আৰচিবিৰ যশ দয়ালৰ বিৰুদ্ধে গোচৰ গাজিয়াবাদৰ মহিলাৰ
🔹 বিয়াৰ প্রলোভনেৰে শাৰীৰিক-মানসিক নির্যাতন
নিউজ ডেস্ক, ৩০ জুন : বিপদত পৰিছে ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰ পেচ বলাৰ যশ দয়াল৷ গাজিয়াবাদৰ এগৰাকী মহিলাই ২৭ বছৰীয়া যশ দয়ালৰ বিৰুদ্ধে আনিছে ভয়ংকৰ অভিযোগ৷ বিয়াৰ প্রলোভনেৰে মহিলাগৰাকীক শোষণ কৰি অহা বুলি অভিযোগ উত্থাপন কৰিছে ক্রিকেটাৰগৰাকীৰ বিৰুদ্ধে৷ মানসিক, শাৰীৰিক নির্যাতনৰ অভিযোগ তুলি মহিলাগৰাকীয়ে ইতিমধ্যে আৰক্ষীক দাখিল কৰিছে এজাহাৰ৷
উত্তৰ প্রদেশৰ মুখ্যমন্ত্রীৰ অনলাইন প’র্টেল আইজিআৰত অভিযোগ দাখিল কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে৷ ইয়াৰ পিছত উত্তৰ প্রদেশৰ মুখ্যমন্ত্রীৰ কার্যালয়ে গাজিয়াবাদৰ ইন্দিৰাপুৰমৰ চক্র বিষয়া (চিঅ’)ৰ পৰা প্রতিবেদন বিচাৰি আইজিআৰএছত দাখিল কৰা অভিযোগ সমাধানৰ বাবে ২১ জুলাইলৈকে আৰক্ষীক সময় দিছে৷ যশ দয়ালৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰত মহিলাগৰাকীয়ে অভিযোগ কৰিছে যে ৫ বছৰ ধৰি তেওঁ আৰু দয়ালৰ প্রেমৰ সম্পর্ক আছে৷ এই সময়তে ক্রিকেটাৰগৰাকীয়ে তেওঁক মানসিক আৰু শাৰীৰিকভাৱে নির্যাতন চলাইছিল৷ এজাহাৰত দাবী কৰা হৈছে যে আৰচিবিৰ পেচ বলাৰগৰাকীয়ে মহিলাগৰাকীৰ পৰা ধন লৈছিল আৰু পূর্বেও বহু মহিলাৰ সৈতে একেই কামকে কৰিছিল৷ মহিলাগৰাকীয়ে দয়ালৰ বিৰুদ্ধে শ্বাট ৰেকর্ড, স্ক্রীনশ্বট, ভিডিঅ’ কল আৰু ফটোগ্রাফৰ ৰূপত পর্যাপ্ত প্রমাণ থকা বুলিও দাবী কৰে৷ অভিযোগ তোলে যে তেওঁক দয়ালৰ পত্নী হিচাপে পিতৃ–মাতৃ আৰু আত্মীয়ৰ সৈতে চিনাকি কৰাই দিয়া হৈছিল৷