জনতা কাৰ্ফিউলৈ পূৰ্ণ সমৰ্থনঃ ৰাজ্যত আজি নচলে বাছ, বিমানো বাতিল
নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ সন্ত্ৰাস সৃষ্টি কৰা ভয়ংকৰ ক’ৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশতে আৰম্ভ হৈছে যুদ্ধকালীন তৎপৰতা । আজি পুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈ প্ৰধানমন্ত্ৰী মোদীয়ে আহ্বান কৰা জনতা কাৰ্ফউলৈ সঁহাৰি জনাইছে ৰাজ্যৰ প্ৰতিটো স্তৰৰ জনগণে ।
ইতিমধ্যে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে প্ৰধানমন্ত্ৰীগৰাকীয়ে আহ্বান কৰা জনতা কাৰ্ফউলৈ সঁহাৰি জনাই অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকানসমূহৰ বাহিৰে আন সকলো দোকান বন্ধ ৰখা পৰিলক্ষিত হৈছে ।
ইফালে জনতা সান্ধ্য আইনলৈ সঁহাৰি জনাই আজি বন্ধ ৰখা হৈছে ডিব্ৰুগড়, শিলচৰ, দিল্লী, কলকাতা, চেন্নাই আৰু গুৱাহাটীৰ মাজত চলাচল কৰিবলগীয়া বিমানসমূহ । ইতিমধ্যে বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষই স্পষ্ট কৰিছে যে গুৱাহাটীলৈ উক্ত চহৰসমূহৰ পৰা আহিব লগা বিমানসমূহ বাতিল বুলি ঘোষণা কৰিছে ।
ইয়াৰোপৰি উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই বাতিল কৰিছে ২২২ খন ৰে’লৰ চলাচাল । লগতে প্ৰধানমন্ত্ৰীৰ আহ্বানক সঁহাৰি জনাই সদৌ অসম মটৰ পৰিবহণ সন্থাইসমূহ বাছৰ চলাচল বন্ধ ৰাখিছে ।
উল্লেখ্য যে অহা ২৩ মাৰ্চৰ পৰা ৰাজ্যত ৫০ শতাংশ বাছহে চলাচল কৰিব ।