নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰোহিতৰে একেদিনাই কোহলিয়ে টেষ্টৰ পৰা অৱসৰ ল’ব বিচাৰিছিল

মে’ত ৰোহিতে টেষ্ট ক্রিকেটৰ পৰা অৱসৰ গ্রহণ কৰিছিল

নিউজ ডেস্ক, ১৪ মে’ : ৰোহিতৰে একেদিনাই কোহলিয়ে টেষ্টৰ পৰা অৱসৰ ল’ব বিচাৰিছিল। ৰোহিত শর্মাৰ সৈতে একেদিনাই টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ল’ব বিচাৰিছিল বিৰাট কোহলিয়ে৷ কিন্তু অপাৰেচন সিন্দূৰৰ বাবে বিৰাট কোহলিক টেষ্ট ক্রিকেটৰ পৰা অৱসৰ লোৱাত বাধা দিছিল ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷

৭ মে’ত ৰোহিতে টেষ্ট ক্রিকেটৰ পৰা অৱসৰ গ্রহণ কৰিছিল আৰু ইয়াৰ আগদিনা নিশাৰ পৰাই ভাৰতে আৰম্ভ কৰিছিল অপাৰেচন সিন্দূৰ অভিযান৷ সেই কাৰণে ব’র্ডে কোহলিক অৱসৰ ঘোষণা কৰাত বাধা প্রদান কৰিছিল৷

৭ মে’ত ৰোহিতে টেষ্টৰ পৰা অৱসৰ কথা ঘোষণা কৰিছিল আৰু কোহলিয়েও সেইদিনা ছ’চিয়েল মিডিয়াত অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছিল৷ কিন্তু ব’র্ডে কোহলিক কিছুদিন অপেক্ষা কৰিবলৈ পৰামর্শ দিছিল৷ কাৰণ, সেই সময়ত ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ আৰম্ভ হৈছিল৷ কোহলিয়ে পূর্বে অৱসৰৰ বিষয়ে ব’ৰ্ডক অৱগত কৰিছিল যদিও সেই সময়ত ব’র্ডে তাৰকা ক্রিকেটাৰগৰাকীক নিজৰ সিদ্ধান্ত সলনি কৰিবলৈ পৰামর্শ দিছিল৷

শনিবাৰে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ বিৰতি ঘোষণা কৰা হয় আৰু সোমবাৰে কোহলিয়ে ছ’চিয়েল মিডিয়াত টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা কৰিবলৈ ওলাইছে বুলি ব’ৰ্ডক অৱগত কৰিছিল আৰু ইয়াৰ লগে লগে ১৪ বছৰীয়া বর্ণিল টেষ্ট কেৰিয়াৰৰ সামৰণি পৰে বিৰাট কোহলিৰ৷ উল্লেখ্য যে ২০২৪ চনত টি–২০ বিশ্বকাপ জয় কৰাৰ দিনাই ক্রিকেটৰ হ্রস্ব সংস্কৰণটোক একেলগে বিদায় জনাইছিল কোহলি আৰু ৰোহিত শর্মাই৷

You might also like