নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ বৰভেটিত অভিযন্তাৰ বাহনত ড্ৰাগছ সৰবৰাহ

🔹 বাহনসহ দুই ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ,  উত্তপ্ত পৰিস্থিতি
বিশেষ বাৰ্তা, নগাঁও, ৬ জুলাই : নগাঁও চহৰৰ সমীপৰ বৰভেটিত আজি পুৱা ড্ৰাগছ সৰবৰাহক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আজি পুৱা প্ৰায় দহ বজাত সংঘটিত হয় এই ঘটনা। বৰভেটিৰ পৰা  এ এছ-০২ এফ-৫১৪০ নম্বৰৰ বিলাসী বাহনত নগাঁও চহৰৰ দিশে ড্ৰাগছ সৰবৰাহৰ চেষ্টা কৰাৰ সময়তে স্থানীয় একাংশ লোকে বাহনখন আগচি ধৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। উত্তেজিত ৰাইজে বাহনখনৰো ক্ষতিসাধন কৰে।
এই সন্দৰ্ভত স্থানীয় লোকৰ খবৰৰ ভিত্তিত হয়বৰগাঁও আৰক্ষী চকীৰ আৰক্ষী  ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে ড্ৰাগছ সৰবৰাহকাৰী নগাঁও চহৰৰ বৰবজাৰ ঢাকাইপট্টিৰ মহচিন আহমেদ আৰু মিণ্টু আহমেদক গ্ৰেপ্তাৰ  কৰে। আৰক্ষীয়ে তেওঁলোকে ব্যৱহাৰ কৰা বাহনখন জব্দ কৰাৰ লগতে ১১.৭৩ গ্ৰাম হেৰ’ইন জব্দ কৰে। ঘটনা সন্দৰ্ভত অধিক তথ্য আহৰণৰ বাবে আৰক্ষীয়ে দুয়োকো জেৰা অব্যাহত ৰাখিছে।
ইপিনে, ধৃত দুই সৰবৰাহকাৰীয়ে সংবাদ মাধ্যমৰ আগত জনোৱা মতে ড্ৰাগছ সৰবৰাহত ব্যৱহাৰ কৰা বাহনখন এজন অভিযন্তাৰ। কি পৰিস্থিতিত কেনেকৈ অভিযন্তাগৰাকীৰ বাহনখন ড্ৰাগছ সৰবৰাহৰ বাবে ব্যৱহাৰ হ’ল, তাক লৈ নগাঁৱত ব্যাপক চৰ্চা হৈছে। আৰক্ষীৰ সঠিক তদন্ততহে ড্ৰাগছ সৰবৰাহত অভিযন্তাৰ বাহন ব্যৱহাৰ হোৱাৰ বিষয়টো পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
You might also like