নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

GMCH-ত অগ্নিকাণ্ড, ৰোগী-আত্মীয়ৰ মাজত আতংক

GMCH-ত অগ্নিকাণ্ড, ৰোগী আৰু আত্মীয়ৰ মাজত আতংক।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত (GMCH) আজি দিনৰ দুপৰীয়া প্ৰায় ১২ বজাতত অস্থি চিকিৎসা বিভাগৰ সৰু অপাৰেচন থিয়েটাৰত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।

এই ঘটনাই হাস্পতালত উপস্থিত ৰোগী, তেওঁলোকৰ আত্মীয় আৰু অন্যান্য কৰ্মচাৰীৰ মাজত ব্যাপক আতংক সৃষ্টি কৰে। ভিডিঅ’ত দেখা গৈছে যে GMCHৰ পিছফালৰ দিশৰ পৰা ধোঁৱা ওলাইছিল।

অগ্নিবাহিনীক অবিলম্বে খবৰ দিয়া হয় আৰু তেওঁলোক ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণত আনে। তিনিটা অগ্নিনিৰ্বাপক বাহিনীৰ সহায়ত জুই সম্পূৰ্ণ নিৰ্বাপণ কৰাৰ চেষ্টা কৰা হয়।

অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে স্পষ্ট নহয়। সৌভাগ্যবশতঃ এই ঘটনাত কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই বুলি জনা গৈছে।

বৰ্তমান জুই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত বুলি জানিব পৰা গৈছে।

Niyomiya Barta Desk, Date of Published, 8 July, 2025

You might also like