নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইন্দোৰত সোনমে লুকাই থকা ফ্লেটৰ মালিকসহ দুজনক গ্রেপ্তাৰ

🔹 চাঞ্চল্যকৰ ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ তদন্তৰ নতুন মোৰ

🔹 হীৰাবাগ কলনীৰ এপার্টমেণ্টৰ পৰা কোনে উলিয়াই নিছিল সোনমৰ ৫ লাখ টকা-পিষ্টল থকা ক’লা বেগ ?

নিউজ ডেস্ক, ২৩ জুন : দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ তদন্তই নতুন মোৰ লৈছে৷ মেঘালয় আৰক্ষীয়ে পৰহি নিশা ইন্দোৰৰ পৰা গ্রেপ্তাৰ কৰিছে ভূমি–ঘৰৰ ব্যৱসায়ী শ্বিলম জেমছসহ দুজনক৷ দুয়োৰে বিৰুদ্ধে হত্যাকাণ্ডটোৰ তথ্য-প্রমাণ লুকুওৱাৰ অভিযোগ আছে৷ ইতিমধ্যে ইন্দোৰৰ অতিৰিক্ত উপ–আৰক্ষী আয়ুক্ত ৰাজেশ দন্দোতীয়াই দুয়োকে শ্বিলং আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ কথা নিশ্চিত কৰি সংবাদ মাধ্যমৰ আগত কয় যে পৰহি নিশা ইন্দোৰৰ মহালক্ষ্মী নগৰৰ পৰা শ্বিলম জেমছ আৰু এজন লোকক শ্বিলং আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ ধৃত আনজন পেছাত নিৰাপত্তাৰক্ষী৷

উল্লেখ্য যে অবৈধ প্রেমিক ৰাজ কুছৱাহাই নিয়োগ কৰা তিনি হত্যাকাৰী বিশাল-আকাশ-আনন্দৰ সহযোগত মেঘালয়ৰ ছোহৰা এলেকাত স্বামী ৰাজা ৰঘুবংশীক যোৱা ২৩ মে’ত হত্যা কৰি ইন্দোৰলৈ গৈ সোনমে যিটো ফ্লেটত আত্মগোপন কৰি আছিল তাৰ গৰাকী হৈছে শ্বিলম জেমছ৷ মাহেকত ১৭ হাজাৰ টকাত বিশাল-ৰাজে সোনমৰ বাবে ইন্দোৰৰ দেৱাছ নাকাৰ সমীপৰ হীৰাবাগ কলনীৰ এটা এপার্টমেণ্টৰ জি–১ নম্বৰৰ ফ্লেটটো ভাৰাত লৈছিল৷ হত্যাকাণ্ড সংঘটিত কৰিয়েই বোর্খা পিন্ধি ভাৰাত লোৱা টেক্সিৰে সোনমে প্রথমে গুৱাহাটীলৈ আহে৷ আইএছবিটিত বাছত উঠি সোনম শিলিগুৰি পায়গৈ৷ তাৰ পৰা বাছেৰে উপস্থিত হৈছিল পাটনাত৷ এইবাৰ স্বামীহন্তাই পুনৰ বাছত উঠি আৰালৈ যায়৷ আৰাৰ পৰা ৰে’লযোগে লক্ষ্ণৌ গৈ সোনমে বাছেৰে যোৱা ২৬ মে’ত উপস্থিত হৈছিল গৃহ চহৰ ইন্দোৰত৷ তাতেই অবৈধ প্রেমিক ৰাজ আৰু অন্যতম হত্যাকাৰী বিশালে পূর্বে বন্দৱস্ত কৰি থোৱা মতে সোনমে উক্ত ফ্লেটটোত আশ্রয় লয়৷ এনেদৰে যোৱা ৮ জুন পর্যন্ত প্রায় ১৪ দিন ফ্লেটটোতে আত্মগোপন কৰি আছিল সোনম৷ ইন্দোৰৰ অতিৰিক্ত উপ–আৰক্ষী আয়ুক্ত ৰাজেশ দন্দোতীয়াই জানিবলৈ দিয়া মতে, শ্বিলম জেমছ আৰু ধৃত নিৰাপত্তাৰক্ষীজনক ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ অভিযুক্ত হিচাপে চিহ্ণিত কৰা হৈছে৷ দুয়োকে শ্বিলং আৰক্ষীয়ে ট্রেনজিট ৰিমাণ্ডত মেঘালয়লৈ নিব৷

লক্ষণীয়ভাৱে বিগত ৫ দিন ধৰি ইন্দোৰত শ্বিলং আৰক্ষীয়ে তালাচী অভিযান অব্যাহত ৰাখিছে৷ আনকি সোনমে আত্মগোপন কৰি থকা হীৰাবাগ কলনীৰ ফ্লেটতো তালাচী চলোৱা হয়৷ এই তালাচী কালতে শ্বিলম জেমছ আৰু নিৰাপত্তাৰক্ষীজনৰ তথ্য পোহৰলৈ আহে৷ শ্বিলং আৰক্ষীৰ এক সূত্রই জানিবলৈ দিয়া মতে, প্রধানতঃ তালাচীৰ সময়ত সোনমৰ ৰহস্যজনক ক’লা বেগটোৰ অনুসন্ধান কৰা হৈছিল৷ কিন্তু বেগটো তাত পোৱা নগ’ল৷ বেগটোত আছিল হত্যাকাণ্ডত ব্যৱহাৰৰ বাবে ৰখা নগদ ৫ লাখ টকা, এটা পিষ্টল আৰু সোনমৰ কেতবোৰ সাজ–পোছাক৷ নগদ ধন আৰু এই সা–সামগ্রীসমূহসহ ক’লা বেগটো আত্মগোপন কৰি থকা ফ্লেটৰ পৰা আঁতৰাই নিয়াত প্রত্যক্ষভাৱে জড়িত শ্বিলম জেমছ আৰু ধৃত নিৰাপত্তাৰক্ষীজন৷

গুৰুত্বপূর্ণ কথাটো হ’ল যে শ্বিলম জেমছে যোৱা ১৩ জুনত সংবাদ মাধ্যমৰ আগত দাবী কৰিছিল যে অন্যতম হত্যাকাৰী বিশালক তেওঁ চিনিব পাৰিছে৷ কিন্তু শ্বিলম জেমছে তথ্য–প্রমাণ লুকুওৱা কার্যৰ লগত জড়িত থকা বিষয়টো পোহৰলৈ অহা নাছিল৷ পিছে তদন্তকাৰী দলে চিচি টিভিৰ ফুটেজ পৰীক্ষা কৰাৰ সময়ত শ্বিলম জেমছে এপার্টমেণ্টটোৰ চৌহদৰ পৰা এটা বেগ বাহিৰলৈ উলিয়াই অনাৰ দৃশ্য স্পষ্টকৈ ধৰা পৰিছে৷

প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে সোনমসহ ৫ হত্যাকাৰীক ট্রেনজিট ৰিমাণ্ডত শ্বিলং আৰক্ষীয়ে মাৰাথন জেৰা চলোৱাৰ পাছত শেহতীয়াকৈ আদালতে প্রেৰণ কৰে ন্যায়িক জিম্মালৈ৷ ইয়াৰ মাজতে ইন্দোৰত অভিযান চলাই শ্বিলম জেমছ আৰু নিৰাপত্তাৰক্ষীজনক গ্রেপ্তাৰ কৰাৰ পাছত শ্বিলং আৰক্ষীৰ তদন্ত প্রক্রিয়াই কি গতি লাভ কৰে, সেয়া লক্ষণীয় হ’ব৷

You might also like