নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজৰ সলনি তেজ, গুলীৰ প্রত্যুত্তৰ গুলী

🔹 পেহেলগাম বর্বৰতাৰ প্রত্যাঘাত লাগে দেশবাসীক

নিউজ ডেস্ক, ২৪ এপ্রিল : কাশ্মীৰৰ পেহেলগামত সন্ত্রাসবাদীৰ বর্বৰতাৰ প্রত্যাঘাত বিচাৰিছে দেশবাসীয়ে৷ নিৰীহই প্রাণ হেৰুওৱাৰ শোকৰ সমান্তৰালকৈ প্রত্যাঘাতৰ ক্ষোভৰ উদ্গীৰণ ঘটিছে দেশত৷ পাক মদতপুষ্ট সন্ত্রাসবাদীয়ে পেহেলগামত বর্বৰতাৰে পর্যটকক হত্যা কৰাৰ প্রতিশোধ বিচাৰিছে দেশবাসীয়ে৷ দেশজুৰি সন্ত্রাসবাদী হিংস্রতাৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত হৈছে৷ এই প্রতিবাদতেই ফুটি উঠিছে তেজৰ সলনি তেজ লাগে, গুলীৰ পৰিৱর্তে গুলী ফুটাব লাগে৷ হিন্দু নে মুছলমান, প্রশ্ণ সুধি সন্ত্রাসবাদীয়ে পর্যটকক হত্যা কৰা জঘন্য কাণ্ডক দেশবাসীয়ে একমুখে গৰিহণা তথা ধিক্কাৰ দিয়াৰ সমান্তৰালকৈ সন্ত্রাসবাদীক সমূলঞ্চে নিঃশেষ কৰাৰো দাবী জনাইছে৷ নিৰীহৰ তেজেৰে ফাকু খেলা পাক সন্ত্রাসবাদীক কঠোৰ হাতেৰে দমন কৰিবলৈ দেশৰ সর্বস্তৰত জোৱাৰ উঠিছে৷ পৰহি ভূ–স্বর্গ কাশ্মীৰৰ মিনি ছুইজাৰলেণ্ডখ্যাত পেহেলগামত পাক সন্ত্রাসবাদীয়ে নির্বিচাৰ গুলীচালনা কৰি দেশী–বিদেশী ২৮ পর্যটকক হত্যা কৰাৰ কেইঘণ্টামান পিছতেই কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ শ্রীনগৰত উপস্থিত হৈছিল৷ শ্রীনগৰত উচ্চ পর্যায়ৰ বৈঠকত মিলিত হৈ পৰিস্থিতি সন্দর্ভত আলোচনা কৰাৰ অন্তত কালি কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে সন্ত্রাসবাদীয়ে ৰক্তাক্ত কৰা ঘটনাস্থলী পেহেলগামলৈ যায়৷ সন্ত্রাসবাদীৰ বর্বৰ আক্রমণত প্রাণ হেৰুওৱা নিৰীহ লোকক গৃহমন্ত্রী শ্বাহে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে নিহতৰ পৰিয়ালক সাক্ষাৎ কৰে৷ প্রাণ হেৰুওৱা লোকক গৃহমন্ত্রী শ্বাহে শ্রদ্ধাঞ্জলি জনোৱাৰ পিছত ঘটনাস্থলী পেহেলগামৰ বাইচ’ৰানলৈ যায় গৃহমন্ত্রীগৰাকী৷ ঘটনা সন্দর্ভত তদন্ত আৰম্ভ কৰা ‘নিয়া’ আৰু সেনাৰ দলেও ঘটনাস্থলী নিৰীক্ষণ কৰে৷ পৰহি সন্ত্রাসবাদীৰ আক্রমণত প্রাণ হেৰুওৱা পর্যটকৰ মৃতদেহ কালি পুৱা শ্রীনগৰৰ আৰক্ষীৰ নিয়ন্ত্রণ কক্ষলৈ অনা হয়৷ এই নিয়ন্ত্রণ কক্ষতেই পুষ্পাঞ্জলি দি গৃহমন্ত্রী শ্বাহে প্রাণ হেৰুওৱা লোকলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ তদুপৰি অনন্তনাগৰ চিকিৎসালয়লৈ গৈ আহতসকলৰো স্বাস্থ্যৰ বুজ লয় গৃহমন্ত্রীগৰাকীয়ে৷ পেহেলগামৰ বাইচ’ৰান অঞ্চলটো আকাশমার্গেৰে পৰিদর্শন কৰি গৃহমন্ত্রীগৰাকীয়ে পিছত পৰিস্থিতি সন্দর্ভত উচ্চ পর্যায়ৰ বৈঠকত মিলিত হয়৷ সন্ত্রাসবাদীৰ এই বর্বৰ আক্রমণক কাপুৰুষালি আখ্যা দি সন্ত্রাসবাদত শিৰনত নকৰাৰ হুংকাৰ দিয়ে গৃহমন্ত্রী শ্বাহে৷ ইপিনে, পেহেলগামত সন্ত্রাসবাদীৰ ভয়াৱহ আক্রমণৰ পিছত নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত সন্ত্রাসবিৰোধী অভিযান তীব্রতৰ কৰি তুলিছে৷ কাশ্মীৰৰ পৰা সন্ত্রাসবাদৰ সৈতে জড়িত থকাৰ সন্দেহত ১,৪০০তকৈ অধিক লোকক আৰক্ষীয়ে আটক কৰিছে৷ ইয়াৰে ভিতৰত আঢ়ৈশতকৈ অধিক সন্ত্রাসবাদৰ হৈ অভাৰগ্রাউণ্ড কাম কৰা কর্মীও আছে৷ পৰহি নিষিদ্ধ সংগঠন লস্কৰ–ই–তৈবাৰ অধীনৰ টি আৰ এফে পেহেলগামত চলোৱা নৰসংহাৰত প্রাণ হেৰুওৱা লোকৰ ভিতৰত এগৰাকী নৌসেনা বিষয়াৰ লগতে বিহাৰৰ আবকাৰী পৰিদর্শক, আমেৰিকা যুক্তৰাষ্ট্রস্থিত কলকাতাৰ অভিযন্তা, কর্ণাটকৰ ৰিয়েল ইষ্টেট ব্যৱসায়ীও আছে৷ প্রকৃতিৰ মনোৰম দৃশ্যৰাজি উপভোগ কৰিবলৈ গৈ পেহেলগামত সন্ত্রাসবাদীৰ আক্রমণত প্রাণ হেৰুওৱা দেশী–বিদেশী ২৮ পর্যটকৰ ভিতৰত মহাৰাষ্ট্রৰ ৬জন, পশ্চিমবংগৰ ২জন, উত্তৰাখণ্ডৰ ১জন, হাৰিয়ানাৰ ১জন, উত্তৰ প্রদেশৰ ১জন, পঞ্জাবৰ ১জন, কেৰালাৰ ১জন, গুজৰাটৰ ৩জন, কর্ণাটকৰ ৩জন, ওড়িশাৰ ১জন, মধ্যপ্রদেশৰ ১জন, অৰুণাচলৰ ১জন আছে৷ ২৮জনৰ ভিতৰত নেপালৰ ১জন আৰু এজন পেহেলগামৰ স্থানীয় লোকো আছে৷ সন্ত্রাসবাদীৰ আক্রমণৰ বলি হোৱা পর্যটককেইজন হৈছে– সুশীল নাত্যাল, ছৈয়দ আদিল হুছেইন শ্বাহ, হেমন্ত সুহাশ যোশী, বিনয় নাৰৱাল, অতুল শ্রীকান্ত মণি, নীৰজ উধৱানি, বিটন অধিকাৰী, সুদীপ নিউপানে, শুভম দ্বিবেদী, প্রশান্ত কুমাৰ ছত্রপতি, মনীষ ৰঞ্জন, এন ৰামাচন্দ্র, সঞ্জয় লক্ষ্মণ লালি, দীনেশ আগৰৱালা, সমীৰ গুহৰ, দিলীপ দাচালি, জে চচন্দ্র মলি, মধুসূদন সমীচেটী, সন্তোষ জাঘ্রা, মঞ্জুনাথ ৰাও, কস্তুবা গণভোটাই, ভাৰত ভূষণ, সুমিত পাৰমাৰ, যতীশ পাৰমাৰ, টাগে হেলিন আৰু শৈলেশভাই এইচ হিম্মতভাই কালাথিয়া৷ লক্ষণীয় যে ভয়াৱহ আক্রমণৰ পিছতেই পাকিস্তানস্থিত নিষিদ্ধ সন্ত্রাসবাদী সংগঠন লস্কৰ–ই–তৈবাৰ অধীনত দ্য ৰেজিষ্ট্রেচন ফ্রণ্ট, চমুকৈ টি আৰ এফে এই আক্রমণৰ দায়িত্ব স্বীকাৰ কৰিছে৷ টি আৰ এফৰ আক্রমণে এইটো স্পষ্ট কৰি দিয়ে যে পেহেলগামৰ সন্ত্রাসবাদী আক্রমণত পাকিস্তান জড়িত আছে৷ এনে পৰিপ্রেক্ষিততেই পাকিস্তানস্থিত সন্ত্রাসবাদীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল’বলৈ দেশবাসী ক্ষোভত ফাটি পৰিছে৷ ইপিনে, পেহেলগামত আক্রমণৰ পিছত কেন্দ্রীয়শাসিত অঞ্চলটোৰ পৰিস্থিতি সন্দর্ভত আলোচনা কৰিবলৈ মুখ্যমন্ত্রী ওমৰ আব্দুল্লাই সর্বদলীয় বৈঠকৰ আহ্বান জনাইছে৷

You might also like