নগ্ন ছবি দেখুৱাই ছাত্রক যৌ*ন নির্যাতন ৰুছ শিক্ষয়িত্রীৰ
🔹 নগ্ন ছবি দেখুৱাই ছাত্রক যৌ*ন নির্যাতন ৰুছ শিক্ষয়িত্রীৰ
🔹 ৯ বছৰ কাৰাদণ্ড বিহিলে আদালতে
নিউজ ডেস্ক, ১৯ মে’ : ১১ বছৰীয়া কিশোৰৰ সৈতে যৌ/না/চা/ৰ শিক্ষয়িত্রীৰ! দিনৰ পাছত দিন ধৰি বিদ্যালয়ত নিজৰ নগ্ন ছবি দেখুৱাই নাবালক ছাত্রক বিভিন্ন ধৰণে যৌ*ন আতিশয্য চলাইছিল শিক্ষয়িত্রীগৰাকীয়ে৷ স্কুলৰ শিক্ষার্থীক ব্যৱহাৰ কৰি নিজৰ যৌ*ন চাহিদা পূৰণৰ অপৰাধত ২৭ বছৰীয়া এই শিক্ষয়িত্রীক ৯ বছৰ কাৰাদণ্ড বিহা হৈছে৷ এই ঘটনাটো ৰাছিয়াৰ৷ আনা প্লাকছিউক নামৰ ২৭ বছৰীয়া এই বিকৃত মানসিকতাৰ শিক্ষয়িত্রীগৰাকী এখন প্রাথমিক বিদ্যালয়ত কর্মৰত আছিল৷ বিদ্যালয়ত যথেষ্ট সুনামো আছিল শিক্ষয়িত্রীগৰাকীৰ৷ বিবাহিত শিক্ষয়িত্রীগৰাকীৰ বিৰুদ্ধে অভিযোগ উঠে যে পাঠদান শেষ হোৱাৰ পাছত ১১ বছৰীয়া এজন কিশোৰক শ্রেণীকোঠাত আটক কৰি ৰাখিছিল তেওঁ৷ ইয়াৰ পাছত ছাত্রজনক নিজৰ নগ্ণ ছবি দেখুৱাই বিভিন্ন ধৰণে যৌ*ন আতিশয্য চলাইছিল৷ লক্ষণীয়ভাৱে ছাত্রজনৰ ফোনৰ হোৱাটছএপত শিক্ষয়িত্রীগৰাকীয়ে সঘনে নগ্ণ ছবি প্রেৰণ কৰিছিল৷ ছাত্রজনৰ মাতৃৰ নজৰলৈ আহে এই ঘটনা৷ ইয়াৰ পাছতে অধ্যক্ষক জনোৱাৰ লগে লগে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হয়৷ শেহতীয়াকৈ গোচৰত দোষী সাব্যস্ত কৰি আদালতে ৯ বছৰ কাৰাদণ্ড বিহিছে শিক্ষয়িত্রীগৰাকীক৷