নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়া জিলাত ১৪৪ ধাৰা জাৰি প্ৰশাসনৰ

ঘৰত থাকক, নিজক বচাওক!

নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ ক’ৰণা ভাইৰাছৰ বাবে স্তব্ধ হৈ পৰিছে ৰাজ্য়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ক’ৰণা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে বিশেষ পদক্ষেপ। তিনিচুকীয়া জিলাত জাৰি কৰা হৈছে ১৪৪ ধাৰা। সভা-সমিতি বেংক, বজাৰ, চৰকাৰী কাৰ্যালয়কে ধৰি বিভিন্ন ৰাজহুৱা স্থানত ৫জনতকৈ অধিক লোকৰ সমাগম নিষিদ্ধ। ইতিমধ্যে জনসাধাৰণ সজাগ হোৱা পৰিলক্ষিত হৈছে। ক’ৰণাৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ যুঁজ দিয়াৰ আহ্বান সজাগ জনতাৰ। সজাগ হওঁক, সতৰ্ক থাকক।

You might also like