নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱত ৯জন পলাতক বাংলাদেশী নাগৰিক -ক গ্রেপ্তাৰ

🔹 বাংলাদেশী নাগৰিক -ৰূপে বিদেশী ন্যায়াধিকৰণত ঘোষিত 

বিশেষ বাৰ্তা, ২৫ মে’ : মৰিগাঁও আৰক্ষীয়ে কালি জিলাখনত বাংলাদেশী নাগৰিক -ৰ বিৰুদ্ধে চলোৱা এক অভিযানত জিলাখনৰ বিভিন্ন স্থানৰ পৰা ৯জন বাংলাদেশী নাগৰিকক গ্রেপ্তাৰ কৰে৷ মৰিগাঁৱৰ বিদেশী ন্যায়াধিকৰণে ইতিমধ্যে বাংলাদেশী নাগৰিক বুলি ঘোষণা কৰা এই লোককেইজন দীর্ঘদিন ধৰি পলাতক হৈ আছিল৷ মৰিগাঁৱৰ সীমান্ত শাখাৰ আৰক্ষীয়ে এক গোপন অভিযান চলাই মৰিগাঁও থানাৰ অন্তর্গত উছমান আলী, জয়নাল আবেদিন, মিকিৰভেটা থানাৰ অন্তর্গত আব্দুল খাই, খাইৰুল ইছলাম, জাগীৰোড থানাৰ অন্তর্গত উফা আলী, ধৰমতুল থানাৰ অন্তর্গত হাফিজুদ্দিন, আব্দুল লটিফ, মায়ং থানাৰ অন্তর্গত নুৰ ইছলাম, লাহৰীঘাট থানাৰ অন্তর্গত গুলজাৰ হুছেইনক গ্রেপ্তাৰ কৰে৷ জানিব পৰা মতে, মৰিগাঁৱৰ বিদেশী ন্যায়াধিকৰণত বাংলাদেশী নাগৰিক সাব্যস্ত হোৱা এই লোককেইজনৰ ভিতৰৰে দুজনমানে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল যদিও উচ্চ ন্যায়ালয়ে বিদেশী ন্যায়াধিকৰণৰ ৰায়টোকে বাহাল ৰাখিছিল৷ ধৃত বাংলাদেশী লোককেইজনক আৰক্ষীয়ে সোধা–পোছা অব্যাহত ৰাখিছে।

You might also like