নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

AePS শক্তিশালী সুৰক্ষা ব্যৱস্থাক লৈ ৰিজাৰ্ভ বেংকৰ নতুন নিৰ্দেশনা

ঠগবাজিৰ পৰা বেংক গ্ৰাহকসকলক ৰক্ষা কৰাৰ লগতে ব্যৱস্থাটোৰ ওপৰত বিশ্বাস আৰু নিৰাপত্তা অটুট ৰাখিবলৈ AePSৰ দৃঢ়তা (robustness) বঢ়োৱা এক প্ৰয়োজনীয়তা হৈ পৰিছে

ভাৰতীয় ৰিজাৰ্ভ বেংকে (RBI) আধাৰ সক্ষম পেমেন্ট ছিষ্টেমত ( AePS ) টাচপইণ্ট অপাৰেটৰসকলক অনবোর্ডিং কৰাৰ প্ৰক্ৰিয়া উন্নত কৰাৰ লগতে ঠগবাজি ৰোধ ব্যৱস্থা (fraud risk management) অধিক দৃঢ় কৰিবলৈ নতুন নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনাবোৰ ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা প্ৰযোজ্য হ’ব।

RBI নতুন নিৰ্দেশনা
“সম্প্ৰতি AePSৰ জৰিয়তে পৰিচয় চুৰি বা গ্ৰাহকৰ তথ্য ফাদিল হৈ যোৱাৰ ফলত ঠগবাজিৰ কেইবাটাও ঘটনা পোৱা গৈছে। এইধৰণৰ ঠগবাজিৰ পৰা বেংক গ্ৰাহকসকলক ৰক্ষা কৰাৰ লগতে ব্যৱস্থাটোৰ ওপৰত বিশ্বাস আৰু নিৰাপত্তা অটুট ৰাখিবলৈ AePSৰ দৃঢ়তা (robustness) বঢ়োৱা এক প্ৰয়োজনীয়তা হৈ পৰিছে।”

২০২৪ চনৰ ৩১ জুলাইত খচৰা নিৰ্দেশনা
AePS হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় পেমেন্ট কৰ্পোৰেশ্যন (NPCI)-ৰ দ্বাৰা চালিত এক আধাৰ-ভিত্তিক আন্তঃকৰ্যক্ষম লেনদেন সুবিধা, যাৰ জৰিয়তে গ্ৰাহকে নিজৰ আধাৰ নম্বৰ আৰু আঙুলিৰ ছাপৰ মাধ্যমে লেনদেন কৰিব পাৰে।

মূল নিৰ্দেশনাবোৰ এইধৰণৰ:
অপাৰেটৰ অনবোর্ডিঙৰ পূৰ্বে তদন্ত
বেংকে AePS টাচপইণ্ট অপাৰেটৰসকলক অনবোর্ড কৰাৰ আগতে যথোপযুক্ত তদন্ত (due diligence) কৰিব লাগিব আৰু KYC নিয়মিতভাৱে আপডেট কৰিব লাগিব। যদি কোনো অপাৰেটৰে তিনি মাহ ধৰি সক্ৰিয়ভাৱে লেনদেন নকৰে, তেন্তে পুনৰ কার্যকলাপ আৰম্ভ কৰিবলৈ KYC পুনৰ কৰিব লাগিব।

লেনদেনৰ নিৰীক্ষণ
বেংকে ট্ৰানজাকচন মনিটৰিং ছিষ্টেমৰ মাধ্যমে অপাৰেটৰৰ সকলো লেনদেন নিৰীক্ষণ কৰিব লাগিব। অপাৰেটৰৰ অৱস্থান, কাৰ্যৰ ধৰণ, লেনদেনৰ পৰিমাণ আৰু গতিবেগৰ ভিত্তিত প্ৰোফাইল নিৰ্ধাৰণ কৰি কাৰ্য সীমা (limit) স্থাপন কৰিব লাগিব।

 API ব্যৱহাৰত কাঢা় নিয়ন্ত্ৰণ
Acquiring bank-এ নিশ্চিত কৰিব লাগিব যে API (Application Programming Interface) যেন কেৱল AePS সম্পৰ্কীয় কামৰ ক্ষেত্ৰতে ব্যৱহাৰ হয়। কোনো অপ্ৰয়োজনীয় বা অননুমোদিত সংযোগৰ অনুমতি নিদিব।

AePS হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় পেমেন্ট কৰ্পোৰেশ্যন (NPCI)-ৰ অধীনত চলা এক আধাৰ-ভিত্তিক আন্তঃকৰ্যক্ষম পেমেন্ট ব্যৱস্থা, যাৰ জৰিয়তে গ্ৰাহকে আঙুলিৰ ছাপ আৰু আধাৰৰ সহায়ত লেনদেন কৰিব পাৰে।

এই নতুন নিৰ্দেশনাসমূহে ডিজিটেল লেনদেনৰ ক্ষেত্ৰত বিশ্বাসযোগ্যতা, সুৰক্ষা আৰু জবাবদিহিতা বৃদ্ধি কৰাৰ দিশে এক গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। বিশেষকৈ গ্ৰাম্য সমাজত আধাৰ-ভিত্তিক লেনদেন ব্যৱস্থাৰ বিস্তৃতিৰ লগত সংগতি ৰাখি এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

Niyomiya Barta Desk, Date of published : 28 June, 2025

You might also like