নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : শিক্ষা জগতত নতুন দিগন্ত

বিশেষকৈ মহিলাৰ সাক্ষৰতাৰ হাৰ প্রায় ৬৬ শতাংশ আৰু পুৰুষৰ প্রায় ৭৮ শতাংশ৷ এই পৰিসংখ্যাই স্পষ্ট কৰি দিয়ে যে শিক্ষালাভৰ ক্ষেত্রত অসমত লিংগভিত্তিক বৈষম্য এতিয়াও এক গুৰুত্বপূর্ণ সমস্যা হৈয়ে আছে৷

সম্পাদকীয় : সাংস্কৃতিক আৰু ঐতিহাসিক দিশৰ পৰা অসম এখন সমৃদ্ধ ৰাজ্য হোৱা সত্ত্বেও বর্তমান সময়ত অসমৰ শিক্ষা জগতখনৰ স্বাস্থ্য খুব উন্নত বুলি ক’ব নোৱাৰি৷ অসমৰ জনসংখ্যাৰ প্রায় ৭২ শতাংশ লোক সাক্ষৰ আৰু ই এটা হতিবাচক সূচক৷ তথাপি এহ ইতিবাচক সংখ্যাটোৰ মাজতেই বহু সমস্যাৰ কথা লুকাই আছে, যিবোৰৰ সমাধান অবিহনে অসমৰ ডন্নয়নৰ গতি একেদৰেই থাকিব৷

বিশেষকৈ মহিলাৰ সাক্ষৰতাৰ হাৰ প্রায় ৬৬ শতাংশ আৰু পুৰুষৰ প্রায় ৭৮ শতাংশ৷ এই পৰিসংখ্যাই স্পষ্ট কৰি দিয়ে যে শিক্ষালাভৰ ক্ষেত্রত অসমত লিংগভিত্তিক বৈষম্য এতিয়াও এক গুৰুত্বপূর্ণ সমস্যা হৈয়ে আছে৷ ঠিক তেনেদৰে শিক্ষা আৰু সাক্ষৰতাৰ দিশতো অঞ্চলভেদে যথেষ্ট পার্থক্য দেখা যায়৷ কামৰূপ মহানগৰ জিলাৰ সাক্ষৰতাৰ হাৰ প্রায় ৮৯ শতাংশ আৰু তাৰ বিপৰীতে ধুবুৰী জিলাৰ মাত্র ৫৮.৩৪ শতাংশ৷ এহ বিশাল পার্থক্যহ স্পষ্টকৈ দেখুৱাই দিয়ে যে নগৰ আৰু গ্রামাঞ্চল, উন্নত আৰু পিছপৰা অঞ্চলৰ মাজত শিক্ষাৰ সুযোগ প্রদানৰ ক্ষেত্রত ভালেখিনি ব্যৱধান আছে৷ বিশেষকৈ প্রান্তীয় অঞ্চল আৰু সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত শিক্ষাৰ গুণগত মান ডন্নত কৰাৰ প্রয়োজন আছে৷

শেহতীয়া তথ্য অনুসৰি, অসমৰ বিদ্যালয়বোৰত নামভর্তিৰ হাৰ প্রায় ৬ শতাংশ কমিছে৷ শিক্ষাৰ জগতত এই পৰিসংখ্যাই এক বিপদ সংকেত প্রেৰণ কৰিছে৷ নামভর্তি হ্রাসৰ নেপথ্যত বিভিন্ন কাৰণ আছে৷ তেনেদৰে বিদ্যালয় পৰিত্যাগৰ হাৰো যথেষ্ট চিন্তাৰ বিষয় হৈ পৰিছে৷ অৱশ্যে এই দিশত চৰকাৰে বিশেষ পদক্ষেপ গ্রহণ কৰিছে৷ শিক্ষাৰ উন্নয়নৰ বাবে অসম চৰকাৰে লোৱা এটি বিশেষ আঁচনি হ’ল অক্ষৰ অসম৷ এই অভিযানৰ জৰিয়তে ছাত্র–ছাত্রীক শিক্ষাৰ প্রতি উৎসাহিত কৰা হৈছে৷ এই অভিযানৰ অধীনত শিক্ষক প্রশিক্ষণ, ছাত্র–ছাত্রীক উৎসাহিত কৰাৰ লগতে লিংগবৈষম্য হ্রাসৰ কথাটোতো বিশেষ গুৰুত্ব দিয়া হৈছে৷ শিক্ষাৰ গুণগত মান উন্নত কৰাৰ ক্ষেত্রত চৰকাৰে বিনামূলীয়া পাঠ্যপুথি, ইউনিফর্ম আৰু মধ্যাহ্ণ আহাৰ আঁচনি চলাইছে৷ কিন্তু এই আঁচনিবোৰ ৰূপায়ণ কৰা সময়ত কার্যক্ষেত্রত আসোঁৱাহ ৰৈ যোৱা বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপিত হয়৷ এই অভিযোগ উঠিব নোৱৰা ব্যৱস্থাটিও চৰকাৰেই কৰিব লাগিব৷

শিক্ষাৰ অধিকাৰ এতিয়া মৌলিক অধিকাৰ৷ এখন কল্যাণকামী চৰকাৰে সকলো নাগৰিককে সমভাৱে শিক্ষাৰ সুবিধা দিব লাগিব৷ বিশেষকৈ গ্রামাঞ্চল আৰু পিছপৰা অঞ্চলসমূহত শিক্ষাৰ সুবিধা বৃদ্ধি কৰাটো অন্যতম প্রধান কাম৷ আধুনিক ৰূপত নতুন নতুন বিদ্যালয় আৰম্ভ, পুৰণি বিদ্যালয়ক নতুন ৰূপ দিয়া, গ্রন্থাগাৰ আৰু ডিজিটেল শিক্ষাৰ সুবিধা দিয়াৰ দৰে কাম চৰকাৰে কৰিবই লাগিব৷ শিক্ষা লাভৰ ক্ষেত্রত দেখা যোৱা লিংগবৈষম্যৰ ছবিখন নোহোৱা কৰাটোও চৰকাৰৰে দায়িত্ব৷

ছাত্রীসকলৰ বাবে বৃত্তি আৰু বিনামূলীয়া শিক্ষা সামগ্রী বিতৰণৰ পৰিমাণ বৃদ্ধি কৰি চৰকাৰে অধিক আগ্রাসী মনোভাব আৰু কার্যপন্থা গ্রহণ কৰাটো সমাজখনৰ বাবে প্রেৰণাদায়ক হ’ব৷ একে সময়তে বিদ্যালয়ত ছাত্রীসকলৰ সুৰক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্রত পাবলগীয়া সুবিধাৰ দিশটোও নিশ্চিত কৰিব পাৰিব লাগিব৷ শিক্ষা অকল শিক্ষার্থী আৰু বিদ্যালয়ৰ মাজতেই সীমাবদ্ধ হৈ নাথাকে৷ অভিভাৱকে এইক্ষেত্রত এটি বিশেষ ভূমিকা পালন কৰে৷ কিন্তু এতিয়াও শিক্ষাৰ কথা আলোচনা হ’লে অভিভাৱকৰ অংশগ্রহণৰ প্রসংগটি এৰাই চলা হয়৷

বিদ্যালয়ত এদিন অভিভাৱক সন্মিলন পাতি এই প্রয়োজন পূৰণ কৰিব নোৱাৰি৷ অভিভাৱকসকল যে শিক্ষা ব্যৱস্থাটিৰ এটি অংগ, বিশেষকৈ মাধ্যমিক পর্যায়লৈ, এই কথাটি প্রতিষ্ঠা কৰিব পাৰিব লাগিব আৰু শিক্ষা সংক্রান্তীয় নীতি নির্ধাৰণ কৰা সময়তো অভিভাৱকৰ মতামত শুনাৰ ব্যৱস্থা ৰাখিব লাগিব৷ বিগত কেইবছৰমানৰ পৰা চৰকাৰে শিক্ষকসকলক বিভিন্ন ধৰণৰ অনা–শিক্ষা কামত নিয়োগ কৰি আহিছে৷ এই ব্যৱস্থাই শিক্ষকসকলৰ মানসিক প্রস্তুতিও নষ্ট কৰিছে৷

চৰকাৰী চাকৰিয়াল শিক্ষকসকলক সাধাৰণতে বিদ্যালয়ৰ মুৰব্বীয়ে নিয়ন্ত্রণ কৰে আৰু এইটো স্বাভাৱিক আৰু গ্রহণযোগ্য কথা৷ শিক্ষকসকলৰ সকলো সমস্যা বিদ্যালয়ৰ মাজতে সমাধান কৰাৰ ব্যৱস্থা চৰকাৰে কৰিব পাৰিলে ভাল হয়৷ এটা অভিযোগ প্রায়েই উত্থাপিত হয় যে অনা–শিক্ষা বিষয়ৰ কাম কৰিবলৈ যাওঁতে বিভিন্ন চৰকাৰী বিষয়াই আনকি শিক্ষাগত অর্হতা কম থকা কর্মচাৰীয়েও শিক্ষকসকলক অসন্মান কৰে৷ শিক্ষকসকলৰ মর্যাদা ৰক্ষাৰ দায়িত্ব লৈ চৰকাৰে এনে পৰিৱেশ সৃষ্টি কৰিব লাগে যাতে এনে অভিযোগ উত্থাপন হোৱাৰ কোনো সুৰুঙাই নাথাকে৷ সমাজ গঢ়াৰ প্রধান দায়িত্ব শিক্ষকসকলৰ, তেওঁলোকৰ মর্যাদা ৰক্ষাৰ দায়িত্ব চৰকাৰে লোৱা উচিত৷ তেতিয়াহে শিক্ষাৰ জগতত নতুন দিগন্তৰ সূচনা হোৱাৰ পৰিৱেশ ৰচিত হ’ব৷

You might also like