উৎসমুখত ব্রহ্মপুত্রক ভেটা দিয়াৰ হুংকাৰ চীনৰ
🔹 উৎসমুখত ব্রহ্মপুত্রক ভেটা দিয়াৰ হুংকাৰ চীনৰ
🔹 সিন্ধু জলচুক্তিক লৈ পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ স্থিতিত ক্ষুণ্ণ বেইজিং
নিউজ ডেস্ক, ২ জুন : কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্রাসবাদী আক্রমণৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে গ্রহণ কৰা ‘জলযুদ্ধ’ৰ নীতিত দিশহাৰা হৈ পৰিছে পাকিস্তান৷ ইতিমধ্যে ‘অপাৰেচন সিন্দূৰ’ৰ জৰিয়তে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ ৯টা সন্ত্রাসবাদী শিবিৰ ভাৰতে ধ্বংস কৰাৰ পিছতো সিন্ধু জলচুক্তিক লৈ ভাৰত–পাকিস্তানৰ মাজত মতানৈক্য চলি আছে৷
শেহতীয়াকৈ সিন্ধু জলচুক্তিক লৈ ভাৰতে পাকিস্তানৰ বিৰুদ্ধে গ্রহণ কৰা স্থিতিত তীব্র অসন্তুষ্টি প্রকাশ কৰিছে চীনে৷ অকল সেয়াই নহয়, এই বিষয়টোত পাকিস্তানৰ প্রতি সমর্থন প্রকাশ কৰি চীনৰ ‘চেণ্টাৰ ফৰ চাইনা এণ্ড গ্লোবেলাইজেচন’ৰ উপ–সভাপতি ভিক্টৰ ঝিকাই গাৱে ঘোষণা কৰিছে যে ব্রহ্মপুত্রক উৎসমুখত ভেটা দিব পাৰে বেইজিং প্রশাসনে৷ অর্থাৎ ভাৰতলৈ ব্রহ্মপুত্রৰ পানীৰ সোঁতত বাধা প্রদান কৰিব পাৰে বুলি হুংকাৰ দিছে চীনা সংস্থাটোৰ বিষয়াগৰাকীয়ে ৷ লগে লগে ব্রহ্মপুত্রক লৈ দীর্ঘদিন ধৰি চলি থকা চীনৰ ষড়যন্ত্রৰ কথা পুনৰ উন্মোচিত হৈছে ভিক্টৰৰ এই মন্তব্যৰ জৰিয়তে৷ সিন্ধু জলচুক্তিক লৈ পাকিস্তানৰ বিৰুদ্ধে ভাৰতে যি পদক্ষেপ গ্রহণ কৰিছে, তাক লৈ বেইজিং প্রশাসন মুঠেও সন্তুষ্ট নহয় বুলি ভিক্টৰে স্পষ্ট ভাষাত উল্লেখ কৰা পৰিলক্ষিত হৈছে৷ চীনৰ বন্ধু পাকিস্তানে বিভিন্ন নদীৰ পৰা লাভ কৰা পানী যদি ভাৰতে বন্ধ কৰে, তেন্তে চীনেও ভাৰতৰ নদীৰ ক্ষেত্রত অনুৰূপ পদক্ষেপ গ্রহণ কৰিব বুলি উল্লেখ কৰিছে ভিক্টৰে৷
‘ইণ্ডিয়া টুডে’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ভিক্টৰে উল্লেখ কৰে যে ব্রহ্মপুত্র নদীৰ উৎসমুখ চীনৰ নিয়ন্ত্রণতেই আছে৷ ভাৰতৰ জল নিৰাপত্তাৰ বাবে অতি গুৰুত্বপূর্ণ ব্রহ্মপুত্র চীনৰ নিয়ন্ত্রণত থকা বুলি উল্লেখ কৰি ভিক্টৰে মন্তব্য কৰে যে বন্ধু ৰাষ্ট্র পাকিস্তানক যদি ভাৰতে পর্যাপ্ত পানী পোৱাৰ পৰা বঞ্চিত কৰে, তেন্তে অনুৰূপ পদক্ষেপ ভাৰতৰ বিৰুদ্ধে গ্রহণ কৰিবলৈ চীনেও কুণ্ঠাবোধ নকৰিব৷
লক্ষণীয়ভাৱে পেহেলগামত সন্ত্রাসবাদী আক্রমণৰ পিছতে পাকিস্তানৰ সৈতে থকা সিন্ধু জলচুক্তিৰ পৰা ভাৰতে নিজৰ সমর্থন প্রত্যাহাৰ কৰে৷ অর্থাৎ বন্ধ হৈ পৰে এই জলচুক্তি৷ এই প্রসংগতেই ভিক্টৰে উল্লেখ কৰে যে ভাৰতৰ পৰা যেনেদৰে পাকিস্তানলৈ বিভিন্ন নদীৰ জলধাৰা বৈ আছে, সেইদৰে চীনৰ পৰাও ভাৰতলৈ বহু গুৰুত্বপূর্ণ নদী বৈ আছে৷ গতিকে এইক্ষেত্রত চীনে কঠোৰ পদক্ষেপ গ্রহণ কৰিব পাৰে৷ আটাইতকৈ গুৰুত্বপূর্ণ বিষয়টো হৈছে তিব্বতত য়াৰলুং ছাংপো নামেৰে পৰিচিত ব্রহ্মপুত্রই কৈলাস পর্বতৰ মাজেৰে চীন–ভাৰত হৈ বাংলাদেশলৈ বৈ গৈছে ৷ বংগোপসাগৰত পৰালৈকে ব্রহ্মপুত্রৰ জলধাৰাই উপকৃত কৰিছে ভাৰতৰ বিস্তীর্ণ অঞ্চলক ৷ বিশেষকৈ উত্তৰ–পূব ভাৰতৰ ধমনী হিচাপে চিহ্ণিত হৈ আহিছে এই ব্রহ্মপুত্র ৷ যদি ব্রহ্মপুত্রৰ উৎসমুখত চীনে বাধা প্রদান কৰে, তেন্তে সমগ্র উত্তৰ–পূব ভাৰত হৈ পৰিব মৰুভূমি ৷ এই বিস্তীর্ণ অঞ্চলৰ জীৱন–জীৱিকালৈ নামি আহিব মহাসংকট৷ গতিকে চীনৰ এই অৱস্থানে ভয়াৱহ বিপদ কঢ়িয়াই আনিব পাৰে উত্তৰ–পূব ভাৰতলৈ ৷
লক্ষণীয়ভাৱে ভিক্টৰ গাৱে এইবুলি হুংকাৰ দিছে যে ভাৰতে অন্যৰ বিৰুদ্ধে যেনে পদক্ষেপ গ্রহণ কৰিব, সেই একেই পদক্ষেপ আনৰ পৰা আহিলে তাক মানি লোৱাৰ বাবে দেশখন সাজু থাকিব লাগিব৷ চীনৰ এই বিষয়ববীয়গৰাকীৰ এনে হুংকাৰে সমগ্র উত্তৰ–পূব ভাৰতৰ বাবে কঢ়িয়াই আনিছে অশনি সংকেত ৷ ইয়াৰ পৰিণতি ভোগ কৰিব লাগিব লাখ লাখ লোকে ৷ চীনৰ এনে স্থিতি স্বাভাৱিকতেই ভাৰতৰ বাবে উদ্বেগৰ কাৰণ হৈ পৰিছে ৷ কাৰণ ইতিমধ্যে ব্রহ্মপুত্রৰ দৰে বিভিন্ন নদীৰ গুৰুত্বপূর্ণ তথ্য ভাৰতক দিয়া বন্ধ কৰিছে দেশখনে ৷ ইয়াৰ উপৰি ভাৰতৰ অজ্ঞাতেই বহু গুৰুত্বপূর্ণ নদীৰ উৎসমুখত চীনে বিশাল বান্ধ নির্মাণ কৰা বুলিও অভিযোগ উঠিছে ৷ ইতিমধ্যে এই বান্ধসমূহক জলবিদ্যুৎ উৎপাদনৰ অন্যতম কেন্দ্র হিচাপে গঢ়ি তোলাৰ বাবে চীনে সংগোপনে কাম কৰি থকা বুলিও বিভিন্ন সময়ত ভাৰতে অভিযোগ কৰি আহিছে ৷
স্মর্তব্য যে চলিত বর্ষৰ আৰম্ভণিতে ব্রহ্মপুত্র নদীৰ ওপৰত চীনে বিশ্বৰ আটাইতকৈ বিশাল জলবিদ্যুৎ প্রকল্প নির্মাণ কৰিব বুলি ঘোষণা কৰিছিল ৷ ভাৰতৰ সীমান্তৰ সমীপতে চীনে এই প্রকল্প নির্মাণ কৰিব বুলি ঘোষণা কৰাৰ পিছতে তীব্র প্রতিক্রিয়া প্রকাশ কৰিছিল নতুন দিল্লীয়ে ৷ অকল ভাৰতলৈ জলধাৰা সুচল হৈ থকাৰ ক্ষেত্রত এই প্রকল্পই বাধা সৃষ্টি কৰাই নহয়, সমগ্র উত্তৰ–পূব ভাৰতত জৈৱ–বৈচিত্র্যলৈ ই নমাই আনিব ভয়াৱহ পৰিণতি ৷ গতিকে এই বিষয়টোক লৈ ভাৰত উদ্বিগ্ণ হৈ আছে ৷ ইফালে, ভাৰতে গ্রহণ কৰা ‘জলযুদ্ধ’ৰ নীতিয়ে পাকিস্তানক ইতিমধ্যে সংকটত পেলাইছে৷ দেশখনৰ কেইবাটাও সংবাদ সংস্থাই দাবী কৰা অনুসৰি দুদিনত পাকিস্তানলৈ ছেনাব নদীৰ জলপ্রবাহ হ্রাস পাইছে ৯১ হাজাৰ কিউছেক৷ বিষয়টোক লৈ প্রতিৱেশী দুয়োখন দেশৰ মাজত মতানৈক্য তীব্রতৰ হৈ থকা সময়তে ৰাষ্ট্রসংঘৰ মজিয়াত পাকিস্তানক কালি পুনৰ ভাৰতে সমালোচনাৰে তুলাধুনা কৰে৷ ভাৰতে স্পষ্ট কৰি দিয়ে যে সিন্ধু জলচুক্তি লংঘন কৰিছে পাকিস্তানেহে ৷
লক্ষণীয়ভাৱে ৰাষ্ট্রসংঘৰ অধিৱেশনত পাকিস্তানৰ তৰফৰ পৰা একপক্ষীয়ভাৱে ভাৰতে সিন্ধু জলচুক্তি বন্ধ কৰি দিয়া কার্য নিন্দনীয় বুলি অভিহিত কৰিছিল ৷ ইয়াৰ প্রত্যুত্তৰত ভাৰত পৰিৱেশ দপ্তৰৰ ৰাজ্যিক মন্ত্রী কীর্তিবর্ধন সিঙে পাকিস্তানক সমালোচনা কৰি কয় যে সন্ত্রাসবাদীক সমর্থন জনাই ভাৰত ভূমিত পাক চৰকাৰে কূটাঘাত সংঘটিত কৰি আহিছে৷ এনে পৰিস্থিতিত পাকিস্তানে প্রতিবেশী দেশখনৰ সৈতে থকা সিন্ধু জলচুক্তি নিজেই লংঘন কৰিছে ৷ ইয়াৰ বাবে ভাৰতক দোষাৰোপ কৰাটো অর্থহীন বুলিও উল্লেখ কৰে মন্ত্রীগৰাকীয়ে ৷ ইয়াৰ উপৰি সিন্ধু জলচুক্তিৰ চর্ত বর্তমান পৰিস্থিতিত সংশোধনৰ প্রয়োজন থকা বুলিও মন্তব্য কৰে মন্ত্রী কীর্তিবর্ধন সিঙে৷