প্রেমিকৰে হোটেলত, স্বামী দেখি ছাদৰ পৰা… ছ’চিয়েল মিডিয়াত ভাইৰেল ঘটনা
একাধিক পুৰুষৰ সৈতে সম্পর্ক প্রেমিকৰ সৈতে হোটেললৈ গৈ স্বামীৰ নজৰত পৰে পত্নী
নিউজ ডেস্ক, ২০ জুন : বিয়া হয় ২০১৯ চনত৷ আছে এটি পুত্র সন্তানো৷ তথাপি একাধিক পুৰুষৰ সৈতে সম্পর্ক প্রেমিকৰ সৈতে হোটেললৈ গৈ স্বামীৰ নজৰত পৰে পত্নী৷
স্বামীয়ে আৰক্ষী লৈ হোটেলত উপস্থিত হোৱাৰ সময়তে ছাদৰ পৰা জাঁপ দিলে পত্নীয়ে৷ কিন্তু প্রেমিকক কৰায়ত্ত কৰে স্বামী আৰু আৰক্ষীৰ দলে৷ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এই ঘটনাৰ ভিডিঅ’৷ ঘটনাটো ঘটিছে উত্তৰ প্রদেশৰ বাঘপত জিলাত৷ ঘৰৰ বোৱাৰীজনীয়ে গোপনে প্রেমিকৰ সৈতে সময় কটাবলৈ এখন হোটেলত উপস্থিত হৈছিল৷
কিন্তু স্বামীৰ নজৰৰ পৰা ৰক্ষা নাপালে মহিলাগৰাকীয়ে৷ মহিলাগৰাকীক অনুসৰণ কৰে স্বামীয়ে৷ লগে লগে খবৰ দিয়া হয় আৰক্ষীকো৷ হোটেলত উপস্থিত হোৱাৰ পিছতে মহিলাগৰাকীয়ে বুজিব পাৰে যে তেওঁৰ স্বামীয়ে ইতিমধ্যে তেওঁলোকক অনুসৰণ কৰিছে৷
ইফালে লগত আৰক্ষীৰ দল দেখি ১২ ফুট ওপৰৰ ছাদৰ পৰা জাঁপ দিয়ে মহিলাগৰাকীয়ে৷ স্থানীয় এজন বাসিন্দাই এই ঘটনা দেখি তাৰ ভিডিঅ’ বনায়৷ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ভিডিঅ’৷
স্থানীয় সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি দীর্ঘদিন ধৰি স্বামী–স্ত্রীৰ মাজত কাজিয়া চলি আছিল৷ আনকি আৰক্ষীকো দিয়া হৈছিল অভিযোগ৷ কেইবাবাৰো পৰস্পৰে পৰস্পৰৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল৷ মহিলাগৰাকীয়ে সন্দেহ কৰাৰ বাবেই স্বামীক হত্যাৰ ভাবুকি দিছিল৷ লক্ষণীয়ভাৱে ছাদৰ পৰা জঁপিয়াই আৰক্ষী আৰু স্বামীৰ হাতত কৰায়ত্ত হোৱাৰ পৰা ৰক্ষা পৰিছে মহিলাগৰাকী৷
কিন্তু আৰক্ষীয়ে তদন্ত চলাই আছে৷ এই বাতৰি যুগুতোৱাৰ পৰলৈ মহিলাগৰাকীক গ্রেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে৷ কিন্তু তেওঁৰ প্রেমিকক ইতিমধ্যে আৰক্ষীয়ে জিম্মাত লৈ জেৰা আৰম্ভ কৰিছে৷ ইফালে হোটেল কর্তৃপক্ষৰ বিৰুদ্ধেও বিভিন্ন অভিযোগ অনা হৈছে৷ হোটেলৰ কেইবাগৰাকীও কর্মীকো সোধা–পোছা কৰিছে আৰক্ষীয়ে৷ এই ঘটনাক কেন্দ্র কৰি এতিয়া উত্তৰ প্রদেশত সৃষ্টি হৈছে চাঞ্চল্য৷ বিষয়টোক লৈ সংবাদ মাধ্যমতো ব্যাপক চর্চা চলিছে৷