নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘জনতা কাৰ্ফিউ’ সন্দৰ্ভত কি ক’লে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ৱ শৰ্মাই?

ডিব্ৰুগড় মেডিকেল কলেজ হাস্পতালত স্বাস্থ্য মন্ত্ৰী

নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ ডিব্ৰুগড় মেডিকেল কলেজ হাস্পতালত স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। চিকিৎসকে সকলো কৰ্মচাৰীৰ সৈতে মত-বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে লগতে সকলোকে সজাগ আৰু সচেতন হৈ থাকিবলৈও আহ্বান জনায়।

এই সন্দৰ্ভত মন্ত্ৰী ড০ শৰ্মাই কয় যে বৰ্তমানলৈ অসমৰ কোনো লোক ক’ৰণা ভাইৰাছত আক্ৰান্ত হোৱা নাই তাৰ অৰ্থ এইটো নহয় যে কাইলৈ কোনো আক্ৰান্ত নহ’ব। ৰাইজৰ মাজত অধিক সজাগতা সৃষ্টিৰ লগতে স্বাস্থ্যকৰ্মী সকলকে ধৰি প্ৰশাসনৰ লোকসকলক সাহস দিবৰ বাবে আমি প্ৰয়াস কৰিছো। আমাৰ বিশ্বাস আমি সকলোৱে এই সময়ত এনে প্ৰত্যাহ্বান গ্ৰহণ কৰি সফল হম। আৰু কাইলৈ প্ৰধানমন্ত্ৰীয়ে আহ্বান কৰা জনতা কাৰ্ফিউৰ দ্বাৰা জনসাধাৰণৰ মাজত আৰু সজাগতা বৃদ্ধি পাব বুলিও সাংবাদিকৰ আগত প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।

You might also like