নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনে পাকিস্তানক দিছিল ছেটেলাইট ছার্ভিলেঞ্চ-ক্ষেপণাস্ত্র প্রতিৰক্ষা ব্যৱস্থা

🔹 অপাৰেচন সিন্দূৰ সন্দর্ভত ব্যাখ্যা দিলে বৈদেশিক সচিবে

নিউজ ডেস্ক, ২০ মে’ : অপাৰেচন সিন্দূৰ আৰু সীমান্তৰ সিপাৰৰ সন্ত্রাসবাদৰ বিষয়ে আন্তর্জাতিক মঞ্চত উপস্থাপন কৰিবলৈ কেন্দ্রীয় চৰকাৰে বিশ্বৰ প্রধান দেশসমূহলৈ ৭টা সর্বদলীয় সাংসদৰ প্রতিনিধি দল প্রেৰণ কৰাৰ প্রস্তুতি সম্পূর্ণ কৰি তুলিছে৷ ইতিমধ্যে কেন্দ্রীয় চৰকাৰে ৭টা সর্বদলীয় প্রতিনিধি দল গঠন কৰি আনুষ্ঠানিকভাৱে ঘোষণাও কৰিছে৷ এই প্রস্তুতি চলি থকাৰ সময়তে কালি বৈদেশিক পৰিক্রমাৰ সংসদীয় ষ্টেণ্ডিং কমিটীৰ সন্মুখত বৈদেশিক সচিব বিক্রম মিশ্রিয়ে অপাৰেচন সিন্দূৰ আৰু ভাৰত–পাকিস্তানৰ মাজৰ উত্তেজনা সন্দর্ভত বিতং ব্যাখ্যা আগবঢ়ায়৷ বৈদেশিক সচিব মিশ্রিয়ে কমিটীৰ আগত ইছলামাবাদৰ সৈতে হোৱা কূটনৈতিক সম্পর্ক, সীমান্তৰ সিপাৰৰ নিৰাপত্তা প্রত্যাহ্বান আৰু আঞ্চলিক সুস্থিৰতাৰ ওপৰত ব্যাখ্যা আগবঢ়ায়৷ তদুপৰি বৈদেশিক সচিবগৰাকীয়ে চুবুৰীয়া ৰাষ্ট্রৰ সৈতে ভাৰতৰ বৈদেশিক নীতিক লৈও ব্যাখ্যা আগবঢ়ায়৷ কংগ্রেছ সাংসদ শশী থাৰুৰ নেতৃত্বাধীন সংসদীয় ষ্টেডিং কমিটীয়ে ভাৰতীয় সেনাৰ অপাৰেচন সিন্দূৰৰ প্রসংগৰে কূটনৈতিক, সামৰিক আৰু আঞ্চলিক ৰাজনীতিৰ ওপৰত প্রাধান্য দি বিশ্বৰ মঞ্চত বিষয়টো উত্থাপন কৰিব৷ পেহেলগাম নৰসংহাৰৰ পাছত ভাৰতীয় সেনাই পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত নিষিদ্ধ সন্ত্রাসবাদী সংগঠনৰ ঘাটিত আক্রমণ কৰাই নহয়, পাকিস্তানৰ ভূমিত প্রৱেশ কৰি দেশখনৰ বায়ুসেনাৰ ঘাটিতো প্রচণ্ড আক্রমণ চলাইছিল৷ ইয়াৰ পাছতে দুয়োখন দেশৰ মাজত অঘোষিত যুদ্ধৰ পৰিৱেশ সৃষ্টি হয়৷ পাকিস্তানে আগবাঢ়ি আহি ভাৰতৰ সৈতে যুদ্ধবিৰতিৰ প্রস্তাৱ আগবঢ়োৱাত ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি হয়৷ ইয়াৰ পাছতে পাকিস্তানৰ মিথ্যাচাৰ উদঙাবলৈ কেন্দ্রীয় চৰকাৰে বিশ্বৰ প্রধান প্রধান দেশসমূহলৈ ৭টা সর্বদলীয় সাংসদৰ প্রতিনিধি প্রেৰণৰ সিদ্ধান্ত লৈছে৷

যুদ্ধৰ সময়ত চীনে পাকিস্তানক দিছিল ছেটেলাইট ছার্ভিলেঞ্চ আৰু ক্ষেপণাস্ত্র প্রতিৰক্ষা ব্যৱস্থা

ভাৰতৰ ওপৰত মিছাইল আৰু ড্রোন আক্রমণত পাকিস্তানক চীনে পূর্ণ সহযোগিতা আগবঢ়োৱাটো নিশ্চিত হৈছে৷ চীনৰ ক্ষেপণাস্ত্র প্রতিৰক্ষা ব্যৱস্থাকে ধৰি মিছাইল পাকিস্তানী সেনাই ব্যৱহাৰ কৰাটো ইতিমধ্যে চর্চিত হোৱাৰ পাছত ভাৰতৰ প্রতিৰক্ষাৰ নীতি নির্ধাৰকে যুদ্ধৰ সময়ত প্রত্যক্ষভাৱে চীনে পাকিস্তানক যুদ্ধ সামগ্রী যোগান ধৰা বুলি নিশ্চিত কৰিছে৷ ভাৰত আৰু পাকিস্তানৰ মাজত অঘোষিত যুদ্ধৰ সময়ত পাকিস্তানৰ বন্ধু ৰাষ্ট্র চীনে দেশখনক ছেটেলাইট ছার্ভিলেঞ্চ আৰু ক্ষেপণাস্ত্র প্রতিৰক্ষা ব্যৱস্থা যোগান ধৰিছিল৷ ইছলামাবাদৰ সৈতে সম্পর্ক আৰু অধিক ঘনিষ্ঠ কৰাৰ লক্ষ্যৰে ভাৰতৰ সৈতে উত্তেজনা চলি থকাৰ সময়তে বেইজিঙে ইছলামাবাদক ভাৰতৰ সৈতে মোকাবিলা কৰিবলৈ ছেটেলাইট ছার্ভিলেঞ্চ আৰু ক্ষেপণাস্ত্র প্রতিৰক্ষা ব্যৱস্থা যোগান ধৰিছিল৷ চীনে এইক্ষেত্রত সামৰিক সাহায্য আগবঢ়োৱা নাই বুলি দাবী কৰি আহিছে যদিও শেহতীয়াভাৱে ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা উত্তেজনাৰ সময়ত দেশখনে যুদ্ধাস্ত্র যোগান ধৰাটো প্রমাণিত হৈছে৷ ২২ এপ্রিলত পাকিস্তানী সন্ত্রাসবাদীয়ে পেহেলগামত ২৫ পর্যটকসহ ২৬জন নিৰীহ লোকক বর্বৰতাৰে হত্যা কৰাৰ পাছতে চীনে পাকিস্তানক উল্লিখিত সামগ্রী যোগান ধৰিছিল৷ চেণ্টাৰ ফৰ জইণ্ট ৱাৰফেয়াৰ ষ্টাডিজৰ সঞ্চালকপ্রধান অশোক কুমাৰে এই তথ্য ভাৰতৰ প্রতিৰক্ষা মন্ত্রালয়ক যোগান ধৰিছে৷ কুমাৰে প্রকাশ কৰা মতে, চীনে পাকিস্তানক যোগান ধৰা সামৰিক ব্যৱস্থা যুদ্ধৰ পূর্বেই ব্যর্থ হৈ পৰিছে বুলিও কয়৷ ভাৰতীয় সেনাই চীনৰ এই সামৰিক ব্যৱস্থাক তচনচ কৰি পাকিস্তানৰ সকলো আক্রমণ সম্পূর্ণৰূপে প্রতিহত কৰিছিল৷ মন কৰিবলগীয়া যে অশোক কুমাৰে ভাৰতীয় প্রতিৰক্ষা মন্ত্রালয়ক সামৰিক বাহিনীক আৰু অধিক উন্নীত কৰাৰ ক্ষেত্রত পৰামর্শ আগবঢ়াইছে৷ কিয়নো ভৱিষ্যতে যদি ভাৰত আৰু চীনৰ মাজত সংঘর্ষ হয় তেতিয়াহ’লে পাকিস্তানে পূর্ণ সমর্থন দিব৷

You might also like