নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এলিভেটেড কৰিড’ৰ হ’ব বিমানবন্দৰৰ পৰা জালুকবাৰীলৈ

গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰৰ পৰা জালুকবাৰীলৈকে নির্মাণ কৰা হ’ব এলিভেটেড কৰিড’ৰ৷ কেন্দ্রীয় ৰাষ্ট্রীয় ঘাইপথ পৰিবহণ মন্ত্রালয়ৰ উদ্যোগত চলিত বর্ষতে এই এলিভেটেড কৰিড’ৰ নির্মাণৰ কাম আৰম্ভ হ’ব৷ এই ঘোষণা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷

উল্লেখ্য যে দ্রুতগতিত আন্তঃগাঁথনি নির্মাণৰ এক উল্লেখনীয় নিদর্শনৰূপে পূর্বনির্ধাৰিত সময়তকৈ অর্ধেককালতে নির্মাণ সম্পূর্ণ হোৱা গুৱাহাটীৰ ডাউন টাউন পইণ্টৰ ৰুক্মিণীগাঁও পথ আৰু বৰমটৰীয়া সংযোগী পথত নির্মিত উৰণ সেতু কালি মুকলি কৰা হয়।

ড০ শর্মাই কয় যে গণেশগুৰিত থকা উৰণ সেতুখনত অতিৰিক্ত বাহু সংযোজন, আর্য নগৰ, মালিগাঁও, ৰাধাগোবিন্দ বৰুৱা পথত উৰণ সেতু নির্মাণ আৰু ভৰলুমুখত ‘এলিভেটেড কৰিডৰ’ নির্মাণৰ কথা উল্লেখ কৰি কয় যে এনে যাতায়াতৰ আন্তঃগাঁথনিসমূহ বর্তমানৰ ৰাজ্য চৰকাৰখনৰ চাৰে চাৰিবছৰীয়া পৰিশ্রমৰ ফচল৷ অহা বছৰৰ ফেব্রুৱাৰী মাহত চাইকেল ফেক্টৰী আৰু ভৰলুমুখত নির্মীয়মাণ উৰণ সেতু দুখন মুকলি কৰিব পৰা যাব৷

আনহাতে, নুনমাটিৰ পৰা চানমাৰি সংযোগী উৰণ সেতুখন আগন্তুক ব’হাগ মাহত মুকলি কৰাৰ বাবে ৰাজ্য চৰকাৰে প্রয়াস কৰিছে৷ তেওঁ লগতে সদৰী কৰে যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে চলিত বর্ষৰ ছেপ্ঢেম্বৰ মাহত নাৰেংগী–কুৰুৱা সংযোগী দলং আৰু গুৱাহাটীৰ প্রস্তাৱিত ৰিং ৰোডৰ আধাৰশিলা স্থাপন কৰিব৷ তেনেদৰে আগন্তুক বর্ষৰ জানুৱাৰী মাহত গুৱাহাটী–উত্তৰ–গুৱা সংযোগী দলং আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব৷ চলিত বর্ষৰ নৱেম্বৰ মাহত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰত নতুন টার্মিনেল ভৱন উদ্বোধন কৰা হ’ব৷

ড০ শর্মাই মন্তব্য কৰে যে নতুন দিল্লীয়ে উত্তৰ ভাৰত, মুম্বাই– আহমেদাবাদে পশ্চিম ভাৰত, চেন্নাই, হায়দৰাবাদ আৰু বেংগালুৰুৱে দক্ষিণ ভাৰত তথা কলকাতাই পূব ভাৰতৰ জনসাধাৰণক যিদৰে বিপুল কর্মসংস্থাপনৰ সুবিধা প্রদান কৰি আহিছে, তেনেদৰে গুৱাহাটী মহানগৰীয়ে কেৱল অসমৰে নহয় সমগ্র উত্তৰ–পূর্বাঞ্চলক কর্মসংস্থাপনৰ সুযোগ–সুবিধা প্রদান কৰিছে৷ সম্প্রতি গুৱাহাটী মহানগৰীয়ে ১০ লাখ লোকৰ বাবে জীৱিকা অর্জনৰ পথ মুকলি কৰিছে৷ মাত্র কেইহাজাৰমান টকাৰ বাবে ৰাজ্যৰ বাহিৰত সংস্থাপনৰ বাবে যাতে অসমৰ কোনো যুৱক–যুৱতী যাবলগীয়া নহয় তেনে দৃষ্টিভংগীৰে ৰাজ্য চৰকাৰে কাম কৰি আহিছে৷

তেওঁ লগতে কয় যে গুৱাহাটী–উত্তৰ গুৱাহাটী সংযোগী দলং আৰু নাৰেংগী–কুৰুৱা সংযোগী দলঙে এক বিস্তৃত পৰিসৰলৈ মহানগৰখনৰ প্রসাৰ ঘটাব৷ ইয়াৰ সমান্তৰালকৈ বর্তমানৰ তুলনাত কর্মসংস্থাপনৰ সুযোগো অধিক বৃদ্ধি পাব৷ ইতিমধ্যে বহুকেইটা বহুজাতিক প্রতিষ্ঠানে গুৱাহাটী মহানগৰীত ‘কল চেণ্টাৰ’ স্থাপনৰ বাবে আগ্রহ প্রকাশ কৰিছে৷ একোখন মহানগৰীৰ বিকাশে লাখ লাখ লোকৰ কর্মসংস্থাপনৰ বাট মুকলি কৰে৷ বর্তমানৰ ৰাজ্য চৰকাৰে সেয়ে গুৱাহাটীৰ সমান্তৰালকৈ ডিব্রুগড, যোৰহাট, তেজপুৰ, শিলচৰৰ দৰে নগৰসমূহৰো আন্তঃগাঁথনি উন্নয়নত গুৰুত্ব আৰোপ কৰিছে৷

ইয়াৰ আধাৰতে ডিব্রুগড আৰু যোৰহাটত দুখনকৈ উৰণ সেতু ইতিমধ্যে নির্মাণ কৰা হৈছে৷ যোৰহাটত তৃতীয়খন উৰণ সেতু নির্মাণৰ কাম আগন্তুক বর্ষত আৰম্ভ কৰা হ’ব৷ ৰাজ্য চৰকাৰে লোৱা প্রয়াসৰ বাবে অসমে আজি অর্থনৈতিক বিকাশৰ দিশেৰেও আগুৱাই গৈছে বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ভাৰতীয় ৰিজার্ভ বেংকে যোৱা বছৰ অসম দেশৰ ভিতৰতে তৃতীয় সর্বাধিক অর্থনৈতিকভাৱে প্রগতিশীল ৰাজ্য হিচাপে স্বীকৃতি প্রদান কৰিছে৷

Niyomiya Barta Desk, Date of Published, 7 July

You might also like