ডিক’ডিং জীৱন : কথাত মোক নোৱাৰিবা
ড০ পার্থসাৰথি মহন্ত
সঁচা কথা কওকচোন– আপোনাৰ বাৰু এনেকুৱা হৈছেনে? আপুনি এক প্রচণ্ড তর্কত লিপ্ত হৈ পৰিছে– আপোনাৰ পত্নী, পতি, ভাই–ভনী, সহকর্মী, বন্ধু বা সংগীৰ সৈতে–য’ত মূল বিষয়টো পাহৰি বা এৰাই আপুনি কেৱল নিজৰ কথাটো প্রমাণ কৰাৰ চেষ্টাত লাগ–বান্ধ নোহোৱা কথা ক’বলৈ আৰম্ভ কৰিছে৷ আপোনাৰ মন–মগজুৰ কোনোবা অংশত অৱশ্যে আপুনিও অনুভৱ কৰি থাকে যে আপুনি অলপ বেছিকৈ কৈছে বা যুক্তিটো অলপ বেছি টানিছে৷ আমি কিয় এনেকুৱা কৰোঁ? আমি কিয় এইবোৰত ইমান জেদী হৈ পৰোঁ? কিবা এটা এৰি দিবলৈ আমি ইমান টান পাওঁ কিয়?
তর্ক কৰাটো মানুহৰ পাৰস্পৰিক সম্পর্কৰ এক স্বাভাৱিক অংশ৷ বিবেক থকাৰ অর্থই হ’ল চিন্তা পৃথক, মত পৃথক৷ কিন্তু আমি কিয় তর্ক কৰোঁ আৰু কিয় প্রতিটো তর্কত জয়লাভ কৰিবলৈ চেষ্টা কৰোঁ– ইয়াৰ কাৰণ মতভেদতে সীমাবদ্ধ নহয়৷
মানুহে নিয়ন্ত্রণ বিচাৰে৷ এয়া স্বভাৱগত৷ পৰিস্থিতি, বিশ্বাস, ধাৰণা, সিদ্ধান্ত– আমি সকলো নিয়ন্ত্রণ কৰিব বিচাৰোঁ৷ শিশুৱে খোলাখুলিকৈ নিয়ন্ত্রণ বিচাৰে৷ কিবা এটা খাবলৈ লাগে মানে দৰকাৰ হ’লে কান্দি দিব, কিন্তু খাবলৈ পোৱাটো নিশ্চিত কৰিব৷ অর্থাৎ বিষয়টোৰ ওপৰত নিয়ন্ত্রণ লাগে৷ প্রাপ্তবয়স্কসকলে একেটা কামকে কৌশলীভাৱে কৰে৷ পিছে যেতিয়া কোনোবাই বিৰোধ কৰে, পৰিস্থিতিৰ ওপৰত আমাৰ নিয়ন্ত্রণ হেৰাই গৈছে যেন আমি অনুভৱ কৰোঁ আৰু সেই নিয়ন্ত্রণ ঘূৰাই পাবলৈ তর্ক আৰম্ভ কৰোঁ৷
লগে লগে আমাৰ অহং ভাব জাগি উঠে৷ তর্কত নিজিকাৰ অর্থ আমাৰ কাৰণে হৈ পৰে ‘মই ভুল’৷ মোৰতো ভুল হ’ব নোৱাৰে৷ অর্থাৎ বিষয়বস্তুৰ বস্তুনিষ্ঠ বিশ্লেষণৰ পৰিৱর্তে আমি কথাবোৰ ব্যক্তিগতভাৱে লওঁ৷ মত ৰক্ষা কৰাতকৈ আমি আমাৰ মূল্য ৰক্ষা কৰাত লাগি যাওঁ৷ অহংকাৰক ৰক্ষা কৰাৰ এই চেষ্টা জেদত পৰিণত হয়৷ যুক্তি সত্যৰ পৰা আঁতৰি গৈ অহংকাৰৰ দ্বাৰা প্রভাৱিত হ’বলৈ আৰম্ভ কৰে৷
তর্কত জিকি ভাল লাগে, ঠিক যেনেদৰে এখন খেল জিকিলে ভাল লাগে, প্রশংসা পালে ভাল লাগে৷ আমি পুলকিত হওঁ৷ আচলতে এনে মুহূর্তত মানুহৰ মগজুৰ পৰা ডপামিন নামৰ এক ৰাসায়নিক দ্রব্য নিঃসৰণ হয়, আমি ৰোমাঞ্চিত হৈ পৰোঁ৷ তাৰ পিছত আমি বাৰে বাৰে সেই অনুভৱটো বিচৰা হওঁ৷ আমি সেই ধনাত্মক উত্তেজনা বিচৰা হওঁ৷ তর্কৰ ক্ষেত্রতো একেই কথা, বিষয়টো যিমানেই সৰু নহওক কিয়– গান কোনটো বেছি ভাল, ক্রিকেটাৰ কোন বেছি ভাল, কোনখন ৰেষ্টুৰেণ্ট বেছি ভাল– আমাক জিকিবলৈ লাগে৷ আমাক তর্কত জিকাৰ ৰোমাঞ্চ লাগে৷
সেই কাৰণে বহু তর্ক আচলতে বিষয়বস্তুৰ বিষয়ে নহয়েই৷ তর্কবোৰ গুচি যায় ‘মোৰ’, ‘আমাৰ’, ‘মই’, ‘আমি’ৰ দিশত৷ আমাৰ বিশ্বাস, মতামত আৰু মূল্যবোধ আমাৰ পৰিচয়ৰ অংশ৷ সেয়েহে কোনোবা যেতিয়া আমাৰ মতৰ বিৰুদ্ধে যায়, সেয়া আমি ব্যক্তিগত আক্রমণ বুলি গণ্য কৰোঁ৷ আপুনি এজন নেতাক বছৰ বছৰ ধৰি সমর্থন কৰি আহিছে৷ তেওঁক কোনোবাই দুর্নীতিগ্রস্ত বুলি কৈছে৷ সেই মন্তব্যক আপুনি আপোনাৰ বুদ্ধিমত্তা বা বিচাৰ কৰাৰ ক্ষমতাৰ ওপৰত আক্রমণ বুলি ধৰি লয়৷ আপুনি সেই নেতাজনকেই নহয়, নিজৰ পৰিচয় আৰু আত্মবিশ্বাসকো ৰক্ষা কৰাৰ বাবে তর্কত জঁপিয়াই পৰে৷
আমাৰ মগজুৱে আমি আগৰে পৰাই কৰি অহা বিশ্বাসৰ সৈতে মিল খোৱা তথ্য বিচাৰি ফুৰে৷ মগজুৱে আমাৰ বিশ্বাস নিশ্চিত কৰিব বিচাৰে৷ আমি যে নিজৰ যুক্তি–কথা এৰি নিদিওঁ, এই নিশ্চিতকৰণ পক্ষপাতৰ কাৰণেই নিদিওঁ৷ এজনে আনজনক পক্ষপাতদুষ্ট বুলি কৈ থাকোঁ, অথচ উপলব্ধি নকৰোঁ যে দুয়োজনৰ দোষ বা সমস্যা একেটাই৷ কোনেও নিজৰ মন পৰিৱর্তন নকৰোঁ৷ এয়া বুদ্ধিমত্তাৰ অভাৱ নহয়– এয়া মগজুৱে নিজৰ পৰিচয় ৰক্ষা কৰা আৰু মানসিক অস্বস্তি কমোৱাৰ এক স্বাভাৱিক প্রতিক্রিয়া৷
লগতে আছে ইয়াৰ এটা সাংস্কৃতিক–সামাজিক দিশ৷ ভাৰতীয় আৰু দক্ষিণ এছীয় পৰিয়ালত আঁকোৰগোজালি এটা ডাঙৰ সমস্যা৷ বহু সময়ত শৈশৱতেই জেদী হ’বলৈ উৎসাহিত কৰা হয়৷ তেনে সন্তান ডাঙৰ হৈ জেদ আৰু দৃঢ় সংকল্পৰ মাজৰ পার্থক্য ধৰিব নোৱাৰা হয়৷ ভুল স্বীকাৰ কৰাটো তেওঁলোকে হাৰি যোৱা বুলি অনুভৱ কৰে৷ সেইকাৰণে তর্কত জয়ী হ’বলৈ অহৰহ চেষ্টা চলাই থাকে৷
কিছুমান মানুহে দৰকাৰতকৈ বেছি তর্ক কৰে৷ ঘনিষ্ঠ সম্পর্কবোৰত তর্ক পুনৰাবৃত্তিমূলক হৈ পৰে৷ এখন যেন আগতে লিখি থোৱা নাটক৷ ইয়াক সংঘাত চক্র বুলি কোৱা হয়৷ আপুনি জানে আনজনে কি ক’ব, আপুনি প্রতিক্রিয়া কেনেকৈ প্রকাশ কৰিব সেইটোও জানে৷ তথাপি চক্রটো চলি থাকে৷
আদিম মানুহৰ সমাজত যিয়ে আনক প্রভাৱিত কৰিব পাৰিছিল, তেৱেঁই বেছি ভালকৈ টিকি থাকিব পাৰিছিল৷ যিয়ে কথোপকথনত আধিপত্য বিস্তাৰ কৰিব পাৰিছিল, তেৱেঁই খাদ্য, নিৰাপত্তা আৰু সংগী লাভ কৰিছিল৷ সেই প্রবৃত্তিবোৰ আমাৰ ভিতৰত থাকি গ’ল৷ আমি সামাজিক স্থান, মান ৰক্ষা কৰিবলৈ তর্ক কৰোঁ৷ নহ’লে আনে আমাক দুর্বল বুলি ভাবিব– আমি ভয় খাওঁ৷
ভুল বুলি প্রমাণিত হ’বলৈ আমি ভয় খাওঁ৷ হাৰি যোৱাৰ দৰে হয়৷ আমি যেন মূর্খ৷ ইফালে নিজেও জানো যে আমি ভুলটো বুজিব লাগে, শুধৰণি কৰিব লাগে, ভুলৰ পৰা শিকিব লাগে৷ তথাপিও আমি সঠিক হোৱাৰ সলনি ভুল কৰি বা ভুল হৈ থকাৰ পথেই বাছি লওঁ৷ সামাজিক মাধ্যমে এই অৱস্থা আৰু অধিক বেয়া কৰি তুলিছে৷ সদায় ঠিক মত দিব লাগে, ঠিক পোষ্ট দিব লাগে, আটাইতকৈ চালাক মন্তব্য কৰিব লাগে– এইবোৰে ভুল হোৱাৰ ভয়ক তীব্র কৰি তোলে আৰু অদৰকাৰী বিতর্কৰ সূচনা কৰে৷
এখন তর্কত জিকা মানেনো কি? প্রতিপক্ষক চুপ কৰি দিয়া, তেওঁ পোহৰত নিজে উদ্ভাসিত হোৱা? নে নিজেও উচ্চ স্তৰৰ বুলি অনুভৱ কৰা?
মনোবৈজ্ঞানিকভাৱে জিকাৰ সাধাৰণ অর্থ স্বীকৃতি লাভ৷ আমি আমাৰ চিন্তা, কথা, মতক আনে দেখা আৰু গ্রহণ কৰাটো বিচাৰোঁ৷ কিন্তু এই জয়ৰ মূল্য যদি সম্পর্কৰ ক্ষতি, মানসিক অশান্তি বা সত্যৰ পৰা আঁতৰি যোৱা–এই জয় আচলতে এক পৰাজয়৷
সেয়েহে এনে তর্ক যদি জীৱনত সঘনাই হ’বলৈ লৈছে, যন্ত্রণাদায়ক আৰু ক্লান্তিকৰ হৈ পৰিছে সেয়া চিন্তা কৰিবলগীয়া কথা৷ একেটা বিষয় লৈ যেতিয়া বাৰে বাৰে তর্ক হয়, কিন্তু সমাধান নহয়, কথা শুনাৰ সলনি যেতিয়া কথা ক’ব বিচৰা হয়, তর্কত জিকিবলৈ যেতিয়া অতীতৰ দোহাই দিয়া হয়, সত্যটো বুজাতকৈ যেতিয়া জিকাতহে গুৰুত্ব দিয়া হয়, অথচ ক্ষমাও নাই, অনুতাপো নাই, সেই তর্ক সম্পূর্ণ নেতিবাচক আৰু অদৰকাৰী৷ বিষাক্ত৷
মুকলি মন আৰু মানসিক পৰিপক্বতাইহে এনে অশুভ আৰু ক্ষতিকাৰক তর্ক চক্রৰ ফান্দত পৰাৰ পৰা আমাক বচাব পাৰে৷ প্রতিটো অপমানৰ উত্তৰ দিয়া, সামাজিক মাধ্যমৰ প্রতিটো বিৰূপ মন্তব্যৰ প্রতিক্রিয়া দিয়া, নিজৰ প্রতিটো মতামতক প্রমাণ কৰাৰ প্রয়োজন নাই৷ কিছুমান তর্ক অৱশ্যে প্রয়োজনীয়৷ অনাচাৰৰ বিৰুদ্ধে থিয় দিয়া, ভুল বুজাবুজি স্পষ্ট কৰা বা ভাল সিদ্ধান্তৰ বাবে মত বিনিময়– এনে ইতিবাচক বিতর্ক অর্থপূর্ণ আৰু জীৱনৰ অংশ৷
সেয়েহে তর্ক আৰম্ভ হ’বলৈ ল’লে আমি নিজকে এবাৰ সোধা ভাল– ‘কিয়’? কিয় এই তর্ক? কিবা দৰকাৰ আছেনে এই তর্কৰ?
ফোন : ৯৪৩৫০–৪৮৪৮০