্রতিযোগিতাৰ বাবে ইতিমধ্যে ভাৰত (আয়োজক), ইংলেণ্ড, নিউজিলেণ্ড, অষ্ট্রেলিয়া, দক্ষিণ আফ্রিকা আৰু শ্রীলংকাই যোগ্যতা অর্জন কৰিছে৷