নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত সোমালেই বিদেশী হয় ভাৰতীয় !

🔹 ধ্রুৱ  মহন্ত

বিগত কেইটামান দশকত অসমৰ জনগাঁথনিৰ অস্বাভাৱিক পৰিৱর্তনে ৰাজ্যখনৰ খিলঞ্জীয়া জনসাধাৰণৰ ভৱিষ্যতৰ প্রতি চৰম বিপদ সংকেত কঢ়িয়াই আনিছে৷ ৰাজ্যখনৰ ভাষিক তথা ধর্মীয় জনগাঁথনিৰ এনে ভয়ংকৰ পৰিৱর্তনে খিলঞ্জীয়া জনসাধাৰণক নিজৰ ভৱিষ্যৎ সন্দর্ভত বাৰুকৈয়ে শংকিত কৰি তুলিছে৷ প্রকৃততে দেশৰ স্বাধীনতাৰ পূর্বৰে পৰাই প্রব্রজন তথা স্বাধীনতাৰ পিছতো অস্বাভাৱিক হাৰত হোৱা বিদেশীৰ অনুপ্রৱেশে অসমৰ জাতীয় জীৱনক সদায়েই অস্থিৰ কৰি ৰাখিছে৷ দেশৰ স্বাধীনতাৰ প্রাক্ক্ষণত তথা স্বাধীনতাৰ পিছতো লোকপ্রিয় গোপীনাথ বৰদলৈ আৰু বিষ্ণুৰাম মেধি চৰকাৰৰ কার্যকালত পূর্ববংগৰ কেইবালাখ প্রব্রজনকাৰীক অসমৰ পৰা বহিষ্কাৰ কৰা হৈছিল৷ কিন্তু তাৰ পিছতো বিদেশীৰ অবাধ সোঁত অব্যাহত থকা পৰিস্থিতিত ১৯৬৪–৬৫ চনত বিমলাপ্রসাদ চলিহা চৰকাৰৰ কার্যকালত ১ লাখ ৮০ হাজাৰ বিদেশীক বহিষ্কাৰ কৰা হৈছিল৷ দুর্ভাগ্যবশতঃ পৰৱর্তী সময়ত আমাৰ ৰাজনৈতিক নেতৃত্বৰ ভোটবেংকৰ ৰাজনীতি, সংখ্যালঘু তোষণ নীতি আৰু দেশ–জাতিৰ প্রতি ন্যূনতমো দায়বদ্ধতাহীনতাৰ পৰিণতিত এই বহিষৃকত বিদেশীৰ প্রায় আটাইবোৰেই পুনৰ অসমত অনুপ্রৱেশ কৰিলে৷ বৰং পৰৱর্তী সময়ত বিদেশীৰ অনুপ্রৱেশৰ প্রকোপ ক্রমাৎ বৃদ্ধিহে পালে৷ এনে পৰিস্থিতিৰ বিৰুদ্ধেই ১৯৭৯ চনত ঐতিহাসিক অসম আন্দোলন আৰম্ভ হৈছিল যদিও অসম চুক্তিৰ আপোচ তথা ব্যর্থ ৰূপায়ণৰ জৰিয়তে তাকো এক ব্যর্থতাৰ ইতিহাসত পৰিণত কৰা হ’ল৷ পৰৱর্তী পর্যায়ত ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ এক প্রয়াস চলোৱা হ’ল যদিও স্বার্থান্বেষী চক্রৰ ষড়যন্ত্রত এই এন আৰ চিক বিদেশীক ভাৰতীয়কৰণৰ এক দলিলতহে পৰিণত কৰাৰ অভিসন্ধি চলোৱা হ’ল৷ প্রকৃততে এই জটিল সন্ধিক্ষণত অসমৰ খিলঞ্জীয়া জনসাধাৰণে এতিয়া নিজে বাচি থকাৰ তাড়নাত ককবকাই থাকিবলগীয়া হৈছে৷

শেহতীয়াকৈ অসমত এক নতুন বাগধাৰাৰ সৃষ্টি কৰা হৈছে৷ বিভিন্ন ৰাজনৈতিক দল তথা সংগঠনে বিভিন্ন প্রসংগত এটা কথাই কয় যে অসমত যদি কোনো বাংলাদেশী আছে, তেন্তে তেওঁলোকক বহিষ্কাৰ কৰিব লাগে৷ কিন্তু যেতিয়াই আৰক্ষী তথা চৰকাৰে অনুপ্রৱেশকাৰী তথা ন্যায়ালয়ৰ দ্বাৰা ঘোষিত বিদেশীক বহিষ্কাৰ কৰে, তেতিয়াই এইসকলে ধর্মীয় সংখ্যালঘুক হাৰাশাস্তি কৰা, ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰা বুলি হায়ৈ–বিয়ৈ আৰম্ভ কৰে৷ তেনে পর্যায়ত কার্যতঃ বিদেশীৰ মুখপাত্রৰ ভূমিকাত অৱতীর্ণ হোৱা এনে দল–সংগঠনৰ নেতৃত্বই অসমত এজনো বিদেশী নাই বুলি দাবী কৰিবলৈও আৰম্ভ কৰে৷ প্রব্রজন, অনুপ্রৱেশ আৰু এনে আগ্রাসনৰ বিৰুদ্ধে অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ শতিকাজোৰা যুঁজ আজি এক নির্ণায়ক পর্যায়ত উপনীত হৈছে আৰু এইক্ষেত্রত সামান্য আপোচেও জাতিৰ ভৱিষ্যৎ বিধ্বস্ত কৰাটো তেনেই নিশ্চিত৷

অৰুণাচল, নাগালেণ্ডৰ লাখ লাখ বহিষ্কৃত বিদেশীয়ে থিতাপি ল’লে অসমত

১৯৯৭–৯৮ চনত অৰুণাচল প্রদেশ, নাগালেণ্ড আদি ৰাজ্যৰ পৰা বুজনসংখ্যক বাংলাদেশীক বহিষ্কাৰ কৰা হৈছিল৷ লক্ষণীয়ভাৱে এই বহিষৃকত বিদেশীৰ প্রায় আটাইবোৰেই অসমতে থিতাপি লৈছিলহি৷ পুনৰ ২০০৭ চনত অৰুণাচল প্রদেশ, নাগালেণ্ড আদিৰ পৰা বৃহৎসংখ্যক বাংলাদেশীক বহিষ্কাৰ কৰা হৈছিল৷ কেৱল অৰুণাচল প্রদেশৰ পৰাই ৭ লাখৰো অধিক বিদেশীক বহিষ্কাৰ কৰা হৈছিল৷ দুর্ভাগ্যবশতঃ ৰাজ্যৰ  তদানীন্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে অৰুণাচল, নাগালেণ্ড আদিৰ পৰা বহিষৃকত এই লাখ লাখ বিদেশীৰ নাগৰিকত্ব পৰীক্ষা কৰাৰ পৰিৱর্তে তেওঁলোক ভাৰতীয় নাগৰিক বুলি দাবী কৰি এই বিদেশীবোৰক অসমতে থিতাপি লোৱাৰ সুযোগ প্রদান কৰিছিল৷ তদানীন্তন মুখ্যমন্ত্রী গগৈয়ে অৰুণাচল, নাগালেণ্ডৰ পৰা বহিষৃকত এই লোকসকলৰ নাম–ঠিকনা প্রকাশ কৰা হ’ব তথা আছু, আমছু, অন্যান্য সংগঠনৰ প্রতিনিধিক লৈ ৰাজহ চক্র, মহকুমা, জিলা আৰু ৰাজ্যিক পর্যায়ত কমিটী গঠন কৰি এই লোকসকলৰ নাগৰিকত্ব পৰীক্ষাৰ ব্যৱস্থা কৰা হ’ব বুলি ঘোষণা কৰিছিল যদিও বাস্তৱত এনে একোৱেই কৰা নহ’ল৷ বৰং অৰুণাচল, নাগালেণ্ডৰ এই লাখ লাখ বহিষৃকত বিদেশীক অসমত নিৰাপদে থিতাপি লোৱাৰ পূর্ণ সুযোগ প্রদান কৰা হ’ল৷ প্রাক্তন মুখ্যমন্ত্রী গগৈয়ে এইসকল বিদেশীৰ বহিষ্কাৰৰ দাবী তোলাৰ বাবে আছু, এবছু, এ জে ৱাই চি পি আৰু ভাৰতীয় জনতা যুৱ মর্চাক কঠোৰ সমালোচনা কৰি লগতে কৈছিল যে অৰুণাচল প্রদেশ আৰু নাগালেণ্ডৰ পৰা বহিষৃকত এই লোকসকল ধর্মীয় সংখ্যালঘু হোৱা বাবেই তেওঁলোকক বিদেশী বুলি চিহ্ণিত কৰা উচিত নহয়৷ আনকি, প্রতিৱেশী ৰাজ্যৰ পৰা বহিষৃকত এই লোকসকলক ভাৰতীয় নাগৰিক বুলি দাবী কৰি তৰুণ গগৈয়ে তেওঁলোকক সকলো ধৰণে সুৰক্ষা প্রদান কৰা হ’ব বুলিও ঘোষণা কৰিছিল৷

দুটা দশকতে জনগাঁথনিৰ অস্বাভাৱিক পৰিৱর্তন

কংগ্রেছ চৰকাৰৰ এনে বিদেশী–তোষণ নীতিৰ বাবেই অসমৰ বহু ৰাজহ চক্র, জিলাৰ জনগাঁথনিৰ অতি কম সময়ৰ ভিতৰতে অস্বাভাৱিক পৰিৱর্তন ঘটিল৷ অৰুণাচল প্রদেশ, নাগালেণ্ডৰ এই বহিষৃকত বিদেশীৰ বুজনসংখ্যকেই দৰং জিলাৰ দলগাঁও ৰাজহ চক্র এলেকাত আশ্রয় লোৱাৰ তথ্য সেই সময়তে প্রকাশ পাইছিল৷ আনকি, একাংশ স্থানীয় লোকে এই সন্দর্ভত ৰাজহুৱা প্রতিবাদো সাব্যস্ত কৰিছিল৷ কিন্তু তাৰ পিছতো অৰুণাচল প্রদেশ, নাগালেণ্ডৰ এইচাম বহিষৃকত বিদেশীৰ বুজনসংখ্যকেই দলগাঁও ৰাজহ চক্র এলেকাত আশ্রয় ল’লে৷ তাৰ পৰিণতিত লোকপিয়লৰ তথ্য অনুসৰি ১৯৯১–২০১১ চনৰ সময়ছোৱাত মাত্র দুটা দশকৰ ভিতৰতে দলগাঁও ৰাজহ চক্রত মুছলিম জনসংখ্যা ১৭২ শতাংশ বৃদ্ধি পালে৷ ইয়াৰ বিপৰীতে অঞ্চলটোৰ হিন্দু জনসাধাৰণে ঘৰ–বাৰী এৰি পলাবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হ’ল, যাৰ পৰিণতিত দলগাঁৱৰ হিন্দু জনসংখ্যা হ্রাস পাবলৈ আৰম্ভ কৰিলে৷ একে সময়তে দলগাঁও ৰাজহ চক্রত ভাষিক জনগাঁথনিৰো অস্বাভাৱিক পৰিৱর্তন ঘটিল৷ লোকপিয়লৰ তথ্য অনুসৰি ১৯৯১–২০১১ চনৰ সময়ছোৱাত দলগাঁও ৰাজহ চক্রত অসমীয়াভাষীৰ সংখ্যা প্রায় ১ লাখ হ্রাস পোৱাৰ বিপৰীতে বাংলাভাষীৰ সংখ্যা মাত্র দুটা দশকতে প্রায় ২৪০ শতাংশ বৃদ্ধি পালে৷ (তালিকাত সন্নিৱিষ্ট লোকপিয়লৰ তথ্য)

পূর্ববংগীয় মুছলমানৰ মাতৃভাষা যিহেতু নিশ্চিতভাৱে বাংলা, তেনেক্ষেত্রত দলগাঁও ৰাজহ চক্রৰ ভাষিক তথা ধর্মীয় জনগাঁথনিৰ এনে অস্বাভাৱিক পৰিৱর্তনে অঞ্চলটোত নতুনকৈ থিতাপি লোৱা লোকসকলৰ বুজনসংখ্যকেই যে বিদেশী, সেয়া নিশ্চিতভাৱে প্রতিপন্ন কৰে৷ কিন্তু পূর্বৰ কংগ্রেছ চৰকাৰে এই অনুপ্রৱেশকাৰীসকল ভাৰতীয় বুলি দাবী কৰি তেওঁলোকক নির্বিবাদে অসমত থিতাপি লোৱাৰ সুযোগ প্রদান কৰিলে৷ মাত্র দুটা দশকৰ ভিতৰতে ৰাজ্যৰ কেৱল এটা ৰাজহ চক্রৰ ভাষিক তথা ধর্মীয় জনগাঁথনিৰ এনে অস্বাভাৱিক পৰিৱর্তনে অসমত বিদেশীৰ আগ্রাসনে কেনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে তাক স্পষ্ট ৰূপত প্রতিফলিত কৰে৷

নাগৰিকত্ব বেদখলৰ লাইচেঞ্চ নেকি?

অসমত চৰকাৰী ভূমি, বনাঞ্চল, পি জি আৰ, ভি জি আৰ আদিত বেদখলৰ ক্ষেত্রত এক বিশেষ শ্রেণীৰ লোকেই সদায় আগ্রাসন চলাই অহা প্রতিফলিত হয়৷ এই বেদখলকাৰীবোৰৰ বিৰুদ্ধে চৰকাৰে উচ্ছেদৰ পদক্ষেপ গ্রহণ কৰিলেই এনে বেদখলকাৰী সন্দেহযুক্ত নাগৰিকৰ সমর্থনত সৰৱ হৈ উঠে একাংশ দল–সংগঠন৷ এই দল–সংগঠনসমূহৰ মতে– এনে বেদখলকাৰীসকল বান–গৰাখহনীয়াত ক্ষতিগ্রস্ত লোক৷ কিন্তু প্রশ্ণ হৈছে, বান–গৰাখহনীয়াই সমগ্র অসমতে ৰাইজৰ ক্ষতিসাধন কৰা পৰিস্থিতিত কেৱল ধর্মীয় সংখ্যালঘুসকলেহে চৰকাৰী ভূমি, বনাঞ্চল, জনজাতি বেল্ট–ব্লক আদিত অবাধ বেদখল চলায় কিয়? অসমৰ ধেমাজি আৰু লখিমপুৰ জিলাই বান–গৰাখহনীয়াত সর্বাধিক ক্ষতিগ্রস্ত৷ কিন্তু ধেমাজি–লখিমপুৰৰ খিলঞ্জীয়া ৰাইজে বেলেগ জিলাত আহি চৰকাৰী ভূমি বেদখল কৰাৰ কোনো অভিযোগ উত্থাপিত হোৱা নাই৷ তেনে ক্ষেত্রত নামনি আৰু মধ্য অসমৰ একাংশ ধর্মীয় সংখ্যালঘু লোকে ৰাজ্যজুৰি অবাধ ভূমি বেদখল অভিযান চলোৱাৰ আঁৰৰ ৰহস্য কি? তদুপৰি এই বেদখলকাৰীবোৰৰ মুখপাত্রৰ ভূমিকাত অৱতীর্ণ হোৱা একাংশই দাবী কৰে যে এওঁলোক যদি বিদেশী তেন্তে বহিষ্কাৰ কৰক৷ কিন্তু যদি ভাৰতীয় নাগৰিক, তেন্তে কিয় উচ্ছেদ কৰিব? প্রশ্ণ হৈছে– নাগৰিকত্ব ভূমি বেদখলৰ লাইচেঞ্চ নেকি? কোনোবাই ভাৰতীয় নাগৰিক হ’লেই  চৰকাৰী ভূমি জধে–মধে বেদখল কৰিব পাৰিব নেকি? বেদখলক বৈধতা প্রদানৰ এই অভিসন্ধিৰে বিদেশীক সুৰক্ষা প্রদানৰ এই প্রৱণতা কিয়?

ভাষাক লৈ ব্লেকমেইলিং নচলিব

অসমত আগ্রাসন চলোৱা বিদেশীৰ আটাইতকৈ ভয়ংকৰ কূট–কৌশলটো হৈছে– ভাষাক লৈ ব্লেকমেইলিং৷ লোকপিয়লৰ তথ্যই স্পষ্ট কৰি দিয়ে যে অসমত থিতাপি লোৱা পূর্ববংগীয় মূলৰ মুছলমানৰ ৭০ শতাংশই ইতিমধ্যে নিজকে বাংলাভাষীৰূপে নথিবদ্ধ কৰিছে৷ পূর্ববংগীয় মুছলমানৰ এনে ভাষিক পৰিচয় সলনিৰ বাবেই বিগত দুটামান দশকত অসমত বাংলাভাষীৰ সংখ্যা অস্বাভাৱিক হাৰত বৃদ্ধি পোৱাৰ বিপৰীতে অসমীয়াভাষীৰ হাৰ ক্রমাৎ হ্রাস পাইছে৷ লোকপিয়লত অসমৰ বৰপেটা, দৰং, বঙাইগাঁও, গোৱালপাৰা, ধুবুৰী, নগাঁও, মৰিগাঁও আদি জিলাৰ ভাষিক আৰু ধর্মীয় জনগাঁথনিৰ পৰিৱর্তনৰ তথ্য বিশ্লেষণ কৰিলেই এই কথা স্পষ্ট হৈ পৰে যে বিগত সময়ছোৱাত যিবোৰ এলেকাত মুছলিম জনসংখ্যা ব্যাপক হাৰত বৃদ্ধি পাইছে, সেইবোৰ এলেকাতে বাংলাভাষীৰ সংখ্যাও সর্বাধিক হাৰত বৃদ্ধি পাইছে৷ কোনোবাই যিদৰে ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়িলেই ইংৰাজীভাষী হৈ নাযায়, তেনেদৰে কোনোবাই অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়িলেই স্বয়ংক্রিয়ভাৱে অসমীয়াভাষী হৈ নাযায়৷ এইক্ষেত্রত লোকপিয়লত নথিবদ্ধ তথ্যইহে এজন ব্যক্তিৰ প্রকৃত ভাষিক পৰিচয় দাঙি ধৰে৷ তদুপৰি, ৰাজ্যৰ একাংশ পূর্ববংগীয় মুছলমান যুৱকে বাংলা ভাষাত ‘মিঞা কবিতা’ লিখি অসমীয়া জাতিক ‘ধর্ষণকাৰী’, ‘জেন’ফ’বিক’ আখ্যা দিয়াৰ পিছত এইসকল যে অসমৰ জাতীয় জীৱনৰ সৈতে কোনোধৰণে সংপৃক্ত নহয়, তাক ইতিমধ্যে ৰাজহুৱাভাৱে প্রতিপন্ন কৰিছে৷ কেৱল ‘মিঞা কবিতা’ই নহয়, ইতিমধ্যে ৰাজ্যত ‘মিঞা মিউজিয়াম’কে ধৰি বিভিন্ন ষড়যন্ত্রৰে অসমৰ জাতীয় জীৱনক বিধ্বস্ত কৰাৰ বাবে এইচাম অনুপ্রৱেশকাৰীৰ উদ্যোগত পূর্ণ পর্যায়ৰ তৎপৰতা আৰম্ভ হৈছে৷

অৱশ্যে এটা কথা স্পষ্ট যে অসমৰ ডেৰ কোটিৰো অধিক লোকে নিজৰ মাতৃভাষাৰূপে আদৰি লোৱা অসমীয়া ভাষাক এনেবোৰ ষড়যন্ত্রই মুঠেও ক্ষতিগ্রস্ত কৰিব নোৱাৰে৷ অসমীয়া ভাষা নিজৰ শক্তিৰেই বর্তি আছে আৰু বর্তি থাকিব, কাৰো অনুগ্রহত নহয়৷ বৰং অসমৰ জাতীয় জীৱনৰ বাবে গভীৰ আশাব্যঞ্জক বিষয় এইটোহে যে নিজৰ সুৰক্ষিত ভৱিষ্যৎ নিশ্চিত কৰাৰ স্বার্থত অসমৰ সমূহ থলুৱা জাতি–জনগোষ্ঠী আজি ঐক্যবদ্ধ  হৈছে৷ নিজৰ সুৰক্ষিত ভৱিষ্যতৰ লগতে এনে আগ্রাসনক সর্বশক্তিৰে প্রতিহত কৰাৰ বাবে অসমৰ প্রতিটো জাতি–জনগোষ্ঠী আজি সংকল্পবদ্ধ হৈছে৷ দেশ–জাতিৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে লোৱা এনে সংকল্পই আজিৰ এই সন্ধিক্ষণত নিশ্চিতভাৱে আমাৰ ভৱিষ্যতৰ বাবে আশাৰ বতৰা কঢ়িয়াইছে৷

ফোন : ৯৮৬৪০–৪১৮৭৬

You might also like