নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাংবাদিক আক্ৰমণৰ ঘটনাত উদ্বিগ্ন অসম বাৰ্তাজীৱী সংঘ, আন্দোলন ঘোষণা

ৰাজ্যজুৰি ক্ৰমবৰ্ধমান সাংবাদিক নিৰ্যাতন তথা আক্ৰমণৰ ঘটনাক গভীৰ উদ্বেগ প্ৰকাশ কৰিছে অসম বাৰ্তাজীৱী সংঘই। সংঘই অনুষ্ঠিত কৰা এখনি বিশেষ জুম বৈঠকত এই উদ্বিগ্নতা প্ৰকাশ কৰে সভাপতি মধুসুধন মেধি আৰু সাধাৰণ সম্পাদক মুকুট ৰাজ শৰ্মাই। ৰাজ্যখনৰ ২৭খন জিলাৰ প্ৰতিনিধি, ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য আৰু নিৰ্বাচিত ৰাজ্যিক কাৰ্যনিৰ্বাহকে অংশগ্ৰহণ কৰা উক্ত সভাত সাংবাদিক আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দিয়া হয়।

উক্ত সভাতে ৰাজ্যখনৰ সাংবাদিক সকলৰ নিৰাপত্তাৰ বাবে এখনি সুকীয়া সাংবাদিক সুৰক্ষা আইন প্ৰণয়ন কৰিবলৈ অসম চৰকাৰক দাবী জনোৱা হয়। যি আইনৰ জড়িয়তে কতব্যৰত সাংবাদিক সকলক সুৰক্ষা প্ৰদান কৰা হব।

আনহাতে আজিৰ সভাতে ক্ৰমবৰ্ধমান সাংবাদিক আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত ৰাজ্যজুৰি এক আন্দোলনৰ কাৰ্যসূচীও ঘোষণা কৰে অসম বাৰ্তাজীৱী সংঘই । সেই অনুসৰি অহা ৮ জুলাইত অসমৰ সকলো জিলা সমিতিয়ে সাংবাদিকৰ নিৰাপত্তা আৰু সুৰক্ষা বিচাৰি জিলা আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিব।

আনহাতে আজিৰ সভাতে চলিত মাহতে গুৱাহাটীত কেন্দ্ৰীয় ভাৱে এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰাজ্যিক উপ সভাপতি অঞ্জন কুমাৰ শৰ্মা , কাৰ্যালয় সম্পাদক হেমন্ত বৰ্মন, কাৰ্যনিৰ্বাহক ভাস্কৰ শৰ্মা, অশ্বিনী দুৱৰা, প্ৰশান্ত মোদক উপস্থিত থকা আজিৰ বৈঠকত আই এফ ডব্লিউ জেৰ ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য ক্ৰমে ৰাণাজ্যোতি নেওগ, কিশোৰজ্যোতি শৰ্মা , আশিকুৰ ৰহমান , ভাস্কৰ জোতি মেধি ৰাহুল চক্ৰৱৰ্তীয়ে অংশগ্ৰহণ কৰে।

তদুপৰি ধেমাজি জিলাৰ সভাপতি ভাস্কৰ সভাপণ্ডিত, নলবাৰীৰ সভাপতি ব্ৰজেন তালুকদাৰ, গোৱালপাৰাৰ সভাপতি চৈয়দ ৰবিউল হক , সম্পাদক জাহিদুল ইছলাম, হোজাইৰ সভাপতি মুকুল গোস্বামী , কামৰূপ জিলাৰ সভাপতি বিকাশ দাস, ওদালগুৰিৰ সভাপতি মোছাদ্দিক হুছেইন , শ্ৰীভূমিৰ সভাপতি অসীম দেব, বাক্সাৰ সভাপতি ৰাজীৱ তালুকদাৰ , সম্পাদক ভাৰত ৰাজবংশী; বিশ্বনাথ জিলাৰ দীপক শৰ্ম , দৰং জিলাৰ সম্পাদক লক্ষীনন্দন কলিতা , বজালীৰ সম্পাদক হীৰেন কলিতা ,শিবসাগৰত সম্পাদক মনোজ গগৈ , ধুবুৰীৰ সম্পাদক ইৰফান খণ্ডকাৰ; দক্ষিণ শালমাৰা মানকাচৰৰ সভাপতি শ্বাজাহান আলী. ধেমাজিৰ গৌতম পেগু , হাইলাকান্দিৰ সম্পাদক অনুপম সিংহ , উত্তৰ পুব মণ্ডলৰ সম্পাদক জগত বৰা আদিয়ে অংশগ্ৰহণ কৰে ।

উক্ত সভাৰ পিছতে সভাপতি মধুসুধন মেধি আৰু সাধাৰণ সম্পাদক মুকুট ৰাজ শৰ্মাই এক বিবৃতিত কয় যে অসমৰ শোষিত বঞ্চিত শ্ৰেণীৰ ভিতৰত সাংবাদিক সকল হৈছে অন্যতম। দিনে নিশাই ৰাইজৰ হৈ সেৱা আগবঢ়োৱা সাংবাদিক সকল আজিও প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আহিছে। আৰ্থিক ভাৱে দুৰ্বল সাংবাদিক সকলে চৰকাৰে সাধাৰণ ৰাইজৰ বাবে ঘোষিত আঁচনিসমূহো লাভ নকৰে । বৰঞ্চ বহু সময়ত মন্ত্ৰী -বিধায়ক , নেতা সকলৰ বিভিন্ন তুচ্ছ তাচ্ছিল্যৰ সন্মুখীন হৈ আহিব লগীয়া হৈছে বুলি কয়। যিটো সাংবাদিক সকলৰ বাবেই নহয় অসমৰ সমাজ জীৱনৰ বাবেই দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে।

অসম বাৰ্তাজীৱী সংঘই ৰাজ্যখনত কৰ্মৰত ৪০ হাজাৰ সাংবাদিক, সংবাদ কৰ্মীৰ দ-দৰমহা নিশ্চিত কৰাৰ লগতে নিৰাপত্তাৰ দিশটো সুনিশ্চিত কৰিবলৈও চৰকাৰক দাবী জনায় । সংঘই অহা ৮ জুলাইত গুৱাহাটীত এখনি জৰুৰী কাৰ্যনিৰ্বাহক সভা আহ্বান কৰিছে বুলিও বিবৃতিযোগে জনাইছে ।

Niyomiya Barta Desk, Date of Published, 7 July

You might also like