“এজন ভাল শিক্ষকে সদায় শিক্ষাৰ্থীক অনুপ্ৰেৰণা যোগায়। আমি শিক্ষকতাৰ লগত জড়িত প্ৰত্যেকজন শিক্ষাগুৰুৱে প্ৰাত্যহিক এই কথা মনত ৰখা দৰকাৰ” – বিশিষ্ট কবি, ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা প্ৰাপক সতীশ চুতীয়াই এক বিদায় সম্বৰ্দ্ধনা সভাত শিক্ষক সমাজৰ দায়িত্ব বোধ সোঁৱৰি এনেদৰে মন্তব্য কৰে।
চৰাইদেউ জিলাৰ সোণাৰি খণ্ড প্ৰাথমিক বিদ্যালয়ৰ অন্তৰ্গত দহখন বিদ্যালয়ৰ ১৮জন অৱসৰপ্ৰাপ্ত শিক্ষক- শিক্ষয়িত্ৰীক সৰ্বোদয়( খ) ‘সংমণ্ডলৰ শিক্ষক-শিক্ষয়িত্ৰী গোটে খুমটাই বাগিচা মধ্য ইংৰাজী বিদ্যালয়ৰ পদ্মনাথ গোহাঞিবৰুৱা প্ৰেক্ষাগৃহত সম্বৰ্ধনা জ্ঞাপন কৰা অনুষ্ঠানত আজি বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰি ভাষণ প্ৰসংগত কয় যে, শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজয সম্পৰ্ক হ’ব লাগে বন্ধুত্বপূৰ্ণ। শিক্ষকৰ সৰ্বোত্তম জ্ঞান আদায় কৰিব পৰাটো শিক্ষাৰ্থীৰ কৃতিত্ব আৰু শিক্ষাৰ্থীক শিক্ষাৰ ৰসঘোৰা প্ৰদান কৰিব পৰাটো শিক্ষকৰ কৃতিত্ব।
খুমটাই বাগিচা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ক্ষীৰেশ্বৰ চুতীয়াৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত আদৰণি ভাষণ পাঠ কৰে সৰ্বোদয় (খ) সংমণ্ডলৰ সমন্বয়ক ভাৰতী মুণ্ডা গড়ে। উদ্দেশ্য ব্যাখ্যা কৰে খুমটাই বাগান (চি) প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰণঞ্জিত কোঁৱৰে। সভাত বিশিষ্ট চিকিৎসক ডা: নিৰঞ্জন দাসেও বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে ।’
এই সভাতে ভায়তী মুণ্ডা গড়ৰ সম্পাদনাত প্ৰকাশিত সম্বৰ্ধিত ব্যক্তিসকলৰ অণু জীৱন-পঞ্জী ভিত্তিক গ্ৰন্থ ‘”শিক্ষাজ্যোতি” উন্মোচন কৰি বিশিষ্ট সাংবাদিক শোভিত কুমাৰ চেত্ৰীয়ে কয় যে, প্ৰকাশিত গ্ৰন্থৰ সৰু-বৰ নাই। তথ্য সমৃদ্ধ গ্ৰন্থই ভৱিষ্যতৰ উত্তৰ পুৰুষৰ বাবে বহু তথ্য দি যায়। এই গ্ৰন্থই সমাজ জীৱনলৈ আলোকৰ আভা চটিয়াই দিয়ে। যি পথেৰে ভৱিষ্যতৰ সমাজ আগুৱাই যোৱাত সহায় কৰে।
শিক্ষক, শিশু সাহিত্যিক সুনীল গগৈয়ে আঁতধৰা মনোজ্ঞ অনুষ্ঠানটিত ওঠৰগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়ত্ৰী শিক্ষক, শিশুসাহিত্যিক সুনীল গগৈয়ে আঁতধৰা মনোজ্ঞ অনুষ্ঠানটিত ওঠৰগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়ত্ৰী গ্ৰন্থৰ সৰু-বৰ নাই। তথ্য সমৃদ্ধ গ্ৰন্থই ভৱিষ্যতৰ উত্তৰ পুৰুষৰ বাবে বহু তথ্য দি যায়। এই গ্ৰন্থই সমাজ জীৱনলৈ আলোকৰ আভা চটিয়াই দিয়ে।
যি পথেৰে ভৱিষ্যতৰ সমাজ আগুৱাই যোৱাত সহায় কৰে৷ সভাত ক্ৰমে ২৮০নং প্ৰাথমিক বিদ্যালয়ৰ বাসন্তী শৰ্মা, অৰুণা সন্দিকৈ, অৰ্পণা চুতীয়া, খুমটাই বাগিচা মধ্য ইংৰাজী বিদ্যালয়ৰ নীতা বুঢ়াগোহাঁই, পঞ্চাল কুমাৰ, ফাৰুক হুছেইন বৰা, স্মৃতি ৰাজখোৱা, ফামিনা বৰা, দিপালী চুতীয়া, অনুপমা গগৈ, আৰু নন্দেশ্বৰ তপ্ন, অংকুৰন প্ৰাথমিক বিদ্যালয়ৰ কবিতা বৰুৱা, বনিতা দুৱৰা, নিৰেন শৰ্মা, খুমটাই বাগান( চি) প্ৰাথমিক বিদ্যালয়ৰ অনুৰাধা চাহা, বগৰীগুৰি মজদুৰ প্ৰাথমিক বিদ্যালয়ৰ ৰঞ্জু চুতীয়া, সৰ্বজ্যোতি প্ৰাথমিক বিদ্যালয়ৰ বিনীতী দত্ত,খুমটাই খাপৰ লাইন প্ৰাথমিক বিদ্যালয়ৰ শিখাজ্যোতি বৰগোহাঞিক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
সম্বৰ্ধনা অনুষ্ঠানত শিক্ষক মানস ৰঞ্জন নেওগ, ক্ষীৰেশ্বৰ চুতীয়া,আৰুৃ কল্যাণ মহনৰ গীত পৰিৱেশনেৰে অনুষ্ঠানটি জীপাল কৰি তোলে। এই সম্বৰ্ধনা অনুষ্ঠানতে কৰ্মদক্ষ শিক্ষক হিচাপে শিক্ষক সুনীল গগৈ, পৰাগ গগৈ, গিৰিণ চেতিয়া মানস ৰজ্ঞন নেওগ,দেবেন চুতীয়া, নৃপেন মাহালিক কৃতজ্ঞতা পত্ৰ প্ৰদান কৰে।
অতি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত খুমটাই বাগিচা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী আৰতি গোস্বামী, খুমটাই বাগিচা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ক্ষীৰেশ্বৰ চুতীয়া, শ্ৰমিক নৱজ্যোতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দীপক দেবনাথ, খুমটাই বাগান (চি) প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰঞ্জিত কোঁৱৰ, খুমটাই খাপৰ লাইন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ললিত চুতীয়া, ২৮০ নং বগপৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰাধান শিক্ষক বিশ্বজিৎ গগৈ, অংকুৰন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ডন হাজৰিকা, বগৰীগুৰি মজদুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহেন্দ্র গগৈ, সৰ্বজ্যোতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী জোনালী চুতীয়া, আলোক প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মীৰা ভূমিজৰ, লগতে প্ৰত্যেকখন বিদ্যালয়ৰ সহকাৰী শিক্ষক-শিক্ষয়িত্ৰী আৰু অগনন গুণমুগ্ধ ৰাইজৰ উপস্থিতয়ে সভাৰ সৌষ্ঠব বৃদ্ধি কৰে। শেষত শিক্ষয়িত্ৰী আৰতি গোস্বামীয়ে শলাগৰ শৰাই আগবঢ়োৱা পাছতে জাতীয় সংগীত পৰিবেশনেৰে অনুষ্ঠানটি সফল সামৰণি মাৰে।
নিয়মীয়া বাৰ্তা, মৰাণ : Date of Published, 2 July, 2025