নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৈদ্যুতিক-চিএনজি বাছ চলাচলৰ বিৰোধিতা, চিটীবাছ-ৰ মালিক–চালকৰ হাহাকাৰ

পৰিবহণ বিভাগৰ সহকাৰী আয়ুক্তক স্মাৰক–পত্র মহানগৰ পৰিবহণ সন্থাৰ

আঞ্চলিক পৰিবহণ প্রাধিকাৰীয়ে ২৩ আৰু ৩৬নং পথত ডিজেলচালিত চিটীবাছৰ চলাচল বন্ধ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ চলিত বর্ষৰ ৩১ ডিচেম্বৰৰ পূর্বে উক্ত পথ দুটাত চলাচল কৰা চিটীবাছসমূহ অন্য পথলৈ স্থানান্তৰিত কৰিবলৈ মহানগৰ জিলা পৰিবহণ বিভাগে চিটীবাছ মালিকসকলক আহ্বান জনাইছে৷ পৰিবহণ বিভাগৰ এই সিদ্ধান্তত বিপদত পৰিছে চিটীবাছ মালিকসকল৷

২৩নং পথত খানাপাৰাৰ পৰা ধাৰাপুৰলৈ আৰু ৩৬নং পথত বশিষ্ঠৰ পৰা ধাৰাপুৰলৈ সর্বমুঠ ১৬৭খন ডিজেলচালিত চিটীবাছ চলাচল কৰি আছে৷ পৰিবহণ বিভাগৰ এই সিদ্ধান্তৰ তীব্র বিৰোধিতা কৰিছে গুৱাহাটী মহানগৰ পৰিবহণ সন্থাই৷ সন্থাৰ সাধাৰণ সম্পাদক দেৱৰাজ দাসে আঞ্চলিক পৰিবহণ প্রাধিকাৰীৰ এই সিদ্ধান্তক পুনৰ বিবেচনা কৰাৰ আহ্বান জনাই যোৱা ৫ জুলাইত সহকাৰী পৰিবহণ আয়ুক্তক এখন স্মাৰক–পত্র প্রদান কৰে৷

স্মাৰক–পত্রত উল্লেখ কৰা অনুসৰি পৰিবহণ বিভাগৰ নীতি–নির্দেশনা মানি চিটীবাছসমূহ ২৩ আৰু ৩৬নং পথত চলাচল কৰি আহিছে৷ হঠাৎ পৰিবহণ বিভাগে এই পথ দুটা ‘গ্রীন ৰোড’ হিচাপে ঘোষণা কৰি পহিলা জানুৱাৰীৰ পৰা পথ দুটাত বিদ্যুৎ আৰু চিএনজিচালিত বাছহে চলাচল কৰাৰ সিদ্ধান্ত লৈছে৷ আঞ্চলিক পৰিবহণ প্রাধিকাৰীৰ এই সিদ্ধান্তত ডিজেলচালিত চিটীবাছৰ মালিক, চালক, কণ্ডাক্টৰ আৰু হেণ্ডিমেনসকল ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে৷

চিটীবাছ চলাই পৰিয়াল পোহপাল দিয়া চালক, হেণ্ডিমেন আৰু মালিকসকলে তেওঁলোকৰ ভৱিষ্যতৰ স্বার্থত পৰিবহণ বিভাগক সিদ্ধান্তৰ পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছে৷ পৰিবহণ বিভাগৰ নীতি–নির্দেশনা অনুসৰি চিটীবাছৰ সৰহসংখ্যক মালিকে লোন লৈ চিটীবাছ ক্রয় কৰি চলাই আহিছে৷

অসম ৰাজ্যিক পৰিবহণ বিভাগৰ অধীনত মহানগৰীত গ্রীন বাছসমূহ চলাচল কৰি আছে যদিও প্রকৃততে দুটা ব্যক্তিগত কোম্পানীয়েহে এএছটিচিৰ বেনাৰত গ্রীন বাছসমূহ চলাই আহিছে বুলি সন্থাৰ সাধাৰণ সম্পাদক দেৱৰাজ দাসে অভিযোগ কৰিছে৷ ব্যক্তিগত কোম্পানীৰ লাভালাভৰ স্বার্থত প্রদূষণমুক্ত গুৱাহাটী গঢ়াৰ লক্ষ্যৰে ২৩ আৰু ৩৬নং পথত ডিজেলচালিত চিটীবাছৰ চলাচল বন্ধ কৰাৰ ষড়যন্ত্রত পৰিবহণ বিভাগ লিপ্ত হোৱা বুলি সন্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে অভিযোগ কৰিছে৷

পৰিবহণ বিভাগে উক্ত পথ দুটাত চলাচল কৰা ডিজেলচালিত চিটীবাছসমূহ বিদ্যুৎ আৰু চিএনজি কিট লগাই চলাচল কৰিবলৈ আহ্বান জনাইছে৷ কিন্তু বিদ্যুৎ আৰু চিএনজি কিট লগাবলৈ ৫ লক্ষাধিক টকাৰ খৰত হয়৷ এই বৃহৎ পৰিমাণৰ ধনৰাশি ডিজেলচালিত চিটীবাছৰ মালিকসকলে ব্যয় কৰাটো বর্তমান সময়ত অসম্ভৱ বুলি সন্থাৰ সম্পাদকগৰাকীয়ে জানিবলৈ দিছে৷ সেয়েহে আঞ্চলিক পৰিবহণ প্রাধিকাৰীয়ে লোৱা গ্রীন ৰোডৰ পৰিকল্পনা পুনৰ বিবেচনা কৰিবলৈ সন্থাই আহ্বান জনাইছে৷

Niyomiya Barta Desk, Date of Published, 9 July, 2025

You might also like