নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাপৰত উচ্ছেদস্থলীত ভয়ংকৰ ঘটনা, এক্সেভেটৰত ইটা-যাঠীৰে আক্ৰমণ, আৰক্ষীলৈ শিলগুটি নিক্ষেপ

ধুবুৰীত চলি আছে ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। পিছে ধুবুৰীৰ চাপৰৰ উচ্ছেথলীত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আৰক্ষী-প্ৰশাসনৰ লগতে এক্সেভেটৰত ইটা-যাঠীৰে আক্ৰমণ চলাইছে একাংশ বেদখলকাৰীয়ে।

ধুবুৰীৰ চাপৰত অব্যাহত ৰাজ্যৰ সৰ্ববৃহৎ অভিযান। প্ৰায় ৩ হাজাৰ ৫০০ বিঘা ভূমিত প্ৰশাসনে চলাইছে বুলড’জাৰ। চাৰুৱাবাক্ৰা, চিৰাকুটা আৰু সন্তোষপুৰ গাঁৱত উচ্ছেদ অভিযান চলাইছে প্ৰশাসনে।

ইফালে ধুবুৰীৰ চাপৰৰ উচ্ছেদথলীত উপস্থিত হৈছে বিধায়ক অখিল গগৈ। কিন্তু তাত প্ৰৱেশৰ অনুমতি নিদিলে প্ৰশাসনে। ইফালে ধুবুৰীৰ চাপৰৰ উচ্ছেদস্থলীত সংখ্যালঘুৰ ত্ৰাণকৰ্তাৰ ৰূপত বিধায়ক অখিল গগৈ।

বিলাসীপাৰাত চলিছে অসমৰ ভিতৰত সৰ্ব বৃহৎ উচ্ছেদ অভিযান। পুৱা ৬ বজাৰ পৰা সাজু হৈ আছে জিলা প্ৰশাসন। সাজু শ শ বুলড’জাৰ, উচ্ছেদৰ বাবে উপস্থিত হাজাৰ হাজাৰ আৰক্ষী, অৰ্ধসামৰিক বাহিনী দ’ল বিলাসীপাৰাত যুদ্ধংদেহি পৰিস্থিতি। ইতিমধ্যে উচ্ছেদিত পৰিয়ালে নিজৰ নিজৰ সপোনৰ ঘৰ বাৰী ভাঙি লৈ বেলেগ ঠাইলৈ যাত্ৰা আৰম্ভ কৰিছে। উচ্ছেদিত পৰিয়ালৰ প্ৰায় ৯৫ শতাংশ ঘৰ বাৰী ভাঙি বেলেগ ঠাইলৈ গৈ গৈছে।

উল্লেখ্য যে তাপবিদ্যুৎ প্ৰকল্পৰ বাবে উল্লেখিত অঞ্চল সমূহৰ ৩৫০০ হাজাৰ বিঘা ভূমি অধিগ্ৰহণ কৰি চৰকাৰে এ.পি.ডি.চি.এলক হস্তান্তৰ কৰিছে। এই অঞ্চলৰ প্ৰায় ১০৬৯ পৰিয়ালক উচ্ছেদ কৰিব প্ৰশাসনে। গৃহহীন হৈছে ১০ হাজাৰ লোক। এবাৰ এই ভূমি পৰ্যবেক্ষণ কৰিছে আদানি গ্ৰুপৰ পৰিচালক জিৎ আদানিয়ে। ইয়াত ৪০ হাজাৰ কোটি টকা ব্যায় সাপেক্ষে নিৰ্মাণ হ’ব তাপবিদ্যুৎ প্ৰকল্প প্ৰজেক্টটো।

Niyomiya Barta Desk, Date of Published, 8 July

You might also like