নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰষুণ নাই : বাক্সাৰ ছিঁৰাল ফটা পথাৰত মূৰে-কপালে হাত দি কৃষকৰ হাহাকাৰ

যি সময়ত পথাৰবোৰত ৰোৱনী হালোৱাৰে ভৰি পৰিব লাগিছিল সেই সময়ত  বাক্সা জিলাৰ ককলাবাৰী পৰিষদীয় সমষ্টিৰ কৃষকসকল চৰম অনিশ্চয়তা আৰু দুঃচিন্তাত ভুগিবলগীয়া হৈছে।  বৰষুণৰ অভাৱত এক খৰাং সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে।  কঠিয়া ৰুবলৈ সাজু কৰা বোকা দিয়া  কৃষকৰ কৃষিভূমিত চিৰাল ফাট মেলিছে।

চৰকাৰী পানীযোগানৰ ব্যৱস্থা থকা একাংশ কৃষকে কিছু পৰিমাণে কৃষিকাৰ্য সম্পাদন কৰিছে যদিও গৰিষ্ঠ সংখ্যক কৃষকে পথাৰত পানীৰ অভাৱতে কৃষিকাৰ্য কৰিব পৰা নাই। বাক্সা জিলাৰ জালাহ ৰাজহ চক্ৰৰ শ শ কৃষকে কঠিয়া ৰুবলৈ প্ৰস্তুত কৰা মাটি চিৰাল ফাট মেলি শুকাই যোৱাত কৃষকসকলে মূৰে-কপালে হাত দিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে।

এনেদৰে আৰু কেইদিনমান অতিবাহিত হ’বলৈ হ’লে কঠিয়াবোৰো শুকাই যাব বুলি ভুক্তভোগী কৃষকে মত প্ৰকাশ কৰিছে। জিলাখনৰ জালাহ ৰাজহ চক্ৰৰ অন্তৰ্গত ভেৱলা, চহোগুৰি, ভলুকামুৰী,পূৱ খাগ্ৰাবাৰী , নতুন বৰলা, আঙ্গুলীয়া,  টকুৰাকুছি,জালাহ, সস্তৰ, চৰ্ণা , ভোটেপোৱাবড়ী, পশ্চিম খাগ্ৰাবাৰী আদি অঞ্চলৰ শ শ কৃষকে পানীৰ অভাৱৰ বাবে কৃষিকাৰ্য কৰিব পৰা নাই । এ

নে অৱস্থাত ঠায়ে ঠায়ে ভেকুলী বিয়া পতাৰ কথাও কৃষক ৰাইজে চিন্তা কৰিছে। আনহাতে দুৰ্দশাগ্ৰস্ত কৃষকসকলে জলসিঞ্চনৰ সুবিধা নথকা মাটিত জলসিঞ্চনৰ ব্যৱস্থা কৰি দি  কৃষকক বৰষুণৰ ওপৰত নিৰ্ভৰ নকৰাকৈ কৃষিকাৰ্য সম্পন্ন কৰাৰ সুবিধা প্ৰদানৰ ব্যৱস্থা কৰিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে ।

নিয়মীয়া বাৰ্তা, জালাহ : Date of Published, 8 July

You might also like