নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রাজিলত ব’লছ’নাৰোৰ বিৰুদ্ধে বৃহৎ বিক্ষোভ

ক’ৰোনা ভাইৰাছক ‘হিষ্টেৰিয়া’ আখ্যা

নিয়মীয়া বাৰ্তা ২০ মাৰ্চঃ ক’ৰোনা ভাইৰাছৰ প্রতিৰোধৰ ক্ষেত্রত বিশেষ ব্যৱস্থা গ্রহণ কৰা নাই বুলি ব্রাজিলৰ ৰাষ্ট্রপতি জাইৰ ব’লছ’নাৰোৰ বিৰুদ্ধে ৰাজধানী ছাও পাওলো আৰু ৰি’ ডি জেনেইৰ’ত নজিৰবিহীন বিক্ষোভ সাব্যস্ত হৈছে৷ ব্রাজিলৰ এই মহানগৰ দুখনত কালি সন্ধিয়া কেইবা নিযুত লোকে নিজ বাসগৃহৰ খিৰিকীমুখত থিয় হৈ সমস্বৰে পদত্যাগ দাবী কৰে ৰাষ্ট্রপতি ব’লছ’নাৰোৰ৷ উল্লেখনীয় যে ৰাষ্ট্রপতিগৰাকীৰ বিৰুদ্ধে প্রথমবাৰলৈ লেটিন আমেৰিকাৰ দেশখনত এনে বৃহৎ বিক্ষোভ সংগঠিত হৈছে৷ ব্রাজিলত এতিয়ালৈকে ৫ শতাধিক লোক ক’ৰোনা ভাইৰাছৰ দ্বাৰা সংক্রমিত হৈছে৷ এই লোকসকলৰ ভিতৰত দুগৰাকী মন্ত্রীও আছে৷ ইফালে, ক’ৰোনাত সংক্রমিত হৈ দেশখনত প্রাণ হেৰুৱাইছে চাৰিগৰাকী লোকে৷ ক’ৰোনা ভাইৰাছ প্রতিৰোধৰ বাবে পূর্ব ব্যৱস্থা গ্রহণ কৰা কার্যক ‘হিষ্টেৰিয়া’ আখ্যা দিছিল ব’লছ’নাৰোৱে৷

You might also like