🔹 মধ্যাহ্ণ ভোজনৰ হিচাপ–নিকাচ এতিয়াৰে পৰা প্রধান শিক্ষকে কৰিব নালাগে : মুখ্যমন্ত্রী
বিশেষ বার্তা, ৮ জুন : এদিনীয়া কার্যসূচীৰে নলবাৰীত উপস্থিত হোৱা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি গন্ধিয়াত অক্ষয়পাত্র ফাউণ্ডেচনৰ কেন্দ্রীয় সামূহিক ৰান্ধনীশালৰ শিল্যান্যাস আৰু ভূমিপূজন কৰে৷ আনহাতে, মুখ্যমন্ত্রী ড০ শর্মাই জিলাখনৰ ঘগ্রাপাৰত লোকনির্মাণ (গৃহ আৰু ৰাষ্ট্রীয় ঘাইপথ) বিভাগৰ নলবাৰী টেৰিটৰিয়েল বিল্ডিং ডিভিজনে নির্মাণ কৰা পৰিদর্শন বঙলাটোৰো শুভ উদ্বোধন কৰে৷
গন্ধিয়াত অক্ষয়পাত্র ফাউণ্ডেচনৰ ৰান্ধনীশালৰ শিল্যানাস আৰু ভূমিপূজন উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বর্তমানৰ ৰাজ্য চৰকাৰে সমাজৰ সকলো শ্রেণীৰ লোকক সহায় কৰাৰ বাবে নিৰন্তৰ প্রয়াস চলাই আহিছে৷ দুখীয়া আৰু মধ্যবিত্ত মানুহৰ আর্থ–সামাজিক বিকাশৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি গ্রহণ কৰিছে৷ গন্ধিয়াত প্রায় ২৫ কোটি ৩৩ লাখ ৯০ হাজাৰ টকা ব্যয়েৰে নির্মাণ কৰিবলগীয়া এই কেন্দ্রীয় ৰান্ধনীশালৰ জৰিয়তে ২৫ হাজাৰ বিদ্যার্থীক সামৰি ল’ব পাৰিব৷ এই ৰান্ধনীশালৰ দ্বাৰা প্রস্তুত কৰা মধ্যাহ্ণ ভোজন নলবাৰী জিলাৰ লগতে আংশিকভাৱে তামুলপুৰ আৰু বাক্সা জিলাকো সামৰি ল’ব পৰা যাব৷ তেওঁ ইয়াকো উল্লেখ কৰে যে এতিয়াৰে পৰা বিদ্যালয়ৰ প্রধান শিক্ষকসকলে চাউল, দাইলৰ বজাৰ কৰিব নালাগে৷ মধ্যাহ্ণ ভোজনক লৈ হিচাপ–নিকাচ কৰিব নালাগে প্রধান শিক্ষকে৷ শিক্ষাদান কার্য এৰি অন্য কামত ব্রতী হ’ব নালাগে শিক্ষকসকল৷ ইয়াৰ দ্বাৰা প্রধান শিক্ষকসকলৰ অতিৰিক্ত দায়িত্ব বহুখিনি কমি গ’ল৷
আনহাতে মুখ্যমন্ত্রী ড০ শর্মাই স্পষ্ট কৰে যে পূর্বে যিসকল লোকে মধ্যাহ্ণ ভোজনৰ বাবে কাম কৰি আছিল, তেওঁলোকৰ চাকৰি অব্যাহত থাকিব৷ কেন্দ্রীয় ৰান্ধনীশাল স্থাপন প্রসংগত মুখ্যমন্ত্রীগৰাকীয়ে কালি তেওঁ শিক্ষামন্ত্রী হৈ থকাৰ সময়ৰ প্রসংগ উত্থাপন কৰি কয় যে শিক্ষামন্ত্রী হৈ থকা সময়ত ২০০৯ চনত বেংগালুৰুত ইস্কন মন্দিৰ পৰিদর্শনৰ বাবে গৈছিলোঁ৷ সেই মন্দিৰত থকা এটা পাকঘৰলৈ মোক লৈ যোৱা হৈছিল৷ উক্ত পাকঘৰটোত বিদ্যালয়ৰ ল’ৰা–ছোৱালীসকলৰ বাবে মধ্যাহ্ণ আহাৰ প্রস্তুত কৰা হৈছিল আৰু সেই আহাৰ বেংগালুৰুৰ বিভিন্ন স্কুলত সঠিকভাৱে বিতৰণ কৰা হৈছিল৷ চৰকাৰে মধ্যাহ্ণ ভোজনৰ বাবে যিখিনি খাদ্য সামগ্রীৰ প্রয়োজন তাক যোগান ধৰে আৰু তেওঁলোকে ধুনীয়াকৈ ইয়াক আহাৰ ৰূপে প্রস্তুত কৰে৷ ২০১১–১২ বর্ষত পৰীক্ষামূলকভাৱে জালুকবাৰী সমষ্টিত প্রথমবাৰলৈ কেন্দ্রীয় ৰান্ধনীগৃহ আৰম্ভ কৰা হয়৷ পৰৱর্তী সময়ত পশ্চিম গুৱাহাটী, পূব গুৱাহাটী আৰু দিছপুৰ সমষ্টিক সামৰি লোৱা হয়৷ ইয়াৰ পিছতে কামৰূপ জিলালৈ ইয়াক সম্প্রসাৰিত কৰা হয়৷
মুখ্যমন্ত্রী ড০ শর্মাই ইয়াকো উল্লেখ কৰে যে যোৰহাট জিলাত অক্ষয়পাত্রই মধ্যাহ্ণ ভোজনৰ খাদ্য পৰিৱেশন কৰি আছে৷ সম্প্রতি মাজুলীত কেন্দ্রীয় ৰান্ধনীশালৰ কাম চলি আছে৷ নলবাৰীত আজি কেন্দ্রীয় ৰান্ধনীশালৰ শিলান্যাসৰ পিছত শীঘ্রে ডিব্রুগড়, লখিমপুৰ আৰু তেজপুৰতো কেন্দ্রীয় সামূহিক ৰান্ধনীশাল নির্মাণৰ কাম আৰম্ভ কৰা হ’ব৷
উল্লেখ্য যে হৰেকৃষ্ণ মুভমেণ্ট আৰু অক্ষয়পাত্র ফাউণ্ডেচনে জনসেৱাৰ উদ্দেশ্যে কৰি অহা কামসমূহে ইতিবাচক প্রভাৱ পেলাইছে৷ হৰেকৃষ্ণ মুভমেণ্ট আৰু অক্ষয়পাত্র ফাউণ্ডেচনে চৰকাৰে প্রাথমিক বিদ্যালয় আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্র–ছাত্রীৰ বাবে যোগান ধৰা পুঁজিৰ লগতে নিজাববীয়াকৈ পুঁজি ব্যয় কৰি খাদ্য প্রস্তুত কৰি আহিছে৷
কালিৰ এই অনুষ্ঠানত মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, জয়ন্ত মল্ল বৰুৱা, সাংসদ ফণীভূষণ চৌধুৰী, সমগ্র শিক্ষা অভিযান অসমৰ মিছন সঞ্চালক ড০ ওম প্রকাশ, জিলা আয়ুক্ত বর্ণালী ডেকা, লোকনির্মাণ বিভাগৰ আয়ুক্ত–সচিব ৰাজ চক্রৱর্তী, চন্দন শর্মা, হৰেকৃষ্ণ মুভমেণ্টৰ অধ্যক্ষ তথা অক্ষয়পাত্র ফাউণ্ডেচনৰ উত্তৰ–পূবৰ অধ্যক্ষ জনাধর্না দাস আদিকে কৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷