কৃষ্ণচূড়া-এজাৰ-সোণাৰুৰ পাহিৰে সুশোভিত প্ৰকৃতি, নগাঁৱত ৰং-বিৰঙী ফুলৰ সমাহাৰ
বিশেষ বাৰ্তা, ২৭ মে’ : এতিয়া মৌচুমীৰ আগমনৰ বতৰ। সময়ে সময়ে বৰষুণেও ভুমুকি মাৰিছে। জীপাল হৈ উঠিছে বন-জংঘল-কৃষি পথাৰ। এই সময়তে ফলে-ফুলে জাতিস্কাৰ হৈ পৰে ধৰা। সমগ্র ৰাজ্যখনৰ লগতে নগাঁও জিলাত ৰং বিৰঙৰ ফুলেৰে ভৰি পৰিছে আকাশ।
বসন্ত কালত গছ- বিৰিখে কুহিপাত মেলাৰ পিছত এতিয়া গ্ৰীষ্মকালীন সময়ত প্ৰকৃতিয়ে ধাৰণ কৰিছে এক বিনন্দীয়া ৰূপ। চৌপাশৰ গছ-বিৰিখ এতিয়া চঞ্চলা হৈ পৰিছে। গছ-বিৰিখ ভিন্নৰঙী ফুলেৰে জাতিস্কাৰ।
খেয়ালি প্ৰকৃতিয়ে নিজৰ নিয়ম আপোন মনেৰে পালন কৰি এক সুশোভিত পৰিবেশৰ সৃষ্টি কৰিছে। এক অনাবিল পৰিবেশৰ মাজত মানুহৰ মনত এক প্ৰশান্তিৰ ভাব বিয়পাই আশাৰ সঞ্চাৰ কৰিবলৈ অতি সন্তৰ্পনে আগবাঢ়িছে প্ৰকৃতি। এতিয়া গছ-বিৰিখত সেউজীয়া পাত আৰু সেউজ পাতৰ মাজত ৰং বিৰঙৰ ফুলে বিৰাজ কৰিছে। প্ৰাণ পাই উঠিছে ফুলৰ চঞ্চলতা।
আকাশ ভৰি ফুলা কৃষ্ণচূড়া, এজাৰ, সোণাৰু আৰু ৰাধাচূড়া ফুলৰ বিনন্দীয়া পৰিবেশে প্ৰকৃতিপ্ৰেমীৰ মন- প্ৰাণ পুলকিত কৰি তুলিছে। ৰং-বিৰঙৰ ফুলে খনিকৰ বাবে হলেও মানুহৰ মন প্ৰশান্তিময় কৰি তুলিছে।
এতিয়া গ্ৰীষ্ম, বৰ্ষা ঋতুৱে ধৰণীলৈ কঢ়িয়াই আনিছে অলেখ প্ৰত্যয় আৰু প্ৰতিশ্ৰুতি। মাজে মাজে গাজনি-বিজুলী-ধুমুহা-বৰষুণ সামান্তৰাল ভাবে ৰ’দেও ভুমুকি মাৰিছে। এতিয়া নগাঁও জিলাৰ যেনিয়েই চোৱা যায়, তেনিয়েই দেখা যায় কৃষ্ণচুড়া, এজাৰ ,সোণাৰু, ৰাধাচুড়া ফুলৰ প্ৰাণ চঞ্চলতা।
বিতোপন পৰিবেশৰ সৃষ্টি কৰা এই গছ-বিৰিখৰ এতিয়া কাৰোলৈ ভ্ৰুক্ষেপ নাই। এতিয়া এজাৰ, কৃষ্ণচূড়া, ৰাধাচূড়া ফুলাৰ বতৰ।এজাৰ ফুলৰ বেজাৰ লগাবলৈ নহয়, এতিয়া নগাঁৱৰ আকাশত ফুলি উঠা এজাৰকে ধৰি আন আন ফুলে যেন মানুহৰ মনৰ দু:চিন্তা ,অৱসাদ আতৰাবলৈ ব্যস্ত হৈ পৰিছে।
এজাৰৰ সমানে নগাঁৱৰ আকাশত জিলিকিছে বসন্তৰ পৰশ লাগি আকাশ ৰঙাই চৌদিশ – চৌপাশে ফুলিছে কৃষ্ণচূড়া, ৰাধাচূড়া, সোণাৰু। তলসৰা ফুলে যেন পাতি দিছে ৰঙৰ দলিছা। ফুলৰ ৰং-বিৰঙৰ দৃশ্যই নগাঁৱত সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।
প্ৰকৃতিৰ এনে বিনন্দীয়া পৰিবেশ দেখি অভিভূত হৈ পৰা কবি, গীতিকাৰে সৃষ্টি কৰে মনপৰশা গীত আৰু কবিতা। ৰঙীন এই ফুলৰ। আৰত বিভিন্ন প্ৰজাতিৰ চৰাই-চিৰিকটিৰ লুকাভাকুৱে প্ৰকৃতিক যেন অতি মনোমোহা কৰি তুলিছে।
প্ৰতিকূল অভিজ্ঞতাৰে পুষ্ট মানৱ জীৱনলৈ প্ৰকৃতিৰ মায়াময় পৰিবেশে খনিকৰ বাবে হলেও সদায়েই আশাৰ বতৰা কঢ়িয়াই আনে। এজাৰ, সোণাৰু, ৰাধাচূড়া, কৃষ্ণচূড়া ফুলৰ ৰঙীন পৰিৱেশে বিধৌত কৰি তুলিছে মানুহৰ মন। বিনন্দীয়া প্ৰকৃতিৰ ৰূপত মানুহে লাভ কৰিছে অনাবিল আনন্দ।
With over two decades of transformative urban development, Gujarat is setting new benchmarks in building world-class cities. Addressing a programme in Gandhinagar. https://t.co/SY9QY6nqDB
— Narendra Modi (@narendramodi) May 27, 2025