৪খন নতুন স্বায়ত্তশাসিত পৰিষদৰ বিলত অনুমোদন
নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ ৰাজ্যৰ প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাখণ্ডত শিক্ষক বদলিৰ বিষয়টোত সুস্থিৰতা অনাৰ বাবে শিক্ষা বিভাগে যুগুতাইছে এখন নতুন বিধি।বিধানসভাৰ চলিত বাজেট অধিবেশনতে উত্থাপন হ’ব এই নতুন আইনখন। অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠকে অসম এলিমেণ্টৰী এণ্ড ছেকেণ্ডাৰী স্কুল টিচাৰ্ছ( ৰেগুলেচন অৱ পোষ্টিং এণ্ড ট্ৰেন্সফাৰ) বিল ২০২০ত অনুমোদন জনায়। উল্লেখ্য যে চলিত মাহতে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষক নিয়োগ আৰু বদলিৰ বিষয়টো শৃংখলাবদ্ধ কৰাৰ বাবে এক কঠোৰ আইন অনাৰ বিষয়ে ঘোষণা কৰিছিল। নিযুক্তি লাভ কৰাৰ পাছত এজন শিক্ষকে ১০ বছৰ কাম কৰাৰ পাছতহে নিজ গৃহ জিলা বা অন্য ঠাইলৈ বদলি হৈ আহিব পৰা ব্যৱস্থা থাকিব বুলি তেওঁ সদনত প্ৰকাশ কৰিছিল। অসম মন্ত্ৰীসভাৰ কেবিনেটে এই বিধেয়কত অনুমোদন জনোৱাৰ লগে লগে চলিত বিধানসভা অধিবেশনত বিলখন উত্থাপন হোৱাৰ পথ প্ৰশস্ত হৈ পৰিল। সেইদৰে ৰাজ্যখনত নতুনকৈ গঠন হ’বলগীয়া কমতাপুৰ, মটক, মৰাণ আৰু বড়ো-কছাৰী চাৰিখন স্বায়িত্ত শাসিত পৰিষদৰ বিলটো অনুমোদন জনায়। একেদৰে শিক্ষা বিভাগৰ দ্য’ আছামিজ লেংগুৱেজ লাৰ্নিং বিল ২০২০টো কেবিনেটে অনুমোদন দিয়ে। ইপিনে ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেডলৈ প্ৰাকৃতিক গেছৰ ক্ষেত্ৰত১৫ বছৰৰ বাবে ভেট ৰেহাই দিয়াৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ বাবদ ৰাজ্য চৰকাৰৰ ১,৭১৪ কোটি টকা ব্যয় হ’ব। সেইদৰে গুৱাহাটী গৃহ নিৰ্মাণ উপবিধিটো কেবিনেটে অনুমোদন জনায়।ইয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ সহজ গৃহ নিৰ্মাণ আঁচনিক অধীনত জি প্লাছ টু (G+2) গৃহ নিৰ্মাণৰ অনুমোদনৰ ব্যৱস্থা কৰা হ’ব। এই ব্যৱস্থাৰ অধীনত ৪ লেচা পৰ্যন্ত ভূমিৰ ক্ষেত্ৰতো গৃহ নিৰ্মাণৰ অনুমতি লাভ কৰিব।