ভাৰতত দাম ৫ টকা, গাজাত ২৪০০ টকা! ক্ষুধাই বিস্কুটক কৰিছে ‘বিলাসী’
দাম ১.৫ ইউৰোৰ পৰা ২৪ ইউৰোতকৈ অধিকলৈ বৃদ্ধি পাইছে, তথাপিও ৰবিফক তেওঁৰ প্ৰিয় বিস্কুটটো দিবলৈ মই অস্বীকাৰ কৰিব নোৱাৰিলোঁ
ভাৰতত দাম ৫ টকা, গাজাত ২৪০০ টকা! ক্ষুধাই বিস্কুটক কৰিছে ‘বিলাসী’
নিউজ ডেস্ক, ৬ জুন : মুদ্ৰাস্ফীতিৰ এই যুগত ভাৰতত ৫ টকাৰ বিস্কুটেৰে মানুহৰ লঘু ভোক তৃপ্ত হয়। একে সময়তে এই পৃথিৱীত এনে এটা স্থান আছে য’ত ৫ টকীয়া বিস্কুটৰ দাম ২৪০০ টকা হৈছেগৈ। এই দাবী ছ’চিয়েল মিডিয়াত গাজাৰ বাসিন্দাৰ।
ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধৰ বলি হোৱা গাজাত ভোক আৰু দুৰ্ভিক্ষৰ দৰে পৰিস্থিতিৰ সন্মুখীন হৈছে। এনে পৰিস্থিতিত গাজাৰ ভিতৰত ২৪০০ টকাত বিস্কুট বিক্ৰী কৰা হৈছে। শেহতীয়াকৈ গাজাৰ পৰা এটা ভাইৰেল পোষ্টত এজন ব্যক্তিয়ে দাবী কৰিছে যে ২৪ ইউৰো (২৩৪২ টকা)তকৈ অধিক মূল্যত বিস্কুট বিক্ৰী কৰা হৈছে। বিস্কুটৰ দাম জানিব পাৰি বহু লোকে ছ’চিয়েল মিডিয়াত আশ্চৰ্য্য প্ৰকাশ কৰিছে।
পোষ্ট ভাইৰেল
গাজাৰ বাসিন্দা মহম্মদ জাৱাদে নিজৰ একাউণ্টত পোষ্ট কৰি লিখিছে, “বহুদিন অপেক্ষাৰ অন্তত আজি অৱশেষত ৰবিফৰ প্ৰিয় বিস্কুটটো পাইছো। যদিও দাম ১.৫ ইউৰোৰ পৰা ২৪ ইউৰোতকৈ অধিকলৈ বৃদ্ধি পাইছে, তথাপিও ৰবিফক তেওঁৰ প্ৰিয় বিস্কুটটো দিবলৈ মই অস্বীকাৰ কৰিব নোৱাৰিলোঁ।” পোষ্টটোত তেওঁ কণমানি সন্তানৰ সৈতে এখন ফটো আৰু দুটা ভিডিঅ’ও শ্বেয়াৰ কৰিছে।
গাজাত আকাশলংঘী মুদ্ৰাস্ফীতি
২০২৩ চনৰ অক্টোবৰ মাহত উত্তেজনা বৃদ্ধি পোৱাৰ পিছত আৰু ইয়াৰ কিছু সময়ৰ পিছতে আৰম্ভ হোৱা ইজৰাইলৰ সামৰিক অভিযানৰ পিছত গাজাৰ খাদ্য সামগ্ৰীৰ সুবিধা হ্ৰাস পাইছে। চলিত বৰ্ষৰ ২ মাৰ্চৰ পৰা ১৯ মে’ৰ ভিতৰত ঘেৰাও কৰা পেলেষ্টাইন ভূখণ্ডত প্ৰায় সম্পূৰ্ণ অৱৰোধৰ সন্মুখীন হ’বলগীয়া হৈছিল। মাত্ৰ সীমিতসংখ্যক ট্ৰাকহে পাৰ হ’বলৈ দিয়া হৈছিল, বেছিভাগেই আন্তঃৰাষ্ট্ৰীয় প্ৰচণ্ড চাপৰ পিছত যাবলৈ দিয়া হৈছিল।
কেৱল এয়াই নহয়, গাজাত মুদ্ৰাস্ফীতি আকাশলংঘী। কিছুমান অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম যদি ভাৰতৰ সৈতে তুলনা কৰোঁ তেন্তে আচৰিত হ’ব। উদাহৰণস্বৰূপে গাজাত এক কিলো চেনি প্ৰতি কেজিত প্ৰায় ৫ হাজাৰ টকাত বিক্ৰী কৰা হৈছে। একেদৰে প্ৰতি লিটাৰত ৰন্ধন তেলৰ দাম প্ৰায় ৪১০০ টকা। ইয়াৰ বাহিৰেও এক কিলো আলু প্ৰতি কেজিত প্ৰায় ২ হাজাৰ টকা, এক কিলো পিয়াজ প্ৰায় ৪৫০০ টকা।