নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উঃ প্রদেশত ১৭ নৱজাত কন্যাৰ নাম ৰাখিলে ‘ সিন্দূৰ ’

🔹 সশস্ত্র বাহিনীক সন্মান

নিউজ ডেস্ক, ১৩ মে’ : পাকিস্তানৰ সন্ত্রাসবাদীৰ বিৰুদ্ধে ভাৰতীয় সেনাৰ অপাৰেচন সিন্দূৰ এতিয়া দেশৰ বাবে গৌৰৱ হৈ উঠিছে৷ অপাৰেচন সিন্দূৰৰ সফলতাৰ বাবে ভাৰতীয় সশস্ত্র বাহিনীক সন্মান জনাই নৱজাত কন্যাৰ নাম সিন্দূৰ ৰাখিবলৈ মন মেলিছে ভাৰতীয় নাগৰিকে৷ উত্তৰ প্রদেশৰ কুশীনগৰ জিলাত অপাৰেচন সিন্দূৰক লৈ নৱজাত কন্যাৰ নাম ৰখাটো অভিনৱ উদাহৰণ হৈ উঠিছে৷ ভাৰতীয় পৰম্পৰাত মহিলাৰ সন্মানৰ প্রতীক হিচাপে চিহ্ণিত সিন্দূৰ নামকৰণ কৰি পেহেলগামত প্রাণ হেৰুওৱা লোকৰ বিধৱাৰ প্রতি সন্মান প্রদর্শন কৰি ভাৰতীয় সেনাৰ এই অভিযানক অপাৰেচন সিন্দূৰ নাম ৰাখিছিল৷ আনকি অপাৰেচন সিন্দূৰৰ ব্যাখ্যা আগবঢ়াবলৈও ভাৰতীয় সেনাই দুগৰাকী মহিলা সামৰিক বিষয়াক সংবাদ মেল সম্বোধনৰ দায়িত্ব অর্পণ কৰে৷ এনে চর্চাৰ মাজতেই উত্তৰ প্রদেশৰ কুশীনগৰ জিলাত ১৭ নৱজাত কন্যাৰ নাম পিতৃ–মাতৃয়ে সিন্দূৰ ৰাখিছে৷ দুদিনৰ ভিতৰতে ১৭গৰাকী কন্যাৰ নাম সিন্দূৰ ৰাখিছে বুলি কুশীনগৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ আৰ কে শ্বাহীয়ে সংবাদ মাধ্যমৰ আগত প্রকাশ কৰিছে৷ পৰিয়ালে তেওঁলোকৰ নৱজাত কন্যাৰ নাম সিন্দূৰ ৰাখি ভাৰতীয় পৰম্পৰাৰ লগতে সশস্ত্র বাহিনীক সন্মান জনোৱাৰ এক বিৰল উদাহৰণ দাঙি ধৰিছে৷

You might also like