ধৰমশালাত আধাতে দিল্লী-পঞ্জাবৰ আইপিএলৰ মেচ বাতিল
🔹 পাকিস্তানে এলঅ’চিত আক্রমণ কৰাৰ পিছতে বন্ধ ষ্টেডিয়ামৰ লাইট
নিউজ ডেস্ক, ৯ মে’ : ধৰমশালাত কালি আধাতে বাতিল হ’ল দিল্লী কেপিটেলছ আৰু পঞ্জাব কিংছৰ মাজৰ আইপিএলৰ মেচ৷ বৰষুণৰ বাবে মেচখন পলমকৈ আৰম্ভ হৈছিল যদিও খেলখন চলি থকাৰ মাজতে পাকিস্তানে এলঅ’চিত আক্রমণ কৰাৰ পিছত ষ্টেডিয়ামৰ লাইট বন্ধ কৰি দিয়া হয়৷ ষ্টেডিয়ামত উপস্থিত থকা সকলো দর্শকক খেলপথাৰ ত্যাগ কৰিবলৈ নির্দেশ দিয়া হয়৷ ইয়াৰ কিছু সময় পিছতে মেচখন বাতিল কৰাৰ সিদ্ধান্ত গ্রহণ কৰে আয়োজকে৷ অৱশ্যে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে ধৰমশালাৰ ষ্টেডিয়ামৰ কাষৰীয়া অঞ্চলত ব্লেকআউট হোৱাৰ বাবেই ষ্টেডিয়ামৰ লাইট বন্ধ হৈ যায় আৰু ইয়াৰ বাবে মেচখন বাতিল কৰিবলগীয়া হয় বুলি জনায় ৷ নিশা পাকিস্তানী সেনাই পঞ্জাবৰ একাধিক অঞ্চলক লক্ষ্য কৰি আক্রমণ চলায়৷ ৰাজ্যখনৰ কেইবাখনো জিলাত ব্লেকআউট কৰা হৈছিল আৰু ইয়াৰ মাজতে ধৰমশালাৰ ষ্টেডিয়ামৰ লাইট বন্ধ হৈ যায়৷ ধৰমশালা পাকিস্তান সীমান্তৰ পৰা মাত্র ৬০ কিঃমিঃ দূৰত অৱস্থিত৷ খেলৰ সময়ত ষ্টেডিয়ামৰ চাৰিটা ফ্লাড লাইট এটা এটাকৈ বন্ধ কৰি দিয়া হয়৷ কিছু সময়ৰ পিছতে আম্পায়াৰে মেচ বাতিল হোৱাৰ কথা ঘোষণা কৰে আৰু ইয়াৰ পিছতে আয়োজকে দর্শক আৰু আইপিএলৰ বিষয়ববীয়াসকলক ষ্টেডিয়াম এৰিবলৈ নির্দেশ দিয়ে। বর্ষাবিঘ্ণিত মেচখনত টছত জয়লাভ কৰি পঞ্জাবে বেটিং কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছিল৷ খেলখন ১০.১ অভাৰ সমাপ্ত হোৱাৰ পিছতেই বাতিল কৰে৷ সেই সময়ত পঞ্জাবে এটা উইকেট হেৰুৱাই ১২২ ৰান সংগ্রহ কৰিছিল৷ অ’পেনাৰ প্রিয়াংশ আর্যই ৩৪টা বলত ৭০ ৰান কৰি পেভিলিয়নমুখী হয়৷ ইফালে, আনজন অ’পেনাৰ প্রভছিমৰন সিঙে ২৮টা বলত ৫০ ৰান কৰি অপৰাজিত হৈ থাকে৷ ইপিনে, সমগ্র খেলখন উপভোগ কৰিব নোৱাৰাৰ বাবে ধৰমশালা ষ্টেডিয়ামৰ একাংশ দর্শকে পাকিস্তান মুর্দাবাদ ধ্বনি দি উত্তাল কৰি তোলে৷ উল্লেখ্য যে নিৰাপত্তাজনিত কাৰণত ১১ মে’ত পঞ্জাব আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত ধৰমশালাত হ’বলগীয়া মেচখন আহমেদাবাদলৈ স্থানান্তৰ কৰা হয়৷