নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ আতংক সদাব্যস্ত জখলাবন্ধা স্তব্ধ

নিয়মীয়া বাৰ্তা ২১ মাৰ্চঃ দিনটোৰ ২৪ ঘণ্টাই ব‍্যস্ত থকা অসমৰ একমাত্ৰ সৰু চহৰ জখলাবন্ধা এতিয়া স্তব্ধ । দুৱাৰ বিহীন হোটেলত নাই গ্ৰাহক । কাৰণ বাচৰ চলাচল একেবাৰে হ্ৰাস । দুই-এক ব‍্যৱসায়ীয়ে সমুখত কাপোৰ লগাই বন্ধ কৰি ৰাখিছে হোটেল অথবা দোকান । জখলাবন্ধাৰ সেইয়াই নিশাৰ পৰিবেশ । নিশাৰ ভাগত শতাধিক নৈশ বাছ জখলাবন্ধাৰ দুৱাৰবিহীন হোটেলৰ মুখত ৰখাই যাত্ৰী সকলে গ্ৰহণ কৰে আহাৰ । কিন্ত ক’ৰোনা ভাইৰাছ সংক্ৰমনৰ ভয়তেই এতিয়া নাই নৈশ বাছ, নাই গ্ৰাহক । তথাপিতো মনত অকনো দুখ নাই । দুদিন বন্ধ কৰি দিবলৈও প্ৰস্তুত । মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সন্মাই জনাই প্ৰতিখন হোটেলৰ সন্মুখত চাবোন আৰু পানীৰ ব‍্যৱস্থা কৰিছে হোটেলৰ গৰাকীয়ে । গ্ৰাহক আহিলে প্ৰথমে হাত ধোৱক আৰু হোটেলত প্ৰবেশ কৰক । হোটেলৰ কৰ্মচাৰীৰো হ্ৰাস কৰিছে । এইদৰে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰি বিশ্ব সংহাৰী ক’ৰোনা ভাইৰাছ সংক্ৰমন ৰোধ কৰিবলৈ আগবাঢ়ি আহিছে হোটেল ব‍্যৱসায়ী সকল । প্ৰধান মন্ত্ৰীয়ে দেওবাৰে আহ্বান জনোৱা জনতা সান্ধ‍্য আইনকো সহাৰি জনাব জখলাবন্ধাৰ ব‍্যৱসায়ী সকলে ।

You might also like