ডিমা হাছাওত ভূমিস্খলন : কেইবাখনো যাত্ৰীবাহী ৰেলৰ সেৱা বাতিল
নিয়মীয়াবাৰ্তা, ২৪ জুন : পাহাৰীয়া জিলা ডিমা হাছাওত পুনৰ ভূমিস্খলনৰ বাবে ৰেল বিভাগে আজিৰে অনিৰ্দিষ্টকাললৈ বাতিল কৰিলে যাত্ৰীবাহী ৰেল সমূহ।
উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসংযোগ বিষয়াই প্ৰেছ বিবৃতি দ্বাৰা উল্লেখ কৰে যে গুৱাহাটীৰ পৰা বদৰপুৰ- শিলচৰ অভিমুখী ৰেল সমূহ বাতিল কৰা হৈছে অনিৰ্দিষ্ট কাললৈ।
জানিব পৰা মতে ১৫৬১৫ নং গুৱাহাটী- শিলচৰ এক্সপ্ৰেছ, ১৫৬১১ নং ৰঙিয়া শিলচৰ এক্সপ্ৰেছ, ১৫৬১৭ নং গুৱাহাটী-দুৰ্লভচেৰা এক্সপ্ৰেছ আৰু ১৫৬১২ শিলচৰ-ৰঙিয়া এক্সপ্ৰেছ এই চাৰিখন ৰেল আজি তাৰিখত বাতিল কৰে ৰেল বিভাগে।
আনফালে ২৪ জুনত পৰিলক্ষিত ৰেল সমূহৰ ভিতৰত ১৫৬১৮ দুৰ্লভচেৰা-গুৱাহটী এক্সপ্ৰেছ আৰু ০৫৬৩৭ নাহৰলগুন স্পেচিয়াল যাত্ৰীবাহী ৰেল দুখন বাতিল কৰে। ৰেল বিভাগৰ অভিযোগ অনুসৰি ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ (NHAI)ৰ চৰম গাফিলতিৰ ফলত নিউ হাফলং জাতিংগা লাম্পোৰ মুখ্য ৰেললাইনত বৃহৎ আকাৰৰ পাথৰসহ মাটি খহি পৰাৰ ফলত জলপ্ৰৱাহ হয়।
ইয়াৰে পাছত সম্পূৰ্ণ ৰেল ৰেল পথচোৱা বিচিন্ন হৈ পৰে। NHAI অধীনত পাহাৰীয়া জিলাৰ এই অঞ্চলটোত পথ নিৰ্মানৰ নামত বহু খামখিয়ালি চলাই আহিছিল। ফলত এনে ঘটনা সংঘটিত হোৱাত যাত্ৰী সকলৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়।
এই ঘটনাৰ পিছতেই ৰেল বিভাগে NHAIলৈ পত্ৰ জৰিয়তে জাননী প্ৰেৰণ কৰে। অনতিপলমে এই পথচোৱা মেৰামতি কৰি মুকলি কৰি নিদিলে এই পথচোৱাৰ গাতে লাগি থকা মণিপুৰ মিজোৰাম ত্ৰিপুৰা আৰু বৰাকভেলিৰ অন্য স্থানলৈ সন্নিবিষ্ট হৈ থকা প্ৰমুখ ৰেলপথচোৱাও বিকল হোৱাৰ সম্ভাৱনা আছে বুলি NHAI ৰ কৰ্তৃপক্ষলৈ কঠোৰ নিৰ্দেশ জাৰী কৰে ৰেল বিভাগে।
যাত্ৰীৰ সুৰক্ষাৰ বাবে বদৰপুৰ অভিমুখী কেইবাখনো যাত্ৰীবাহী ৰেল লামডিং জংচনত ৰখোৱা হয়। ইতিমধ্যে লামডিং জংচনত শ শ যাত্ৰীৰ ভিৰ পৰিলক্ষিত হৈছে। লামডিং জংচনত বাতিল কৰিছে ১২৫১৩নং চাৰ্লাপল্লী-শিলচৰ এক্সপ্ৰেছ আৰু ১৩১৭৫নং শিয়ালদহ-শিলচৰ কাঞ্চনজংঘা এক্সপ্ৰেছ।