যুদ্ধৰ বাবে পিছুৱালে পুত্ৰৰ বিবাহ, ইজৰাইলী নাগৰিক-ৰ ক্ষোভৰ সন্মুখীন নেতান্য়াহু
গুৰুত্বপূৰ্ণ কথাটো হ’ল ইজৰাইলৰ জনসাধাৰণে নিজেই তেওঁলোকৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। নেতান্যাহুৱে পুত্ৰৰ বিয়া পিছুৱাই দিয়াটোক যুদ্ধৰ ‘ব্যক্তিগত মূল্য’ বুলি অভিহিত কৰিছিল
যুদ্ধৰ বাবে পিছুৱালে পুত্ৰৰ বিবাহ, ইজৰাইলী নাগৰিক -ৰ ক্ষোভৰ সন্মুখীন নেতান্য়াহু
নিউজ ডেস্ক, ২০ জুন : যুদ্ধৰ বাবে ইজৰাইল আৰু ইৰানে এতিয়ালৈকে বহু ক্ষতিগ্ৰস্ত হৈছে যদিও দুয়োখন দেশ এই মুহূৰ্তত বন্ধ কৰিব পৰা অৱস্থাত থকা যেন নালাগে। ইফালে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্য়াহুৱে এটা বিবৃতি দিছে। গুৰুত্বপূৰ্ণ কথাটো হ’ল ইজৰাইলৰ জনসাধাৰণে নিজেই তেওঁলোকৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। নেতান্যাহুৱে পুত্ৰৰ বিয়া পিছুৱাই দিয়াটোক যুদ্ধৰ ‘ব্যক্তিগত মূল্য’ বুলি অভিহিত কৰিছিল।
দৰাচলতে ইৰানে ইজৰাইলৰ ছ’ৰোকা হাস্পতালত আক্ৰমণ কৰিছিল। ইয়াৰ পিছত নেতান্যাহুৱে চিকিৎসালয়খন চাবলৈ আহিছিল। ‘দ্য গাৰ্ডিয়ান’ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি এই সময়ছোৱাত নেতান্য়াহুৱে কয়, “দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মানীয়ে ব্ৰিটেইনক যিদৰে আক্ৰমণ কৰিছিল, কিন্তু ব্ৰিটেইনৰ জনসাধাৰণে নিজৰ মনোবল শক্তিশালী কৰি ৰাখিছিল। আমিও একেদৰেই আমাৰ মনোবল শক্তিশালী কৰি ৰাখিব লাগিব। যুদ্ধত মানুহে প্ৰাণ হেৰুৱাইছে। সকলোৱে ব্যক্তিগত মূল্য দি আছে। মোৰ পৰিয়ালো ইয়াৰ পৰা সাৰি যাব পৰা নাই।”
নেতান্যাহুৰ বক্তব্যত ক্ষুব্ধ ইজৰাইলী নাগৰিক
নেতান্য়াহুৱে তেওঁৰ বক্তব্যৰ পিছত সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল। ছ’চিয়েল মিডিয়াত ইজৰাইলৰ জনসাধাৰণে বৃহৎসংখ্যক প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। জনসাধাৰণৰ সমস্যাৰ পৰিবৰ্তে নেতান্যাহুৱে নিজকে অগ্ৰাধিকাৰ দিছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰে। লগতে দাবী কৰা হৈছে যে নেতান্য়াহুৱে নিজৰ পুত্ৰৰ বিয়াৰ বাবে ছুটী লোৱাৰ পৰিকল্পনা কৰিব পাৰে। অৱশ্যে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক তথ্য লাভ কৰা হোৱা নাই।
আমেৰিকাই যুদ্ধত অংশগ্ৰহণ কৰিবনে
ইৰান আৰু ইজৰাইলৰ যুদ্ধৰ প্ৰতি আমেৰিকাই যথেষ্ট আগ্ৰহ প্ৰকাশ কৰিছে। আমেৰিকাই ইজৰাইলৰ হৈ যুদ্ধ কৰিব পাৰে। হোৱাইট হাউছৰ প্ৰেছ সচিব কেৰ’লিন লেভিটে এক প্ৰেছ ব্রিফিঙত কয় যে অহা দুসপ্তাহৰ ভিতৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰানৰ ওপৰত আক্ৰমণৰ নিৰ্দেশ দিব নে নিদিব সেইটো সিদ্ধান্ত ল’ব।