নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

CM News Assam : পাকিস্তানৰ গুণ গোৱাসকলে নাপাব ৰেহাই

শুৱালকুছিত পঞ্চায়তৰ নিৰ্বাচনৰ প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা

বিশেষ বাৰ্তা, ২মেঃ CM News Assam । অসমত এতিয়া শান্তিৰ বাতাবৰণ সৃষ্টি হৈছে৷ অসমত এতিয়া বন্দুক বাৰুদৰ বোমাৰ শব্দত ৰাতি নুপুৱাই৷ ঢোল পেপা গগণাৰ মাতহে ৰাতিপুৱাই৷ মানুহে নিশা তিনি বজালৈকে বিহু উপভোগ কৰা পৰিৱেশ আজি অসমত সৃষ্টি হৈছে৷ এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ৷

আজি শুৱালকুছিৰ মাজতোল বালিচৰৰ ভূপেন হাজৰিকা মঞ্চত আগন্তুক পঞ্চায়ত নিৰ্বাচন উপলক্ষে আয়োজিত বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লৈ CM News Assam তেওঁ পুনৰ কয় য়ে শুৱালকুছি বংশৰ শিঙিমাৰী অঞ্চলৰ ৰাইজে সদায়ে বিজেপি দলক ভোট দি আহিছে ৷ এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ লগতে ২০২৬ বৰ্ষত অনুস্হিত হব লগা বিধান সভাতো বিজেপি দলক ভোট দি তৃতীয় বছৰৰ বাবে বিজেপি দলক ক্ষমতা দখলৰ সুযোগ দিব লাগিব৷

আগতে শুৱালকুছি বংশৰ পুৰণা জালুকবাৰী সমষ্টিত আছিল৷ এইবাৰ হাজো-শুৱালকুছি সমস্টিত ভোট দিব লাগিব৷ আগতে জালুকবাৰী সমস্টিত এগৰাকী বিধায়ক আছিল ৷ এতিয়া তিনি গৰাকী বিধায়ক হব ৷ তিনিও গৰাকী বিধায়কে সমস্টিৰ উন্নয়নৰ বাবে কাম কৰিব ৷ তেওঁ কয় যে অসম প্ৰাকৃতিক সম্পদৰে পৰিপূৰ্ণ আৰু অসমৰ ৰাইজ বহুত আজবঢ়া ৷ অসমে শৰাইঘাটৰ যুদ্ধ জয় কৰাৰ লগতে লাচিত বৰফুকন, চিলাৰায়,মূলা গাভৰু, জয়মতী, লোকপ্ৰিয় গোপীনাথ বৰদলৈ, ড°ভূপেন হাজৰিকাৰ দৰে সম্পদৰ জন্ম দিছে। গতিকে অসম সদায় এক অনন্য।

কংগ্ৰেছ দিনত চৰকাৰী আচনিত আছিল ধুতি, কম্বল, লুঙি,সুতা, আঠুৱা আদি৷ কিন্ত বিজেপি চৰকাৰে ৰাইজৰ কামত অহা অৰুণোদয়, নিযুত মাইনা আদি আচনি দিছে ৷ ২০০১ চনত বিধায়ক হিচাৱে নিৰ্বাচিত হৈ স্বাস্থ্যমন্ত্ৰীৰ দ্বায়িত্ব লৈ অসমত তিনিখন মেডিকেলৰ পৰা যোৰহাট, বৰপেটা, তেজপুৰ লৈ ছয়খন মেডিকেল হল ৷ শিক্ষামন্ত্ৰী হৈ প্ৰথমবাৰৰ বাবে অসমত টেটৰ দৰে পৰীক্ষা অনুস্হিত কৰি নিকা নিযুক্তিৰে জনসাধাৰণৰ মনলৈ এক আশাৰ বাৰ্তা কঢ়িয়াই অনা হল ৷ ২০১৪ চনত দেশৰ প্ৰধানমন্ত্ৰী হল নৰেন্দ্ৰ মোদী ৷

প্ৰধানমন্ত্ৰী গৰাকীয়ে ধলা সদিয়া আৰু বগীবিলৰ দলং উদ্বোধন কৰিলে ৷ CM News Assam তেওঁ অসমৰ বিদ্ৰোহী সংগঠন সমুহৰ লগত কথাবতৰা  পাতি অসম আৰু বড়োলেণ্ডলৈ এক শান্তিৰ বতৰা অনাৰ সময়তে  অসমত কা আন্দোলনক লৈ পুনৰ এক অশান্তিৰ সৃষ্টি হল ৷ এটা ভূৱা আন্দোলনত অসমৰ জনগণ ৰাজপথ ওলাই এক অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিলে ৷ তাৰ পিছতে কভিদ মহামাৰীয়ে ৰাজ্যখনত আগুৰি ধৰিলে ৷ যিমান পাৰি সৰ্বশক্তি প্ৰদান কৰি কভিদ ৰোধ কৰা হল ৷

অন্য ৰাজ্যৰ তুলনাত অসমত কভিদত মৃত্যুৰ সংখ্যা কম বুলি উল্লেখ কৰি কভিদৰ সময়ত অসমৰ ৰাইজক পাৰ্যমানে ঔষধ আদিৰে সহায় কৰা হৈছে বুলি দোহাৰে ৷ বিগত চাৰি বছৰত ডেৰ লাখ নিৱণুৱা যুৱক যুৱতিক চৰকাৰী চাকৰিত মকলৰ কৰা বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে, পূৰ্বৰ তিনিখন মেডিকেল কলেজৰ পৰিৱৰ্তে এতিয়া ১৪ খন মিডিকেল কলেজ হল আৰু প্ৰতি জিলাতে একোখনকৈ মেডিকেল কলেজ হব বুলি কয় ৷

তাৰ সমান্তৰালকৈ অসমৰ প্ৰতিখন জিলাত একোখনকৈ ইঞ্জিনিয়াৰং কলেজ নিৰ্মাণ হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে ব্ৰহ্মপুত্ৰক সংযোগ প্ৰতিখন জিলাত একোখনকৈ দলং নিৰ্মাণ কৰা হব ৷ আজি স্কুল সদুহে নতুন প্ৰাণ পাইছে আৰু ঠিক তেনেদৰে অগংণাবাড়ী কেন্দ্ৰ সমুহেও নতুন ৰূপ পাইছে ৷ মদেল অংগণবাড়ী কেন্দ্ৰলৈ ৰূপান্তৰ হৈছে ৷

অসমীয়া ভাষাই ধ্ৰপদী ভাষাৰ সন্মান লাভ কৰাৰ লগতে অসমৰ বিহুই বিশ্ব ৰেকৰ্ড গঢ়াৰ লগতে ঝুমুৰে ৰাস্ট্ৰীয় ৰেকৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে৷ আনহাতে চৰাইদেউ মৈদানে বিশ্ব ঐতিহ্যক্ষেত্ৰৰ মৰ্যদা লাভ কৰাৰ লগতে লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীয়ে লাচিত বৰফুকনক বিশ্বত প্ৰতিষ্ঠা কৰিলে৷

আলাবৈ ৰণেও এক মৰ্যদা লাভ কৰিবলৈ সক্ষম হৈছে। অসমত চেমিকন্দাক্টৰকে অসমত আগন্তুক দিনত পাচ লাখ কোটি টকাৰ বিনিময় হব বুলি দোহাৰে ৷ বৰাক নদীত ছয়খন দলং নিৰ্মাণৰ কাম কৰাৰ লগতে শিলচৰ আৰু শ্বিলংৰ মাজত বাইশ হাজাৰ কোটি টকাৰে এটা পথ নিৰ্মাণ হব ৷ জালুকবাৰী এটা সমস্টি যত এটা সমস্টিত ব্ৰহ্মপুত্ৰৰ ওপৰত দুখন দলং ৷ দেশত এনে সমস্টি এটাও নাই বুলি উল্লেখ কৰি তেওঁ কয় যে, আজি অসমৰ বাহিৰৰ ৰাজ্য সমুহৰ ৰিস্কা চালক বা টেক্সি চালকে অসমৰ বিষয়ে জানিব বিচাৰে অসমৰ মানুহৰ লগত কথা পাতিব বিচাৰে৷

জালুকবাৰী মোৰ ঘৰ, শুৱালকুছি মোৰ ঘৰ বুলি উল্লেখ কৰি মই বিধায়ক থকা নথকাৰ কোনো কথা নাই ৷ মই সদায় শুৱালকুছিবাসীৰ লগত আছো আৰু থাকিম বুলি এক আবেগিক বক্তব্য ৰাখে ৷ তেওঁ পেহালগামৰ নৰসংহাৰ ঘটনাত গভীৰ দুখ প্ৰকাশ কৰি কয় য়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাত জড়িত এজনকো কোনোপধ্যে সাৰি যাব নিদিয়ে বুলি কোৱা কথাৰ উল্লেখ কৰি তেওঁ কয় যে অসমৰ নিমখ খান পাকিস্তানৰ গুন গোৱা সকলক কোনো কাৰণতে ৰেহাই দিয়া নহব বুলি কয় ৷

অসমৰ যি সকলে পাকিস্তানৰ সপক্ষে ফেচবুক পোস্ট বা ছচিয়েল মিডিয়াত নিজৰ বক্তব্য দি আছে তেওঁলোককো তেওঁ সাৱধান কৰি দি কয় যে ইয়াৰ পৰিত্ৰাণ ভোগ কৰাটো নিশ্চিত ৷ তেওঁ বিজেপি আৰু অগপৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী সকলক দেশ ৰাজ্যৰ প্ৰগতিৰ বাবে বিপুল ভোটত জয়ী কৰাবলৈ আহ্বান জনায় ৷

সভাত বিধায়িকা সুমন হৰিপ্ৰিয়া, ভাৰতীয় যুৱ মৰ্চাৰ সভাপতি ৰাকেশ দাস, উত্তৰ কামৰূপ জিলাৰ বিজেপিৰ সভাপতি ভাস্কৰ কলিতা, পঞ্চায়ত নিৰ্বাচনী সমিতিৰ সভাপতি ক্ৰমে চাইদুল ইছলাম, ভূপেন কলিতা, কংকন কলিতা, যশপাল কলিতা, ভৱেশ কলিতা, অগপৰ ৰজনী দাস, শুৱালকুছি জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী ধীৰাজ মহন্ত উপস্থিত থাকে ৷ CM News Assam

সভাৰ আৰম্ভণিতে শিল্পী কল্লোল বৰঠাকুৰে গীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে ৷ অনুস্হানটিৰ আত ধৰে ৰূপক বৈশ্যই ৷ পিছত তেওঁ শিঙিমাৰীতো এখন নিৰ্বাচনী সভাত ভাগ চৰকাৰৰ উন্নয়নমূলক আচনি সমুহৰ বিষয়ে উল্লেখ কৰি বিজেপি দলৰ প্ৰাৰ্থী সকল ভোট দিয়াৰ আহ্বান জনায় ৷

প্ৰেৰক দিলীপ মেধি

You might also like