পুৱা ৯ বজাতে ছুটী লখিমপুৰৰ ভাটৌকুছি মধ্য ইংৰাজী বিদ্যালয়ত
নিয়মীয়া বাৰ্তা, ২১ জুনঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত একাংশ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ কৰ্মকাণ্ডই আচম্বিত কৰি তুলি সচেতন ৰাইজক ৷ ২০ জুনৰ দিনা নাৰায়ণপুৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অধিনস্থ ভাটৌকুছি মধ্য ইংৰাজী বিদ্যালয় পুৱা ৯ বজাতেই চুটী দি ঘৰাঘৰি যায় শিক্ষক শিক্ষয়িত্ৰী ৷
বিদ্যালয় সমূহত বিষ্ণু ৰাভা দিৱস উদযাপন কৰিব লাগে যদিও বিদ্যালয় খনৰ শিক্ষক শিক্ষয়িত্ৰীয়ে উদযাপনৰ নামত ম’বাইলত দুই এটা ফটো তুলি দায়িত্ব সামৰি গৃহমুখে ৰাওনা হয় । একাংশ অভিভাৱকৰ খবৰ ভিত্তিত বিদ্যালয় খন উপস্থিত হৈ দেখা যায় তলা বন্ধ ৷ ১৫-১৬ গৰাকী ছাত্ৰছাত্ৰীৰ বিপৰীতে বিদ্যালয়খনত আছে ৬গৰাকী শিক্ষক শিক্ষয়িত্ৰী আৰু এগৰাকী চতুৰ্থ বৰ্গ কৰ্মচাৰী ৷
বিদ্যালয়খন প্ৰকৃততে মধ্য ইংৰাজী বিদ্যালয় যদিও ছাত্ৰছাত্ৰী আছে প্ৰাথমিক শাখাৰ ৷ বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীয়ে সঠিকভাৱে পাঠদান নকৰা বাবেই ক্ৰমান্বয়ে ছাত্ৰছাত্ৰী সংখ্যা হ্ৰাস পাবলৈ ধৰা বুলি স্থানীয় ৰাইজে অবগত কৰিছে৷ প্ৰধান শিক্ষয়িত্ৰী দিপালী গগৈ,হৰেশ্বৰ হাজৰিকা,কমল বৰা,মদন বৰা,শৰৎ বৰা আৰু জ্যোতিপ্ৰসাদ বৰুৱা নামৰ এই ৬গৰাকীকৈ শিক্ষক থকা স্বত্বেও বিদ্যালয় খনত নামভৰ্তি কৰাবলৈ আগ্ৰহ প্ৰকাশ নকৰে অভিভাৱকে ৷
বিদ্যালয়খনত অধ্যয়ন কৰি শিক্ষাৰ্থীকো বিগত শিক্ষা বৰ্ষত অন্য বিদ্যালয়লৈ স্থানান্তৰ কৰা উদাহৰণ আছে৷ নিধাৰিত সময়লৈকে কোনো দিনেই শিক্ষক সকল উপস্থিত নথকা বুলি অভিযোগ পোৱা গৈছে৷ ২০ জুনৰ দিনা ছাত্ৰছাত্ৰীক মধ্যাহ্ন ভোজনো প্ৰদান নকৰা বুলি অভিযোগ তুলিছে৷ ইয়াৰ পূৰ্বেও ভাটৌকুছি মধ্য ইংৰাজী বিদ্যালয়ৰ বিসংগতি সন্দৰ্ভত বাতৰি প্ৰকাশ হৈছিল যদিও অদ্যাপি একেই আচৰণ তেওঁলোকৰ ৷
প্ৰেৰক মাধুৰ্য দাস