নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত UPSC-APSC প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে বিনামূলীয়া প্রশিক্ষণ

বিধায়ক ভৱেশ কলিতাৰ উদ্যোগত মিছন চুপাৰ - ৪০

UPSC-APSC প্রতিযোগিতামূলক পৰীক্ষা : ৰঙিয়া বিধানসভা সমষ্টিৰ বিধায়ক ভৱেশ কলিতাৰ উদ্যোগত কেন্দ্ৰীয় লোকসেৱা আয়োগ আৰু অসম লোকসেৱা আয়োগৰ প্রতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা ৰঙিয়াৰ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ বাবে এক বিনামূলীয়া বিশেষ প্রশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে

‘মিছন চুপাৰ – ৪০’ নামেৰে এই শিবিৰৰ আয়োজন কৰা হৈছে । অসমৰ এক আগশাৰীৰ প্রশিক্ষণ প্রতিষ্ঠান বৰঠাকুৰ আইএএছ একাডেমীৰ অভিজ্ঞ প্রশিক্ষকসকলৰ লগতে কেইবাজনো বিশিষ্ট প্রশাসনিক বিষয়াৰ তত্ত্বাৱধানত এই প্রশিক্ষণ শিবিৰ পৰিচালিত হ’ব।

ৰঙিয়াৰ ছাত্ৰ-ছাত্ৰীসকলক এপিএছচি আৰু ইউপিএছচি পৰীক্ষাৰ বাবে উপযুক্ত প্রশিক্ষণৰ ব্যৱস্থা কৰি ছাত্ৰ-ছাত্ৰী সকলক উপকৃত কৰাই হৈছে এই শিবিৰৰ উদ্দেশ্য। কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ স্নাতক তথা স্নাতকোত্তৰ ডিগ্রীধাৰী ছাত্ৰ-ছাত্ৰীৰ লগতে কাৰিকৰী শিক্ষাৰ স্নাতকসকলে এই শিবিৰত অংশগ্ৰহণৰ বাবে আবেদন কৰিব পাৰিব।

মূল উদ্যোক্তা বিধায়ক কলিতাই  কয় যে “এই শিবিৰৰ জৰিয়তে আমি ৰঙিয়াৰ মেধাৱী যুৱক-যুৱতীসকলক তেওঁলোকৰ সপোন পূৰণৰ দিশত আগবঢ়াই নিয়াৰ এক সুবর্ণ সুযোগ প্ৰদান কৰিব বিচাৰিছোঁ ।

UPSC-APSCৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰি আমাৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে দেশৰ প্রশাসনিক ক্ষেত্ৰত নিজৰ স্থান সুনিশ্চিত কৰাই হৈছে আমাৰ লক্ষ্য।” আবেদনকাৰীক ১৫ জুলাইৰ ভিতৰত নথি পত্ৰ জমা দিয়াৰ লগতে 70023-76845, 86382-64402 নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তাই আহ্বান জনাইছে ।

নিয়মীয়া বাৰ্তা , ৰঙিয়া : Date of Published, 9 July, 2025

You might also like