Iran-Israel Conflict : ইজৰাইলক সমালোচনা কিম জং উনৰ, USৰ বিৰুদ্ধে অভিযোগ
ইৰান-ইজৰাইলৰ সংঘাতক লৈ কিম জঙৰ বিস্ফোৰণ
Iran-Israel Conflict : ইজৰাইলক সমালোচনা কিম জং উনৰ, USৰ বিৰুদ্ধে অভিযোগ
নিউজ ডেস্ক, ২০ জুন : ইৰান আৰু ইজৰাইলৰ মাজত চলি থকা সংঘাত (Iran-Israel Conflict)ৰ বাবে মধ্যপ্ৰাচ্যত উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হৈছে। ইফালে উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী কিম জং উনে ইৰানৰ ওপৰত ইজৰাইলৰ আক্ৰমণক গৰিহণা দিছে। পিয়ংইয়াঙৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰই ইৰানৰ অসামৰিক, পাৰমাণৱিক আৰু শক্তি ঘাটিত আক্ৰমণ সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰি কয় যে এয়া মানৱতাৰ বিৰুদ্ধে এক অক্ষমণীয় অপৰাধ। ই অঞ্চলটোক নতুন ব্যাপক যুদ্ধৰ দিশে ঠেলি দিছে।
উত্তৰ কোৰিয়াই কেৱল ইজৰাইলক সমালোচনা কৰাই নহয়, আমেৰিকা আৰু ইউৰোপীয় দেশসমূহৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে তেওঁলোক এই অপৰাধৰ যৌথ অংশীদাৰ। ৰাজ্যৰ পৃষ্ঠপোষকতাত থকা সন্ত্ৰাসবাদীক সুৰক্ষা প্ৰদান কৰিছে। উত্তৰ কোৰিয়াৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰই আৰু কয় যে ইজৰাইলৰ লগতে আমেৰিকা আৰু পশ্চিমীয়া দেশসমূহ মধ্যপ্ৰাচ্যৰ শান্তিৰ বাবে কেন্সাৰ হৈ পৰিছে। কিন্তু আন্তঃৰাষ্ট্ৰীয় সমাজে আমেৰিকা আৰু পশ্চিমৰ ওপৰত চকু ৰাখিছে, যিয়ে ভুক্তভোগী ইৰানৰ সাৰ্বভৌমত্ব আৰু আত্মৰক্ষাৰ অধিকাৰ অস্বীকাৰ কৰিবলৈ অহৰহ চেষ্টা কৰি আছে।
ট্ৰাম্পৰ বাক্যবাণ আৰু উত্তৰ কোৰিয়াৰ প্ৰতি সতৰ্কবাণী
শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে ইৰানৰ প্ৰতি তেওঁৰ ধৈৰ্য্য এতিয়া শেষ হৈছে। পৰিস্থিতি অধিক সংবেদনশীল কৰি তুলিছে। ইয়াৰ উত্তৰত উত্তৰ কোৰিয়াই কয় যে আপোনালোকৰ এই কাৰ্য্যই মধ্যপ্ৰাচ্যক ধ্বংসৰ দিশে লৈ গৈছে। এই বক্তব্যই স্পষ্টকৈ দেখুৱাইছে যে উত্তৰ কোৰিয়া আৰু ইৰান দুয়োখনেই অসন্তুষ্ট। তেওঁলোকে ইয়াক বিশ্বৰ অস্থিৰতাৰ বাবে দায়ী বুলি গণ্য কৰে।
পাৰমাণৱিক উত্তেজনা
ৱাল ষ্ট্ৰীট জাৰ্নেলৰ প্ৰতিবেদন অনুসৰি ট্ৰাম্পে ইৰানক আক্ৰমণৰ পৰিকল্পনাত অনুমোদন জনোৱাৰ কথা তেওঁৰ সহযোগীসকলক জনাইছে যদিও পাৰমাণৱিক কাৰ্যসূচী পৰিত্যাগ কৰাৰ চৰ্তত এই সিদ্ধান্ত বন্ধ কৰি ৰাখিছে।