কামাখ্যা ষ্টেচনৰ পদসেতুৰ পৰা জঁপিয়াই যাত্ৰীৰ আত্মহত্যা
গুৱাহাটী মহানগৰীৰ কামাখ্যা ষ্টেচনৰ পদ সেতুৰ ওপৰৰ পৰা এজন যাত্ৰীয়ে জপিয়াই আত্মহত্যা কৰে। ৰেল আৰক্ষীৰ সূত্ৰই জনোৱা মতে, যোৱা ২৮ জুনৰ নিশা এজন পুৰুষ যাত্ৰীয়ে কামাখ্যা ৰেল ষ্টেচনৰ পদ সেতুৰ ওপৰৰ পৰা তলত জপিয়াই দিয়ে।
গুৰুতৰ ভাবে আহত অচিনাক্ত যাত্ৰী জনক উদ্ধাৰ কৰি ৰেল আৰক্ষীয়ে জি এম চি এইচ লৈ প্ৰেৰণ কৰে। চিকিৎসাধীন অৱস্থাত কালি যাত্ৰী জনে শেষ নিশ্বাস ত্যাগ কৰে।
৪৫ বছৰীয়া লোক জনৰ মৃতদেহটো মাৰণোত্তৰ পৰীক্ষা কৰি চিনাক্তকৰণৰ বাবে হাস্পাতালৰ মৰ্গত ৰাখি থব বুলি ৰেল আৰক্ষীয়ে জানিবলৈ দিয়ে।
ঘটনা সন্দৰ্ভত ৰেল আৰক্ষীয়ে থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। প্ৰায় ৪৫ বছৰৰ লোক জনৰ উচ্চতা ৫ ফুট ৫ ইঞ্চি হব বুলি ৰেল আৰক্ষীয়ে জানিবলৈ দিয়ে।
Niyomiya Barta Desk, Date of Published, 2 July, 2025